নট ফিনিছড... 
বিশেষ প্ৰতিবেদন

নট ফিনিছড...

Asomiya Pratidin
ক্ৰিষ্টিয়ানো ৰনাল্ডো মানেই যেন এক অভিলেখ। ফুটবলৰ এই মহা তাৰকাক শেহতীয়াকৈ বেলন ডি অ'ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰাক লৈ সৃষ্টি হৈছিল বিতৰ্ক। এই বিতৰ্কৰ মাজতেই ৰানাল্ডোৱে দিলে উত্তৰ। কেৰিয়াৰত ৯০০ টা গ'ল কৰি ৰনাল্ডো হৈ পৰিছিল এভাৰেষ্টৰ দৰে ওখ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

৩৯ টা বসন্ত অতিক্ৰম কৰিলে তেওঁ। যন্ত্ৰ মানৱ হিচাপেই তেওঁক মানি লৈছে বিশ্ব ফুটবল অনুৰাগীয়ে। খেল পথাৰত তেওঁৰ দুভৰিৰ ছন্দ চাবলৈ উদবাউল হৈ থাকে অগণন অনুৰাগী। কেৰিয়াৰত তেওঁৰ সন্মুখত অনেক প্ৰতিদ্বন্দি আহিল যদিও তেওঁ সদায় হৈ থাকিল একক আৰু অনন্য।

ফুটবলাৰ হিচাপে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে যি খ্যাতি অৰ্জন কৰিলে সেইদৰে আন কম খেলুৱৈয়েহে অৰ্জন কৰে। আনকি চিৰ প্ৰতিদ্বন্দি লিয়নেল মেছিও কোনোবাখিনিত ৰনাল্ডোৰ পিছত ৰৈ গৈছে।

অৱশ্যে ৰনাল্ডোৰ এতিয়া বয়স হৈছে। ৩৯ টা বসন্ত অতিক্ৰম কৰিলে। বয়সৰ ওচৰত তেওঁৰ শৰীৰে হাৰ মানিবলৈ বাধ্য হৈছে। শৰীৰে তেওঁক পূৰ্বৰ দৰে সহায় নকৰাৰ বাবেই প্ৰচণ্ড মানসিক শক্তিৰ পাছতো তেওঁ খেল পথাৰত থমকি ৰ'বলৈ বাধ্য হৈছে।

বিফল হৈছে পেনাল্টি শ্বটক গ'ললৈ ৰূপান্তৰ কৰিবলৈয়ো। আনকি বেলন ডি অ'ৰ তালিকাতো তেওঁৰ নাম ৰখাৰ প্ৰয়োজনবোধ নকৰিলে এই বঁটাৰ আয়োজক সমিতিয়ে। এয়াও যেন আছিল ৰনাল্ডোৰ বাবে এক অপমান। তেনেকৈয়ে বিশ্বাস কৰিছে তেওঁৰ কোটি কোটি অনুৰাগীয়ে।

এই অপমানৰ প্ৰত্যুত্তৰ দিলে ৰনাল্ডোৱে। কথা অথবা তৰ্ক কৰি নহয়, নিজৰ দক্ষতা আৰু দুভৰিৰ ছন্দেৰে ৰনাল্ডোৱে পুনৰ এবাৰ চৰ্চাৰ শীৰ্ষত আৰোহণ কৰিলে। তেওঁ বুজাই দিলে ফুটবলত তেওঁৱেই চেম্পিয়ন।

কোনোবাই তেওঁৰ নামৰ আগত 'ফিনিছড' বুলি লিখি দিলেই তেওঁ 'ফিনিছড' হৈ নাযায়। যিসকলে তেওঁৰ নামৰ আগত 'ফিনিছড' বুলি লিখি দিছিল সেইসকলক মুখ লুকুৱাবলৈ বাধ্য কৰাই দিলে ৰনাল্ডোৱে।

৯০০ টা গ'ল। ইমানেই যথেষ্ট। সকলো সমালোচনা, সকলো কটুক্তি, ট্ৰ'লৰ উত্তৰ মাত্ৰ এটা সংখ্যাতে। এয়া ৰনাল্ডোৰ দৰে অতিমানৱৰ বাবেই সম্ভৱ।

ফুটবল ইতিহাসত ব্যক্তিগতভাৱে ৯০০ টা গ'ল কৰা একমাত্ৰ ফুটবলাৰ হিচাপে পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। ইয়াৰ জৰিয়তেই বহুতেই পালে প্ৰত্যুত্তৰ।

বৃহস্পতিবাৰে নিশা নেচনছ লীগত ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেলিছিল পৰ্তুগালে। মেচখনৰ আৰম্ভণিৰ পৰাই আগবাঢ়ি আছিল পৰ্তুগাল। মেচখনৰ ৭ মিনিটতে ৰুণো ফাৰ্ণাণ্ডেজৰ পাছৰ সহায়ত গ'ল কৰে ডিয়েগো দালোটে।

তাৰ পাছত মেচখনৰ ৩৪ মিনিটত দৰ্শকে প্ৰত্যক্ষ কৰিলে সেই যাদুকৰী মুহূৰ্ত। পৰ্তুগালৰ নুনো মণ্ডেছৰ এটা পাছ পোৱাৰ লগে লগেই তাক নিখুঁট শ্বটেৰে গ'ললৈ ৰূপান্তৰ কৰিলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে।

লগে লগে সূচনা হ'ল এক ইতিহাস। ক্ৰিষ্টিয়ানো ৰনাল্ডো এনে এটা অভিলেখৰগৰাকী হ'ল যি আজিলৈকে কোনো ফুটবালৰ হ'ব পৰা নাই। ৯০০ টা ব্যক্তিগত গ'লৰ অধিকাৰী হ'ল পৰ্তুগীজ তাৰকা।

এয়া সাধাৰণ কথা নহয় বুলি বুজি পাইছিল স্বয়ং ৰনাল্ডোৱে নিজেই। সেয়ে হয়তো খেল পথাৰতে আৱেগিক হৈ পৰিছিল তেওঁ। দৌৰি গৈ মূৰত ধৰি খেলপথাৰৰ ঘাঁহনিত মুখ গুজি দিছিল। কেমেৰাই ফ'কাছ কৰিছিল তেওঁৰ সেমেকা চকুহাল। টিভিৰ স্ক্ৰীণত স্পষ্ট কৈ জিলিকিছিল ৰনাল্ডোৰ দুচকুৰ দুটোপাল মুকুটা।

ৰনাল্ডোৰ এই অভিলেখৰ সাক্ষী হৈছিল তেওঁৰ সতীৰ্থ। বুজি উঠিছিল তেওঁলোক কিমান সৌভাগ্যৰ অধিকাৰী। এজন মহাতাৰকাৰ সৈতে খেলাৰ সুযোগ পাইছে তেওঁলোকে। লগে লগে দৌৰি আহিছিল তেওঁলোকে। জনাইছিল অভিনন্দন।

ষ্টেডিয়ামত তেতিয়া কেৱল চিঞঁৰ। চিঞঁৰত ফাটি পৰিছিল দৰ্শক। পৰ্তুগালৰে নহয়, ক্ৰোৱেছিয়াৰ অনুৰাগীয়েও উদযাপন কৰিছিল ৰনাল্ডোৰ এই সাফল্যৰ আনন্দৰ মুহূৰ্তক।

ৰনাল্ডোৱে জানিছিল তেওঁৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ধৰি ৰাখিব পাৰিলে, নিষ্ঠাৰে খেলি গ'লে এদিন এনে এক অভিলেখৰ গৰাকী হ'ব পাৰিব তেওঁ। মেচখনৰ অন্তত সেই কথাই ক'লে ৰনাল্ডোৱে।

তেওঁ ক'লে এনেকুৱা এক অভিলেখ গঢ়িবলৈ পোৱাটো সঁচাকৈয়ে আৱেগৰ কথা। মই জানিছিলো এদিন এইদৰে এটা সংখ্যাক স্পৰ্শ কৰিব পাৰিম। এই স্থান ধৰি ৰাখিবলৈ কিমান নিষ্ঠাৰ প্ৰয়োজন সেয়া মই বুজি পাওঁ। মোৰ কাষৰ মানুহখিনিয়ে জানে প্ৰতিদিনে মই ইয়াৰ বাবে কিমান পৰিশ্ৰম কৰো।

এয়াই ৰনাল্ডো। ১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এই মহা তাৰকা যে বিশ্বৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ তাত কাৰো সন্দেহ নাই। পাঁচবাৰকৈ বেলন ডি অ'ৰ জয় কৰা ৰনাল্ডোৱে এতিয়ালৈকে দেশৰ হৈ কোনো ডাঙৰ টুৰ্ণামেণ্ট জয় কৰিব পৰা নাই।

এয়া তেওঁৰ কেৰিয়াৰৰ অন্যতম ট্ৰেজেডী। কিন্তু ফুটবল অনুৰাগীয়ে জানে ৰানাল্ডোৱে অকলেই সেই কাম কৰিব নোৱাৰে। আৰু ১০ জনৰ তেওঁক সমৰ্থন লাগে। সেই যোগ্য সমৰ্থন তেওঁ কেতিয়াও নাপালে। খেল পথাৰত তেওঁ হৈ পৰে অভিমন্যু সদৃশ।

ৰনাল্ডোৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কেতিয়াও হোৱা নাই। তেওঁ অৰ্জন কৰিছে চাৰিবাৰকৈ উউৰোপিয়ান গোল্ডেন বুট। ইউৰোপিয়ান খেলুৱৈ হিচাপে কোনেও এইদৰে চাৰিবাৰ গোল্ডেন বুট লাভ কৰা নাই। এয়াও এক অভিলেখ।

এতিয়ালৈকে কেৰিয়াৰত তেওঁ ৩৪ টা মুখ্য খিতাপ জয় কৰিছে। ইয়াৰ ভিতৰত আছে সাতটা লীগৰ খিতাপ, ৫ টা UEFA ৰ চেম্পিয়নছ লীগৰ খিতাপ, এটা UEFA ৰ ইউৰোপিয় চেম্পিয়শ্বিপ আৰু এটা ইউৰোপীয় নেচনছ লীগৰ খিতাপ।

চেম্পিয়নছ লীগত ৰনাল্ডোৰ ভৰিৰ পৰা আহিছে মুঠ ১৪০ টা গ'ল। ইউৰোপীয় চেম্পিয়নছশ্বিপত আহিছে সৰ্বাধিক ১২ টা গ'ল। দেশৰ হৈ কৰিছে ৮৫১ টা গ'ল। তেওঁ ১০০ টা আন্তঃৰাষ্ট্ৰীয় গ'ল কৰা দ্বিতীয়জন খেলুৱৈ তথা প্ৰথম ইউৰোপীয়।