জাতিগত পিয়লৰ প্ৰয়োজনীয়তা আছেনে?  
বিশেষ প্ৰতিবেদন

জাতিগত পিয়লৰ প্ৰয়োজনীয়তা আছেনে?

Asomiya Pratidin
দেশত পুনৰ সংৰক্ষণৰ ব্যৱস্থাক লৈ চৰ্চা আৰম্ভ হৈছে। ৰাহুল গান্ধীকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে জাতিগত পিয়লৰ দাবী কৰিছে। অ' বি চিৰ সংৰক্ষণৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰিছে। এনে পৰিস্থিতি জাতিগত পিয়ল, সংৰক্ষণ আদি সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বেৰ পৰা দেশৰ সংৰক্ষণ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। ক্ষমতালৈ আহিলে দেশত সংৰক্ষণ ব্যৱস্থাৰ পৰিবৰ্তন কৰিব বুলিও ৰাজহুৱাকৈ মন্তব্য কৰিছে। বিশেষকৈ ৰাহুল গান্ধীয়ে অ’ বি চি, দলিত আৰু জনজাতীয় সম্প্ৰদায়ক বঞ্চিত কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ মতে ভাৰতত অ’ বি চি, দলিত, জনজাতীয় শ্ৰেণীৰ লোকৰ সংখ্যা ৭৩ শতাংশ। ভাৰতৰ গোটেই প্ৰশাসন ব্যৱস্থাটোক ৯০ জন বিষয়াই পৰিচালনা কৰে। এই ৯০ জন বিষয়াৰ মাজত মাত্ৰ ৩ জনহে অ’ বি চি সম্প্ৰদায়ৰ বিষয়া আছে।

দলিত, জনজাতিৰ কোনো প্ৰতিনিধি নাই। অথচ দেশৰ ৭৩ শতাংশ লোকেই অ’ বি চি, দলিত আৰু জনজাতীয়। লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা ৰাহুল গান্ধীয়ে কৈ অহা সংৰক্ষণ ব্যৱস্থাৰ কথাবোৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়তো উল্লেখ কৰিছে। তেওঁ সংবাধিন সংশোধনৰ জৰিয়তে হ'লেও সংৰক্ষণ ব্যৱস্থাক ৫০ শতাংশৰো অধিক কৰাৰ পোষকতা কৰিছে। এনে পৰিপ্ৰেক্ষিতত এতিয়া সংৰক্ষণ ব্যৱস্থাটো পুনৰ এবাৰ চৰ্চালৈ আহিছে।

সংৰক্ষণ ব্যৱস্থা কি?

ভাৰতীয় সংবিধানে দেশৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ মাজত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে চৰকাৰে সামাজিক, শৈক্ষিকভাৱে পিছপৰা সম্প্ৰদায় অ’ বি চি, অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ বাবে চৰকাৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

এই সংৰক্ষণ ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল পিছপৰা জাতি, সম্প্ৰদায় লোকসকলক আৰ্থ সামাজিক দিশৰ উপৰি সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়া। বি আৰ আম্বেদকাৰকে ধৰি সংবিধান প্ৰণেতাসকলে ভাৰতত এইদৰে সংৰক্ষণ ব্যৱস্থা প্ৰণয়ন কৰাৰ আন এক মূল কাৰণ আছিল ভাৰতৰ পিছপৰা জাতি জনজাতিৰ লোকসকলৰ ওপৰত উচ্চ শ্ৰেণীৰ লোকে কৰা বঞ্চনা আৰু শোষণ।

সেয়ে দেশৰ স্বাধীনতাৰ পাছত এই লোকসকলক বিশেষ সুবিধা প্ৰদান কৰাটো জৰুৰী হৈ পৰিছিল। এনে ব্যৱস্থাৰ জৰিয়তে প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ  চেষ্টা কৰা হৈছিল।

এনে ব্যৱস্থাৰ জৰিয়তেই ভাৰত চৰকাৰে সংবিধান অনুসৰিয়েই বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি, শিক্ষা আদি সকলো ক্ষেত্ৰত নিৰ্দিষ্ট সংখ্যক পদ বা আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

ভাৰতত কোন সম্প্ৰদায়ৰ কিমান লোক আছে?

ভাৰতৰৰ জাতিগত গণনাৰ দাবী উত্থাপন হৈ আহিছে যদিও আজিলৈকে এই গণনা সম্ভৱ হৈ উঠা নাই। স্বাধীনতাৰ পূৰ্বেই ১৯৩১ চনত ভাৰতত জাতিগত পিয়ল সম্পন্ন হৈছিল।

অৱশ্যে ২০১১ ৰ লোকপিয়লত অনুসূচীত জাতি, জনজাতিৰ জনসংখ্যা উল্লেখ কৰা হৈছিল। কিন্তু অ' বি চি জনসংখ্যাৰ কোনো নিৰ্ভৰযোগ্য সংখ্যা নাই। অনুমানৰ ভিত্তিত বিভিন্ন ৰাজ্যৰ অনুসূচীত জাতি,অনুসূচীত জনজাতি আৰু অ' বি চি, সংখ্যালঘু জনসংখ্যাৰ কথা উল্লেখ হৈ আহিছে যদিও ৰাজনৈতিক কাৰণতে এই সংখ্যাক লৈ মতবিৰোধো আছে।

সেয়ে জাতিগত লোকপিয়লৰ একাংশ ৰাজনৈতিক দলে দাবী কৰি আহিছে যদিও আন একাংশই ইয়াৰ বিৰোধিতা কৰি আহিছে। কিন্তু বহু সামাজিক, ৰাজনৈতিক কাৰণতে জাতিগত পিয়লৰ ধাৰণাটোৰ প্ৰয়োজন নথকা নহয়।

যদিও এতিয়ালৈকে জাতিগত পিয়ল হোৱা নাই তথাপিও আন এক চৰকাৰী জৰীপতে দেশৰ বিভিন্ন জাতিৰ সংখ্যাৰ এটা স্পষ্ট সংখ্যা উপলব্ধ আছে। ২০১৫-১৬ ত ৰাষ্ট্ৰীয় পৰিবাৰিক স্বাস্থ্য জীৰপ (এন এফ এইছ এছ)ত ভাৰতৰ বিভিন্ন জাতিৰ এক তথ্য উপলব্ধি আছে।

এই জৰীপৰ তথ্য অনুসৰি ভাৰতৰ অনুসূচীত জাতি জনসংখ্যা ২০.৬ শতাংশ আৰু অনুসূচীত জনজাতিৰ জনসংখ্যা ৯.২ শতাংশ। ২০১১ ৰ লোকপিয়ল অনুসৰি দেশত অনুসূচীত জাতিৰ সংখ্যা আছিল ১৬.৬ শতাংশ আৰু অনুসূচীত জনজাতিৰ সংখ্যা আছিল ৮.৬ শতাংশ।

দেশৰ একমাত্ৰ এই জৰীপতে অ' বি চি জনসংখ্যাৰ কোনো এক চৰকাৰী তথ্য সন্নিৱিষ্ট হৈ আছে। এই চৰকাৰী জৰীপ মতেই সমগ্ৰ দেশতে অ' বি চি জনসংখ্যা হৈছে ৪২.২ শতাংশ। অন্যান্য লোকৰ সংখ্যা হৈছে ২৭.২ শতাংশ।

এই জৰীপ মতেই উত্তৰ ভাৰতৰ চণ্ডিগড়, দিল্লী, হিমাচল প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ডত যথেষ্ট সংখ্যত অনুসূচীত জাতি, জনজাতিৰ লোক আছে। এই অঞ্চলটোৰ পঞ্জাৱত সৰ্বাধিক ৩৭.৬ শতাংশ অনুসূচীত জাতি, জনজাতিৰ লোক আছে। দিল্লী আৰু হিমাচলত এই সংখ্যা ২৮ শতাংশ।

হাৰিয়ানা আৰু ৰাজস্থানত আকৌ অ' বি চি জনসংখ্যা যথেষ্ট বেছি। এই ৰাজ্য কেইখনত অনুসূচীত জাতি,অনুসূচীত জনজাতি, অ'বিচি জনসংখ্যা ৭০ শতাংশতকৈ অধিক।

জম্মু আৰু কাশ্মীৰত যিদৰে মুছলমান জনসংখ্যা অধিক সেইদৰেই দিল্লী আৰু উত্তৰাখণ্ডতো মুছলমানসকলৰ যথেষ্ট প্ৰভাৱ আছে। মধ্য ভাৰতত এনে কেইবাখনো ৰাজ্য আছে য'ত অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি জনসংখ্যা ৯০ শতাংশতকৈ অধিক।

ছত্তীশগড়ৰ মুঠ জনসংখ্যাৰ ৯১.৪ শতাংশৰো অধিক অনুসূচীত জাতি,অনুসূচীত জনজাতি আৰু অ'বিচি সম্প্ৰদায়ৰ। ছত্তীশগড় আৰু মধ্য প্ৰদেশৰ ক্ৰমে ৪৫.৩ শতাংশ আৰু ৩৭.৭ শতাংশই অনুসূচীত জাতিৰ। উত্তৰ প্ৰদেশত অনুসূচীত জাতি, জনজাতিৰ জনসংখ্যা ২৫.৬ শতাংশ।

দক্ষিণ ভাৰতৰ ৰাজ্য কেইখনৰ আটাইকেইখনতে অনুসূচীত জাতি, জনজাতি আৰু অ' বি চি সম্প্ৰদায়ৰ জনসংখ্যাই ৯০ শতাংশ অতিক্ৰম কৰিছে। দক্ষিণ ভাৰতৰ তামিলনাডু আৰু কৰ্ণাটকত যদিও উচ্চবৰ্ণৰ লোকসকলৰ প্ৰভাৱৰ কথা কোৱা হয় দৰাচলতে এই ৰাজ্য দুখনৰ জাতিগত তথ্যই কিন্তু আন এক দৃশ্যহে দেখুৱায়। কৰ্ণাটকত এছ চি, এছ টি জনসংখ্যা হৈছে ৩০.২ শতাংশ আৰু তামিলনাডুত ২৮.৭ শতাংশ।

দক্ষিণ ভাৰতৰ লক্ষদ্বীপ পুডুচেৰী আৰু তামিলনাডুত অনুসূচীত জাতি, জনজাতি আৰু অ' বি চি জনসংখ্যাই ৯৮ শতাংশ স্পৰ্শ কৰিছে। কেৰালাত, অনুসূচীত জাতি, জনজাতিৰ জনসংখ্যা বহু কম যদিও অ'বিচি আৰু মুছলমান জনসংখ্যাৰ যথেষ্ট প্ৰভাৱ আছে। কেৰালাত মুছলমানৰ জনসংখ্যা ২২.৯ শতাংশ।

পূব ভাৰতৰ পশ্চিমবংগত ২৮.৪ শতাংশ লোকেই অনুসূচীত জাতিৰ আৰু ৬.৩ শতাংশ অনুসূচীত জনজাতিৰ। কিন্তু আশ্চৰ্যজনকভাৱে এই ৰাজ্যখনত অ'বিচি জনসংখ্যা অতি কম। পশ্চিম বংগত জনসংখ্যাৰ প্ৰায় ২৩.৯ শতাংশ মুছলমান।

বিহাৰ আকৌ সম্পূৰ্ণৰূপে এখন অ'বিচি অধ্যুষিত ৰাজ্য। আনহাতে ঝাৰখণ্ড আৰু উৰিষ্যাত উচ্চ জনজাতিৰ জনসংখ্যা যথেষ্ট আছে। এই দুই ৰাজ্যত মুঠ অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংখ্যা ৪০ শতাংশতকৈ অধিক। এই ৰাজ্যসমূহত অ'বিচি জনসংখ্যাও বহু বেছি। তথাপিও ৰাজ্যকেইখনত অনুসূচীত জাতি, জনজাতি আৰু অ'বিচি জনসংখ্যা ৮০ শতাংশতকৈ অধিক।

উত্তৰ পূৰ্বাঞ্চলৰ অসমক বাদ দি বাকী আটাইকেইখন ৰাজ্যতে অনুসূচীত জনজাতি আৰু খ্ৰীষ্টিয়ানসকলৰ আধিপত্য আছে। মুছলমান জনসংখ্যা আছে ৩২.৫ শতাংশ। অৰুণাচল প্ৰদেশত অনুসূচীত জাতিৰ সংখ্যা ৭ শতাংশ, অনুসূচীত জনজাতিৰ সংখ্যা ৭২.৫ শতাংশ আৰু অ' বি চি ৪.৯ শতাংশ।

অসমত অনুসূচীত জাতি ১১ শতাংশ, জনজাতি ১২.৬ শতাংশ আৰু অ' বি চি ২৭ শতাংষ। মণিপুৰত সৰ্বাধিক আছে অনুসূচীত জনজাতি। ৰাজ্যখনত অনুসূচীত জনজাতিৰ সংখ্যা ৩০.৪ শতাংশ, অনুসূচীত জাতিৰ সংখ্যা ৬ শতাংশ আৰু অ' বি চি ১৮.১ শতাংশ।

মেঘালয়ত এছ চি ৩.৪ শতাংশ, এছ টি ৮৮ শতাংশ আৰু অ' বি চি ২.০ শতাংশ, নাগালেণ্ডত এছ চি ৫.২ শতাংশ, এছ টি ৮৯.৩ শতাংশ আৰু অ' বি চি ০.৮ শতাংশ।ছিকিমত এছ চি ৫.৬ শতাংশ, এছ টি ৩৬.৯ শতাংশ, অ' বি চি ৩২ শতাংশ আৰু ত্ৰিপুৰাত এছ চি ২১.২ শতাংশ, এছ টি ৩০.৫ শতাংশ আৰু অ' বি চি ১৭.৮ শতাংশ। 0

দেশৰ পশ্চিম প্ৰান্তত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ জনসংখ্যা বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়। কেৱল মহাৰাষ্ট্ৰত ১৭.৩ শতাংশ অনুসূচীত জাতিৰ লোকৰ প্ৰভাৱ আছে। গুজৰাটৰ ৪০ শতাংশই অ' বি চি সম্প্ৰদায়ৰ।

এইদৰেই ৰাজ্যভেদে এছ চি, এছ টি আৰু অ' বি চিৰ সংখ্যাৰ তাৰতম্য আছে যদিও এটা কথা স্পষ্ট যে, দেশৰ গৰিষ্ঠ সংখ্যকেই এছ চি, এছ টি আৰু অ' বি চি সম্প্ৰদায়ৰ। এছ চি, এছ টিক বাদ দিলে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যক বাদি দি বাকী আটাইকেইখন ৰাজ্যতে অ' বি চি সম্প্ৰদায়ৰ লোকেই সংখ্যাগৰিষ্ঠ।

সেই অনুসৰি ৰাহুল গান্ধী, কংগ্ৰেছ বা আন বিৰোধী ৰাজনৈতিক দলসমূহে উত্থাপন কৰি অহা দাবীৰ যুক্তিযুক্ততা নথকা নহয়। জাতিগত পিয়ল কৰিলেই ইয়াৰ আৰু এখন স্পষ্ট ছবি পোহৰলৈ আহিব।

বিহাৰ চৰকাৰে ইতিমধ্যে জাতিগত পিয়ল কৰিছে। ন্যায়ালয়েও বিহাৰ চৰকাৰক এই পিয়লত বাধা প্ৰদান কৰা নাই। সেয়ে ভাৰত চৰকাৰেও সকলো জাতিৰে সম উন্নয়নৰ বাবে জাতিগত পিয়লৰ ধাৰণাটোক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়াৰ বহু কেইটা স্থল আছে।

অৱশ্যে এই জাতিগত পিয়লে ভাৰতীয় সমাজত বিৰূপ প্ৰভাৱ পেলাব বুলিও এক মতামত গা কৰি উঠিছে। সাংবিধানিক ভাৱেও সংৰক্ষণৰ ব্যৱস্থাটো ৫০ শতাংশলৈকে সম্ভৱপৰ। সেয়ে সংবিধান সংশোধনৰ বিষয়টোও উত্থাপন হৈছে।

যদিহে অ' বি চিৰ সংৰক্ষণৰ সংখ্যা বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ ক'ত পৰিব? এছ চি, এছ টি সকলৰ ক্ষেত্ৰত এই প্ৰভাৱ পৰিবনেকি? তেওঁলোকে ইয়াক মানি ল'বনে? চাকৰি, শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা সংৰক্ষণৰ বাবে ইতিমধ্যে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থী তথা চাকৰি প্ৰাৰ্থীসকল ক্ষোভিত হৈ আছে।

পুনৰ সংৰক্ষণ বৃদ্ধি কৰিলে তেওঁলোকে ইয়াক কিদৰে ল'ব সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। কিয়নো ইতিমধ্যে এই সংৰক্ষণ ব্যৱস্থাৰ বাবেই যোগ্যতা থাকিও একাংশই শিক্ষানুষ্ঠানত আসন, চাকৰিৰ লাভৰ পৰা বঞ্চিত হৈছে। সেয়ে তেওঁলোকে জাতিগত সংৰক্ষণৰ বিৰোধিতাৰে অৰ্থনৈতিক দৃষ্টিকোণেৰে সংৰক্ষণৰৰ পোষকতা কৰিছে।

এই যুক্তিৰ প্ৰাসংগিকতা আছে। বহু সময়ত ৯০ শতাংশ লাভ কৰা এজন দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰয়ো সুযোগৰ পৰা বঞ্চিত হয় আৰু এগৰাকী অৰ্থনৈতিক ভাৱে সৱল সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰই ৫০ শতাংশও লাভ নকৰাকৈ সেই সুযোগ লাভ কৰে। এনে বৈষ্যমতা দূৰ হোৱাটো অৱশ্যে জৰুৰী।

নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণ

ভাৰতীয় সংবিধান প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তেই চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সংৰক্ষণ নীতিৰ অধীনত শতাংশৰ ভিত্তিত জাতিগত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি সংৰক্ষিত শ্ৰেণীৰ আসনত চাকৰি প্ৰত্যাশীক নিযুক্তি প্ৰদান কৰে।

সংৰক্ষিত শ্ৰেণী অনুসূচীত জাতি, জনজাতি, অ' বি চিৰ বাবে পৃথকে পৃথকে সংৰক্ষণ কৰা হয়। তাৰোপৰি অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণী আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবেও আসন সংৰক্ষণ কৰা হৈছে। বাকী মুক্ত শ্ৰেণীত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপৰিও আন সকলো শ্ৰেণীৰ লোকে আবেদন কৰিব পাৰে।

তাৰোপৰি মুঠ আসনৰ ভিতৰত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হয়।নিযুক্তিৰ ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ’য়।

শিক্ষাৰ ক্ষেত্ৰত

চাকৰিৰ দৰেই শিক্ষাৰ ক্ষেত্ৰতো সংৰক্ষণৰ ব্যৱস্থা আছে। শৈক্ষিক প্ৰতিষ্ঠানসমূহে অনুসূচীত জাতি, জনজাতি, অ' বি চি শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। তাৰোপৰি আছে অৰ্থনৈতিকভাবে পিছপৰা আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা। বাকী মুক্ত শ্ৰেণীত সাধাৰণ শ্ৰেণীৰ লগতে সকলোৱে আবেদন কৰিব পাৰে।

চৰকাৰে প্ৰদান কৰা শিক্ষাৰ বাবে জলপানী বা আন আন আঁচনিসমূহতো এই সংৰক্ষণ নীতি কাৰ্যকৰী হয়। কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা উচ্চ শিক্ষানুষ্ঠানসমূহত উপলব্ধ আসনৰ ২২.৫ শতাংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত।

ইয়াৰে ভিতৰত অনুসূচীত জনজাতিৰ বাবে ৭.৫ শতাংশ আৰু অনুসূচিত জাতিৰ বাবে ১৫ শতাংশ সংৰক্ষিত। তাৰোপৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে অতিৰিক্ত ২৭ শতাংশ আসন সংৰক্ষণ অন্তৰ্ভুক্ত কৰি মুঠ সংৰক্ষণ ৪৯.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

শৈক্ষিক ক্ষেত্ৰতো মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ’য়।