নেতাৰ আঁৰত হেৰাল সাহিত্য, সংস্কৃতিৰ জ্যোতিষ্কঃ 'বুদ্ধ' নিজেই এক আদৰ্শ... 
বিশেষ প্ৰতিবেদন

নেতাৰ আঁৰত হেৰাল সাহিত্য, সংস্কৃতিৰ জ্যোতিষ্কঃ 'বুদ্ধ' নিজেই এক আদৰ্শ...

Asomiya Pratidin
৮০ বছৰ বয়সত ৮ আগষ্ট, ২০২৪ ত মৃত্যু হ'ল প্ৰবীণ বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্যৰ। ৯ আগষ্টত তেওঁৰ শেষকৃত্য। এইগৰাকী ৰাজনৈতিক নেতাৰ জীৱন বহুতৰ বাবে সাধুকথাৰহে নামান্তৰ। আদৰ্শত অটল, সহজ সৰল আচৰণ, সাহিত্য, সংস্কৃতিত দখলকে ধৰি তেওঁ অনেক গুণেৰে সমৃদ্ধ। তেওঁৰ এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

২০০০ চনৰ পৰা ২০১১ চনলৈ তেওঁ আছিল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত। ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈয়েই তেওঁ লাভ কৰিছিল ৰাজ্যিক মন্ত্ৰীত্বৰো দায়িত্ব। দীৰ্ঘদিন ধৰি ক্ষমতাত থাকি তেওঁ অজস্ৰ ধন, সম্পত্তি আহৰণ কৰি আন ৰাজনৈতিক নেতাৰ দৰেই এক বিলাস বহুল জীৱন কটাব পাৰিলে হয় যদিও তেওঁ সেই বিলাসীতাৰ প্ৰতি আকৃষ্ট হোৱা নাছিল।

বিলাস বহুল জৱীনৰ পৰিবৰ্তে আকোৱালি লৈছিল এটা সাধাৰণ জীৱন। তেওঁ বিচাৰিছিল এটা সাধাৰণ পৰিচয়। এই সাধাৰণ জীৱন যাপনৰ বাবেই তেওঁ বিলাসী অট্টালিকাৰ মোহ ত্যাগ কৰি অৱসৰৰ পাছত কেৱল দুটা কঠোলিৰ এটা চৰকাৰী আৱাসগৃহকহে ঠিকনা হিচাপে বাচি লৈছিল।

যদিও তেওঁৰ বাৰে বাৰে অসুস্থ হৈ পৰা শৰীৰটোৰ বাবে এই ঘৰটো সুবিধাজনক নাছিল তথাপিও তেওঁ তাতেই থাকিবলৈ বিচাৰিছিল। তেওঁৰ সতীৰ্থ আৰু অনুৰাগীয়ে এটা পৃথক ঘৰৰ ব্যৱস্থা কৰিছিল যদিও দক্ষিণ কলকাতাৰ পাম এভিনিউৰ এই ঘৰটো তেওঁ নেৰিলে।

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা প্ৰবীণ বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যুৰ পিছতে তেওঁৰ সন্দৰ্ভত বহু কথাই প্ৰকাশ পাইছে। তেওঁৰ সহজ, সৰল জীৱন ধাৰণৰ পদ্ধতি চৰ্চালৈ আহিছে। আজিৰ ক্ষমতাকেন্দ্ৰীক অৰ্থসৰ্বস্ব ৰাজনীতিৰ বিপৰীতে, মূল্যবোধ আৰু আদৰ্শৰ ৰাজনীতিৰ যি চানেকি তেওঁ দি থৈ গ’ল সেয়া এতিয়া যেন এক সাধু কথাৰহে ৰূপান্তৰ।

বৃহস্পতিবাৰে পুৱা ৮-৩০ বজাত বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যুৰ লগে লগে ভাৰতৰ বাওঁপন্থী ৰাজনীতিৰ এক অধ্যায়ৰ পতন হ’ল। আজি তেওঁৰ শেষকৃত্যৰ অনুষ্ঠান। এনে সময়তে আলোচনাৰ মাজলৈ আহিছে আজিৰ ৰাজনৈতিক পৰিবেশ, ৰাজনৈতিক নেতাৰ চৰিত্ৰ, একাংশ বাওঁপন্থী নেতাৰ ভণ্ডামি আৰু বুদ্ধদেৱ ভট্টাচাৰ্যৰ দৰে প্ৰবীণ বাওঁপন্থী নেতাৰ সময়ৰ ৰাজনীতিৰ প্ৰসংগ।

২০১৮ ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাৰ লগে লগেই মানিক সৰকাৰে দেখুৱাইছিল আদৰ্শ। সকলো চৰকাৰী সুবিধা ত্যাগ কৰি তেওঁ হৈ পৰিছিল এজন সাধাৰণ নাগৰিক। মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়তো তেওঁ হেলিকপ্টাৰৰ পৰিবৰ্তে চুবুৰীয়া অসমলৈ অহাৰ সয়ত কিদৰে ৰে’লত ভ্ৰমণ কৰিছিল সেই খবৰ আমি শুনিছিলোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ত্ৰিপুৰালৈ যোৱাৰ সময়ত বিমান বন্দৰত মোডীক আদৰিছিল। ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰি এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল। মাণিক সৰকাৰৰ এইবোৰ কথা চৰ্চা হৈছিল। কিন্তু সেইদৰে চৰ্চা নহ’ল বুদ্ধদেৱ ভট্টাচাৰ্যৰ বিষয়ে।

বাওঁপন্থী ৰাজনৈতিক নেতাৰ এনে আদৰ্শ কঢ়িয়াই ফুৰা এইসকল নেতাৰ অন্যতম আছিল বুদ্ধদেৱ ভট্টাচাৰ্য। দল আৰু চৰকাৰৰ মাজত প্ৰাৰ্থক্য ৰাখি বুদ্ধদেৱ ভট্টাচাৰ্যই ১১ বছৰ ধৰি পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে।

মাত্ৰ এবাৰ বিধায়ক হৈয়ে দুই, তিনি পুৰুষে ঘৰতে বহি খাব পৰাকৈ ধন উপাৰ্জন কৰা ৰাজনৈতিক নেতাৰ উদাহৰণ আমাৰ অসমতে বহু কেইটা ওলাব। দেশৰ আন প্ৰান্তলৈ যোৱাৰ প্ৰয়োজনেই নাই। এয়াই আজিৰ ৰাজনীতি।

কিন্তু এনে এক ৰাজনৈতিক পৰিবেশতো বুদ্ধদেৱ ভট্টাচাৰ্য হৈ পৰিছিল ব্যতিক্ৰম। তেওঁৰ মৃত্যুৰ পাছতে একালৰ সহযোগী তথা পশ্চিমবংগৰ প্ৰবীণ বাওঁপন্থী নেতা বিমান বসুৱে কৈছে- এতিয়া ৰাজনীতি বহুত সলনি হ’ল। গাড়ী-বাৰি কৰাৰ বাবে আমি ৰাজনীতিলৈ অহা নাছিলোঁ। বুদ্ধ (বুদ্ধদেৱ ভট্টাচাৰ্য)ই আমৃত্যু সেই উদাহৰণ দেখুৱাই থৈ গ’ল।

‘নন্দন’ আছিল বুদ্ধদেৱ ভট্টাচাৰ্যৰ দ্বিতীয়খন ঘৰ সদৃশ। যদিও তেওঁৰ প্ৰথম পৰিচয় ৰাজনীতি, তথাপিও বুদ্ধদেৱ ভট্টাচাৰ্যৰ মন আছিল সাংস্কৃতিক। এই সাংস্কৃতিক মনৰ অধিকাৰী হোৱাৰ বাবেই বুদ্ধদেৱ ভট্টাচাৰ্যৰ দ্বিতীয়খন ঘৰ সদৃশ হৈ পৰিছিল বংগ চৰকাৰৰ চলচ্চিত্ৰ আৰু সংস্কৃতি কেন্দ্ৰৰ প্ৰাণস্বৰূপ নন্দন।

ৰবীন্দ্ৰনাথৰ সংগীত তেওঁৰ প্ৰিয় আছিল। দিনটোৰ ব্যস্ততাৰ অন্তত তেওঁ প্ৰায়ে সন্ধিয়া বগা এম্বেচাদৰ বাহনখন লৈ নন্দনলৈ আহিছিল। নন্দনত মুৰি আৰু চাহৰ সৈতে সাহিত্য, সংস্কৃতিৰ আড্ডাত লিপ্ত হৈছিল। এই আড্ডাতেই তেওঁ সাহিত্য চৰ্চাৰ বিভিন্ন সমলৰ বিষয়েও স্থান পাইছিল। নন্দনত বহিয়েই বুদ্ধদেৱ ভট্টাচাৰ্যই অনেক কবিতা, নাটক লিখিছিল।

‘দুঃসময়’ আছিল তেওঁৰ বিখ্যাত নাটক। ‘মেটামৰফোছিচ’ৰ আধাৰত তেওঁ লিখিছিল ‘পোকা’ নামৰ আন এখন নাটক। অনুবাদ কৰিছিল মাৰ্কেজৰ উপন্যাস। ‘স্বৰ্গৰ নিচে মহাবিশৃংখলা’ তেওঁৰ বিখ্যাত কল্পকাহিনী।

চীনৰ শ্ৰমিক শ্ৰেণীৰ উত্থান আৰু ভাৰতৰ সৈতে সম্পৰ্কক তেওঁ গ্ৰন্থৰ জৰিয়তে আলোচনা কৰিছে। বহুতেই তেওঁক চীনা প্ৰেমি বুলি সমালোচনা কৰিলেও কিন্তু তেওঁ বাওঁপন্থাৰো অন্ধ সমৰ্থক নাছিল। চীনৰ বাওঁপন্থীৰ ৰাষ্ট্ৰীয় ক্ষমতাৰ পৰিকাঠামোৰ ত্ৰুতি, দেশখনৰ বাওঁপন্থী নেতাসকলৰ চৰম দুৰ্নীতিক তেওঁৰ গ্ৰন্থতে ক্ষুৰধাৰ সমালোচনা কৰিছে। এই সকলো সাহিত্য চৰ্চাতে নন্দনৰ প্ৰভাৱ আছে।

২০১১ ত বংগত বাওঁ মৰ্চাৰ চৰকাৰ পতন হোৱাত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ সমান্তৰালকৈ তেওঁ নন্দনো ত্যাগ কৰিলে। কিন্তু ৰাজনীতিৰ বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নন্দনৰ বুদ্ধদেৱ ভট্টাচাৰ্য আছিল সম্পূৰ্ণ পৃথক। নন্দনক তেওঁ কেতিয়াও ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰ হ’বলৈ দিয়া নাছিল।

নন্দনত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ দেহৰ পৰা আঁতৰি গৈছিল ৰাজনৈতিক পৰিচয়। তেওঁ হৈ পৰিছিল সাহিত্য, সংস্কৃতিৰ এগৰাকী সাধক। বুদ্ধদেৱ ভট্টাচাৰ্যৰ ৰাজনৈতিক পৰিচয়ৰ আঁৰত তেওঁৰ সাহিত্য, নাট্য চৰ্চাৰ দিশটো উন্মোচিত নোহোৱাকৈয়ে থাকি গ’ল।

১৯৭৭ চনত বংগত বাওঁপন্থী চৰকাৰ গঠন হৈছিল। প্ৰথমবাৰৰ বাবে সেই নিৰ্বাচনতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বুদ্ধদেৱ ভট্টাচাৰ্য। জ্যোতি বসুৰ মন্ত্ৰীসভাত তেওঁ লাভ কৰিলে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব।

জ্যেতি বসুৰ আঙুলিত ধৰিয়েই তেওঁ শিকিলে ৰাজনীতি। অৱশ্যে পৰৱৰ্তী নিৰ্বাচনত তেওঁ পৰাস্ত হ’ল। পৰাস্ত হ’লেও জ্যোতি বসুৰ সংস্পৰ্শৰ পৰা আঁতৰি নগ’ল বুদ্ধদেৱ ভট্টাচাৰ্য। তেওঁৰ ৰাজনৈতিক দক্ষতা বুজি পাইছিল জ্যোতি বসুৱে। সেয়ে তেওঁক সাজু কৰিছিল পৰৱৰ্তী এক গধুৰ দায়িত্বলৈ।

সেই অনুসৰিয়েই ১৯৮৫ ত তেওঁ চি পি আই এমৰ কেন্দ্ৰীয় সমতিৰ দায়িত্ব লৈছিল। ১৯৮৭ ত পুনৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৈছিল। ১৯৯১ চনতো তেওঁ এই একেই দায়িত্ব লাভ কৰিছিল।

ইয়াৰোপৰি তেওঁ আছিল নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰো দায়িত্বত।১৯৯৬ ত গৃহ আৰু আৰক্ষী বিভাগৰ দায়িত্ব দিয়া হৈছিল। ১৯৯৯ত তেওঁ হৈছিল বংগৰ উপ-মুখ্যমন্ত্ৰী।

অসুস্থতাৰ বাবে ২০০০ চনৰ নৱেম্বৰত দায়িত্বৰ পৰা অব্যাহতি লৈছিল জ্যোতি বসুৱে। তেতিয়ালৈকে বুদ্ধদেৱ ভট্টাচাৰ্য মুখ্যমন্ত্ৰীৰ দৰে পদৰ বাবে সাজু হৈ উঠছিল। সেই অনুসৰিয়েই তেওঁ হৈছিল পশ্চিমবংগত জ্যোতি বসুৰ উত্তৰাধিকাৰী।

বংগৰ বাওঁপন্থী ৰাজনীতিত 'জ্যোতি' আৰু 'বুদ্ধ' দুটা স্তম্ভ। এটা আনটোৰ পৰিপূৰক। অৱশ্যে দুয়োজনৰে ৰাজনৈতিক পৰিস্থিতি আৰু প্ৰেক্ষাপট আছিল সম্পূৰ্ণ পৃথক।বহুতেই এই দুই নেতাক তুলনা কৰিব বিচাৰে যদিও দুয়োৰে ৰাজনৈতিক প্ৰেক্ষাপট বা পৰিস্থিতি পৃথক আছিল বাবেই এই তুলনা অপ্ৰাসংগিক।

ৰাজনীতিত বিতৰ্ক আৰু সমালোচনা থাকিবই। বুদ্ধদেৱ ভট্টাচাৰ্যৰ নীতি আৰু কাম-কাজক লৈয়ো সমালোচনা হৈছিল। বিতৰ্কই তেওঁকো স্পৰ্শ কৰিছিল। এখন বাওঁপন্থী চৰকাৰক নেতৃত্ব প্ৰদান কৰিয়েই বুদ্ধদেৱ ভট্টাচাৰ্যই ঔদ্যোগিক নীতি গ্ৰহণ কৰিবলৈ গৈ বিপদত পৰিছিল। কিন্তু ঔদ্যোগিকৰণৰ এই সিদ্ধান্ত বুদ্ধদেৱ ভট্টাচাৰ্যৰ ব্যক্তিগত নাছিল। এই সিদ্ধান্ত আছিল দলীয়।

ঔদ্যোগিকৰণৰ এই সিদ্ধান্তত খৰ্গহস্ত হৈছিল মাওঁবাদী। বুদ্ধদেৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে নানান ধৰণৰ শক্তি গঢ়লৈ উঠিছিল। ৰচনা হৈছিল নানান চক্ৰান্ত। তথাপিও বিচলিত হোৱা নাছিল তেওঁ।

দলৰ প্ৰতিও তেওঁৰ আছিল যথেষ্ট আনুগত্য। অসুস্থ অৱস্থাৰেই ২০১৯ ত তেওঁ শেষবাৰৰ বাবে চি পি আই এমৰ বিগ্ৰেড হৈছিল। নাকত অক্সিজেন টিউব লগাই দলীয় কাৰ্যসূচীত অংশ লৈছিল।

অতি বিনয়ী আৰু নম্ৰ বুদ্ধদেৱ ভট্টাচাৰ্যক কেৱল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী অথবা বাওঁপন্থী ৰাজনীতিৰ এক উজ্জল নক্ষত্ৰ হিচাপেই নহয়, দেশৰ ৰাজনীতিৰে অতি ভদ্ৰ নেতা হিচাপে ইতিহাসে মনত ৰাখিব। কিন্তু তেওঁৰ সেই সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত থকা অৱদান হয়তো ৰাজনৈতিক পৰিচয়ৰ বাবেই বৰ বিশেষ চৰ্চালৈ নাহিব। এই দুৰ্ভাগ্য বুদ্ধদেৱ ভট্টাচাৰ্যৰ নে দেশবাসীৰ? এই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই।

ৰাজনীতি নকৰা হ’লে বুদ্ধদেৱ ভট্টাচাৰ্যই কি কৰিলে হয়?  এই প্ৰশ্নৰ উত্তৰ দিছে পশ্চিমবংগৰ পূৰ্বৰ ৰাজ্যপাল গোপাল কৃষ্ণ গান্ধীয়ে। তেওঁৰ মতে বুদ্ধদেৱ ভট্টাচাৰ্য যদি ৰাজনীতিলৈ নাহিল হয় তেন্তে নিশ্চিতভাৱেই চলচ্চিত্ৰ পৰিচালক অথবা লেখক নতুবা শিক্ষক এই তিনিটাৰে কিবা এটা ক্ষেত্ৰকে অগ্ৰাধিকাৰ দিলে হয়।

গান্ধীৰ মতে, বিখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিত ৰায়, মৃণাল সেনৰ প্ৰজন্ম আৰু ঋত্বিক ঘটক, ঋতুপৰ্ণ ঘোষৰ প্ৰজন্মৰ মাজত তেওঁ হৈ পৰিল হয় এখন সেতু। এই মাজৰ প্ৰজন্মত তেওঁ হৈ পৰিল হয় শ্ৰেষ্ঠ। 

চলচ্চিত্ৰ সম্পৰ্কে বুদ্ধদেৱ ভট্টাচাৰ্যৰ এক নিজা চিন্তা আছিল। তেওঁ চলচ্চিত্ৰক অধ্যয়ন কৰিছিল। চলচ্চিত্ৰসমূহৰ চৰিত্ৰক বিশ্লেষণ কৰি মনোবিজ্ঞান আৰু কলাৰ সংমিশ্ৰণক ফঁহিয়াই চাইছিল। চলচ্চিত্ৰৰ সংলাপ তেওঁৰ কণ্ঠস্থ আছিল।

যদিহে চলচ্চিত্ৰ পৰিচালক হিচাপে কাম কৰিলে হয় তেন্তে  বুদ্ধদেৱ ভট্টাচাৰ্যৰ চলচ্চিত্ৰ কেনেকুৱা হ’ল হয়? এই উত্তৰো দিছে গোপাল কৃষ্ণ গান্ধীয়ে। তেওঁৰ মতে বুদ্ধদেৱ ভট্টাচাৰ্যৰ চলচ্চিত্ৰ নিশ্চিতভাৱে হ’ল হয় ক’লা-বগা।

ইয়াৰো যুক্তিত তেওঁ ক’লে হয় চলচ্চিত্ৰৰ ৰং ভ্ৰান্ত। লিপষ্টিক, নেইলপলিচ, চুলি আদিৰ বাবেহে ৰং। জীৱনৰ বাবে নহয়। গান্ধীয়ে বুদ্ধদেৱ ভট্টাচাৰ্যৰ সন্দৰ্ভত কৰা এই মন্তব্যতে স্পষ্ট হয় বুদ্ধদেৱ ভট্টাচাৰ্যৰ মানৱ জীৱনৰ প্ৰতি থকা ধাৰণা অথবা তেওঁৰ চিন্তা।

যদিহে বুদ্ধদেৱ ভট্টাচাৰ্যই লেখক হিচাপে আত্মপ্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহ কৰিলে হয় তেন্তে তেওঁ কবিতাৰ পৰিবৰ্তে উপন্যাস, প্ৰবন্ধহে লিখিলে হয়। যদি শিক্ষক হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিলে হয় তেন্তে তেওঁ শ্ৰেণী কোঠাত ছাত্ৰৰ মাজত তাৰকা হৈ জলিকিল হয়। সভাত তেওঁ চন্দ্ৰৰ দৰে পোহৰ বিয়পালে হয় আৰু বিশ্ববিদ্যালয়ৰ চৌহদক সূৰ্যৰ দৰে উজলাই তুলিলে হয়।

গোপাল কৃষ্ণ গান্ধীৰ এই মন্তব্যই প্ৰমাণ কৰে বুদ্ধদেৱ ভট্টাচাৰ্যৰ প্ৰতিভা। সেয়ে সাধাৰণ হৈয়ো অসাধাৰণ বুদ্ধদেৱ ভট্টাচাৰ্য। ইমানবোৰ গুণ থকাৰ পিছতো তেওঁ বাচি লৈছিল ৰাজনীতি। অনুপ্ৰাণিত হৈছিল মাৰ্ক্সবাদী আদৰ্শৰে।

তেওঁ যি ৰাজনীতি কৰিছিল নিজৰ ৰাজ্যখনৰ ভালৰ বাবেই কৰিছিল। যিদৰে তেওঁ মাৰ্ক্সবাদত প্ৰতিশ্ৰুতিবদ্ধ আছিল সেইদৰেই তেওঁৰ দল চি পি এমৰ প্ৰতি আছিল অনুগত আৰু বাওঁপন্থাৰ প্ৰতি আছিল দৃঢ়তা।

প্ৰতিটো ঘটনাক তেওঁ এই চিন্তাৰেই সভ্যতাৰ স্থিতিৰ পৰা বিচাৰ কৰিবলৈ চাইছিল আৰু মাজে সময়ে মানুহৰ অভব্য আচৰণৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছিল। এনে এক প্ৰতিভাৰ বিয়োগ কেৱল পশ্চিমবংগ অথবা বাওঁপন্থাৰেই ক্ষতি নহয়, এয়া দেশৰেই ক্ষতি।