ব্যাপক প্ৰতিবাদৰ পাছতো ৰাজ্যত সংঘটিত হৈয়ে আছে বলাৎকাৰৰ ঘটনা... 
বিশেষ প্ৰতিবেদন

ব্যাপক প্ৰতিবাদৰ পাছতো ৰাজ্যত সংঘটিত হৈয়ে আছে বলাৎকাৰৰ ঘটনা...

Asomiya Pratidin
ধিঙৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে এটা অভিযুক্তৰ মৃত্যু হ'ল যদিও এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই দুই অভিযুক্ত। ধিঙৰ বলাৎকাৰৰ কাণ্ডক লৈ সৰ্বত্ৰে প্ৰতিবাদ হ'ল যদিও এই ঘটনাৰে আলম লৈ আৰম্ভ হ'ল ৰাজনীতিও। এনে ৰাজনীতিৰ পাকচক্ৰত পৰি নাৰী নিৰ্যাতন, নাৰীৰ সুৰক্ষাৰ বিষয়টো তল পৰিল। আলোচনালৈ আহিল কোন দলৰ শাসনত কিমান এনে ঘটনা সংঘটিত হ'ল।এনেবোৰ দিশ সামৰিয়েই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। এই ঘটনাৰে জড়িত অপৰাধীসকলে কঠোৰ শাস্তি পাইছেনে সেই খবৰ কোনে ৰাখিছে? ধিঙত সংঘটিত স্কুলীয়া ছাত্ৰীৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰে জড়িত এজন অভিযুক্তৰ মৃত্যু হ'ল যদিও বাকী দুজনক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই।

মিঞা বিতৰ্কৰ মাজতেই যেন অন্ত পৰিল এই সকলো। তীব্ৰ প্ৰতিবাদ আৰু ৰাজপথৰ আন্দোলনে নতুন ৰাজনৈতিক মূৰ ল'লে উজনি অসমত। অনা অসমীয়া লোকৰ হাতত প্ৰহৃত হোৱা খিলঞ্জীয়া কিশোৰীগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদ মিঞা বিতৰ্কৰ মাজেৰে অন্ত পৰিল।

এইবোৰ কাণ্ড কিন্তু ঘটি থাকিল। ধিঙৰ কাণ্ডৰ পাছতো প্ৰতিদিনেই দুটাকৈ এইধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিয়েই থাকিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিলে ৰাজ্যত হ্ৰাস পাইছে নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা।

অথচ এইবোৰ তথ্যই উন্মোচন কৰে বিপৰীত এখন ছবি। ২০২১ বৰ্ষত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই বছৰ অসমত সংঘটিত বলাৎকাৰৰ সংখ্যা আছিল ১৭৩৩ টা। ২০২২ বৰ্ষত ৰাজ্যখনত ১১১৩ টা আৰু ২০২৩ বৰ্ষত ৯৮৯ টা বলাৎকাৰৰ ঘটনা পঞ্জীয়নভুক্ত হৈছে। ২০২৪ ৰ জুলাইলৈকে অসমত সংঘটিত হোৱা বলাৎকাৰৰ ঘটনা আৰু গোচৰৰ সংখ্যা হৈছেগৈ ৫৮০ টা।

লোকসভা নিৰ্বাচনৰ ফলাফল পাছৰ পৰা ধিঙৰ কাণ্ডলৈকে ২৩ টা বলাৎকাৰৰ ঘটনাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে।কিয় ৰাজ্যত এইধৰণৰ ঘটনাৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই চৰকাৰে? এইবোৰ ঘটনাৰ কোনো সভ্য লোকে কৰে নেকি তুলনা?

কোন দলৰ চৰকাৰৰ দিনত কিমান বলাৎকাৰ বা নাৰীজনিত নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল তাৰ তথ্য যদি বিচৰা যায় তেনেহ'লে দেখা যায় যে, বিজেপিৰ চৰকাৰৰ দিনতেই যোৱা ৮ বছৰত ৰাজ্যত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে।

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ ৫ বছৰ বাদ দিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত হোৱা বলাৎকাৰৰ ঘটনাৰ সংখ্যা ৪৪৪০ টা। এই কাণ্ডবোৰৰে জড়িত অপৰাধীক কঠোৰ আৰু ইয়াৰ বিচাৰ ফাষ্টট্ৰেক ক'ৰ্টৰ জৰিয়তে হ'ব লাগে বুলিও দাবী উত্থাপন হৈ আহিছে।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংঘটিত হৈ আছে বলাৎকাৰৰ ঘটনা। ধৰ্মৰ ভিত্তিত বলাৎকাৰীক চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পৰোক্ষ, প্ৰত্যক্ষ উদ্যোগেও সমাজলৈ এক অশুভ বাৰ্তা প্ৰেৰণ কৰিছে। বলাৎকাৰৰ এই পৰিসংখ্যা ৰাজনৈতিক দৃষ্টিৰে বিচাৰ কৰা দেখা গৈছে।

'বেটি বচাও বেটি পঢ়াও' শ্লোগান দিছিল বিজেপিয়ে। এতিয়া বিজেপিয়েই বেটি বচাব পৰা নাই অসমত। কেৱল সাম্প্ৰদায়িক দৃষ্টিৰে ইয়াক এক বিশেষ সম্প্ৰদায়ৰ জৰিয়তে সংঘটিত অপৰাধ ৰূপে চিহ্নীত কৰাতে দায়িত্ব সামৰিছে চৰকাৰে।

অনুৰূপ ধৰণে কোনো এক এইধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত বিভিন্ন দল, সংগঠনে ৰাজপথ উত্তাল কৰে। কিন্তু তাৰ পাছত সকলো মৌন হৈ পৰে। বলাৎকাৰীৰ বিৰুদ্ধে কঠোৰ সামাজিক বাতাবৰণ সৃষ্টি কৰিব নোৱাৰাটো এই দল, সংগঠনসমূহৰ বিফলতাৰ কাৰণ হিচাপে ইতিমধ্যে চিহ্নীত হৈছে।

যাৰ পৰিণতিত অসমত ধাৰাবাহিকভাৱে বলাৎকাৰৰ ঘটনা সংঘটিত হৈ আছে আৰু নাৰীৰ নিৰাপত্তাৰ দিশটো এক চিন্তাৰ কাৰণ হৈ পৰিছে। আৰক্ষীৰ ভূমিকাও এই ক্ষেত্ৰত ৰহস্যজনক। অপৰাধীক সময়মতে কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে প্ৰতিবাদৰ সময়ছোৱাত যি তৎপৰতা প্ৰদৰ্শন কৰে পৰৱৰ্তী সময়ত যেন তেওঁলোক নাকত তেল দি শুই।