ৰিপুণ বৰাক লৈ আপত্তি নাই ভূপেন বৰাৰ... 
বিশেষ প্ৰতিবেদন

ৰিপুণ বৰাক লৈ আপত্তি নাই ভূপেন বৰাৰ...

Asomiya Pratidin
ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে টঙালি বান্ধিছে ২০২৬ লৈ। দল এৰি গুচি যোৱা শক্তিশালী নেতাই পুনৰ প্ৰত্যাৱৰ্তন কৰিছে কংগ্ৰেছলৈ। তৃণমূল এৰি আকৌ কংগ্ৰেছী হোৱাৰ প্ৰস্তুতি চলাইছে ৰিপুণ বৰাই। সমান্তৰালভাৱে চৰ্চাত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ খবৰ। প্ৰকৃততে কংগ্ৰেছৰ ভিতৰচৰাত এই মুহূৰ্তত কি চলি আছে? ৰিপুণ বৰাৰ সন্দৰ্ভত কি স্থিতি ভূপেন বৰাৰ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চাত আছে ৰিপুণ বৰা। তৃণমূল কংগ্ৰেছৰ পৰা সদ্য পদত্যাগী নেতাগৰাকীৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা কি হ'ব তাক লৈ আলোচনা চলিছে ৰাজ্যজুৰি। তৃণমূলৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ৰিপুণ বৰাই ভৱিষ্যতে কোন দলত যোগদান কৰিব তাৰ ইংগিত প্ৰদান কৰিছিল।

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ সৈতে হোৱা বাৰ্তালাপত ৰিপুণ বৰাই স্পষ্টকৈ ক'লে যে, তেওঁ তৃণমূল এৰাৰ পাছত কংগ্ৰেছেই হ'ব পৰৱৰ্তী ৰাজনৈতিক ঠিকনা। কংগ্ৰেছৰ বাদে তেওঁ আন কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলিও জানিবলৈ দিয়ে।

বহুতে ৰিপুণ বৰাই 'আপ'ত যোগদান কৰি অসমত 'আপ'ক নেতৃত্ব দিব বুলি ধাৰণা কৰিছিল যদিও সেই সম্ভাৱনা অস্বীকাৰ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। তেওঁ কয়, ''মই কোনো আঞ্চলিক দল বা 'আপ'ত যোগদান নকৰো।'' প্ৰাৰম্ভিকভাৱে কংগ্ৰেছৰ সৈতেই যোগাযোগ চলা বুলিও তেওঁ স্বীকাৰ কৰিলে।

ইফালে ৰিপুণ বৰাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যোগাযোগ কৰাত বৰাই 'অসমীয়া প্ৰতিদিন ডিজিটেল'ক জনাই যে, ৰিপুণ বৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব। তেওঁ যিহেতু প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী পদত অধিস্থিত হৈ দল এৰিছিল গতিকে এনে এজন নেতাৰ পুনৰ দললৈ উভতাৰ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্ব অৰ্থাৎ এ আই চি চিয়েই শেষ সিদ্ধান্ত গ্ৰহণ কৰিব।

ৰিপুণ বৰাৰ পুনৰ দলত যোগদান কৰাৰ সন্দৰ্ভত তেওঁৰ কোনো আপত্তি নাই বুলিও জানিবলৈ দিয়ে। ইফালে বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰিপুণ বৰা প্ৰাৰ্থী হ'ব পাৰে নেকি বুলি ৰিপুণ বৰাকে প্ৰশ্ন কৰাত ডেৰ বছৰৰ বাবে তেওঁ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয় বুলি জানিবলৈ দিয়ে।

ভূপেন বৰায়ো ইংগিত প্ৰদান কৰে যে, দলৰ জ্যেষ্ঠ নেতাই তেওঁক বিহালীত উপ-নিৰ্বাচন খেলিবলৈ অনুৰোধ কৰিছে যদিও তেওঁ সেই বিষয়ে চিন্তা-চৰ্চা কৰা নাই। আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি সন্দৰ্ভত প্ৰকাশিত বাতৰিও অস্বীকাৰ কৰে ভূপেন বৰাই। কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে যিকোনো মুহূৰ্ততে দায়িত্ব এৰিবলৈ সাজু আছে বুলিও জানিবলৈ দিয়ে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ক।

কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন ভূপেন বৰাৰ নেতৃত্বই কংগ্ৰেছে খেলিব। ৰাহুল গান্ধীকে ধৰি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই সেই কথা ইতিমধ্যে নিশ্চিত কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি নহ'লেও দলটোৰ বহু বিষয়ববীয়া সলনি হ'ব অতি কম সময়ৰ ভিতৰত। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক এ আই চি চিয়ে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত কৰাৰো সম্ভাৱনা আছে।