ছয় নং দফা ৰূপায়ণত বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ... 
বিশেষ প্ৰতিবেদন

ছয় নং দফা ৰূপায়ণত বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ...

Asomiya Pratidin
অসম চুক্তিৰ ৬ নং দফা মানেই বিতৰ্ক। চুক্তিৰ এই দফা কাৰ্যকৰীকৰণক লৈ দীৰ্ঘদিনৰ পৰা অব্যাহত আছে ৰাজনীতি। তাৰ মাজতেই কেন্দ্ৰই গঠন কৰিছিল বিপ্লৱ শৰ্মা আয়োগ। এই আয়োগে ২০২১ তে প্ৰতিবেদন দিলে যদিও কাৰ্যকৰী নকৰাক লৈয়ো চলি আছিল বিতৰ্ক। এনে বিতৰ্কৰ মাজতে আজি অসম চৰকাৰৰ কেবিনেটে আয়োগৰ প্ৰতিবেদনক অনুমোদন জনোৱাই নহয় সিংহভাগ পৰামৰ্শ ৰূপায়ণ কৰাৰো সিদ্ধান্ত ল'লে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বহু চৰ্চিত আৰু আলোচিত উচ্চ স্তৰীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ আজিৰে পৰা কাৰ্যকৰী হ'ল বুলি আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

কি আছে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত?

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত কি কি পৰামৰ্শ আছে সেয়া স্পষ্টকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই যদিও এই প্ৰতিবেদনখনত আছে মুঠ ৬৭ টা পৰামৰ্শ। এই পৰামৰ্শসমূহত আজিৰ কেবিনেটে অনুমোদন জনাইছে।

এই ৬৭ টা পৰামৰ্শৰ ভিতৰত ১০ টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয়। বাকী ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ পৰ্যায়তে ৰূপায়ণ কৰিব পৰা বিধৰ। সেয়ে ৰাজ্য চৰকাৰে এই ৫৭ টা পৰামৰ্শ আজিৰে পৰা ৰূপায়ণৰ বাবে ৰোড মেপ তৈয়াৰ কৰিছে। ২০২৫ ৰ ১৫ এপ্ৰিলৰ পূৰ্বে এই পৰামৰ্শসমূহ ৰূপায়ণৰ কাম সম্পূৰ্ণ কৰিব।

কি ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলৰ জৰিয়তে কয়, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ পৰামৰ্শ দিওঁতেই আমি কৈছিলো, কমিটীয়ে আমাক ৩ বছৰ বিষয়টো পৰীক্ষা কৰিবৰ বাবে সময় দিছে। আমি পৰীক্ষা-নিৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ আওঁতাৰ ভিতৰত অহা পৰামৰ্শবোৰ ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আহে সেইখিনি কেন্দ্ৰলৈ প্ৰেৰণ কৰিম।

আজি আমি কেবিনেটত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন পুংখানুপুংখ ভাৱে আলোচনা কৰিলো। আলোচনা কৰাৰ পিছত প্ৰতিবেদনত থকা মুঠ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

তেওঁ কয়, সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ সৈতে কথা পাতি ৫৭ টা পৰামৰ্শ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ পূৰ্বে ৰূপায়ণ কৰাৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰিছো। এই বিষয়ে গুৱাহাটীলৈ গৈ তিনি চাৰি দিনৰ পাছত সংবাদ মেল অনুষ্ঠিত কৰি যি ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছো সেই বিষয়ে ঘোষণা কৰিম।

ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কথা পাতি কি ধৰণে এই ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰা হ'ব সেই সন্দৰ্ভত ঐক্যমতত উপনীত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। বাকী যি ভাৰত চৰকাৰৰ পৰ্যায়ৰ ১০ টা পৰামৰ্শ থাকিব সেই পৰামৰ্শ পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিবলৈ আমি ভাৰত চৰকাৰলৈ হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছো। ইয়াৰে এটা, দুটা পৰামৰ্শ ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে।

তেওঁ পুনৰ কয়, এই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ যাওঁতে জনজাতীয় ভাষা, সংস্কৃতিৰ ওপৰত যাতে আঘাত নপৰে তাৰ বাবে আমি ষষ্ঠ অনুসূচীৰ অধীনৰ ডিমা হাচাও, কাৰ্বি আংলং আৰু বড়োলেণ্ড কৰ্তৃপক্ষৰ অনুমতি লোৱাৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ অনুমতিৰ পিছতহে এই পৰামৰ্শ ৰূপায়ণ কৰিম।

তেনেকৈয়ে ভাষাৰ ক্ষেত্ৰত কেইটামান পৰামৰ্শ ৰূপায়ণ কৰাৰ পূৰ্বে বৰাক উপত্যকাৰ ৰাইজৰো অনুমতি ল'ব লাগিব। বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচীক বাদ দি বাকী ৫৭ টা পৰামৰ্শ লগে লগে ৰূপায়ণ কৰিম। যিকেইটা পৰামৰ্শ সংবেদনশীলতাৰ বাবে আলোচনা নকৰাকৈ পোনচাটেই ৰূপায়ণ কৰিব নোৱাৰি সেই কেইটাৰ বিষয়েও সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আগবাঢ়িম।

অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কেতিয়াৰ পৰা ৰূপায়ণ হ'ব, সেই ৰূপায়ণৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হ'ল। ৫৭ টা পৰামৰ্শ আমি ১৫ এপ্ৰিল ২০২৫ ৰ ভিতৰত ৰূপায়ণ কৰিম।

২০১৯ তে গঠন কৰিছিল বিপ্লৱ কুমাৰ শৰ্মা আয়োগ

'কা' আন্দোলনৰ মাজতে ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে অসমত ১৩ জনীয়া এক উচ্চস্তৰীয় কমিটী গঠন কৰিছিল। এই কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক।

এই কমিটীয়ে ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি ২০২০ ৰ ১০ ফেব্ৰুৱাৰীত এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল। উচ্চস্তৰীয় কমিটী গঠন সন্দৰ্ভত সংসদত উল্লেখ কৰি অমিত শ্বাহে এই প্ৰতিবেদন সংসদত আখৰে আখৰে পালন কৰিব বুলি কৈছিল যদিও প্ৰতিবেদন প্ৰস্তুত হৈ উঠাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰহস্যজনকভাৱে ইয়াক গ্ৰহণ নকৰিলে।

উপায়ন্তৰ হৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাততে এই প্ৰতিবেদন দাখিল কৰিলে বিপ্লৱ শৰ্মা আয়োগে। যদিও চুক্তি ৰূপায়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ তথাপিও কেন্দ্ৰীয় চৰকাৰে এই চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ দায়িত্ব অসম চৰকাৰৰ বুলিহে উল্লেখ কৰি বিষয়টোৰ পৰা ফালৰি কাটিলে।

এই সন্দৰ্ভত দাখিল হোৱা এক আৰ টি আইৰ আবেদনত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে স্পষ্টকৈ জনাইছিল যে, ছয় নং দফা কাৰ্যকৰী সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰক জমা দিছে ৷ এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন সংসদৰ মজিয়াতে আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ২০২১ চনত পুনৰ অসম চৰকাৰে এই প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ আন এক উপ-সমিতি গঠন কৰিছিল। এই কমিটীৰ সদস্য আছিল মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, পীযুষ হাজৰীকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব।

৩ মাহৰ ভিতৰতে এই কমিটীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰি এই সন্দৰ্ভত প্ৰতিদেবন দাখিল কৰাৰ কথা আছিল যদিও এই পৰ্যন্ত সেই সমিতিৰ কোনো প্ৰতিবেদন প্ৰস্তুতে নহ'ল। অসম চৰকাৰৰ তিনি মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে গঠিত এই কমিটীয়ে এতিয়াও প্ৰতিবেদন প্ৰস্তুত কৰিব নোৱাৰা বিষয়টো সদ্য সমাপ্ত অসম বিধানসভাৰ অধিবেশনৰ মজিয়াতে স্পষ্ট হয়।

বিতৰ্কৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ল প্ৰতিবেদনৰ পৰামৰ্শ ৰূপায়ণৰ কাম

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী নকৰাক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত আয়োগৰ প্ৰতিবেদনত অনুমোদন দিয়া বিষয়টো গুৰুত্বপূৰ্ণ। কেবিনেটে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শত অনুমোদন জনোৱাৰ লগে লগে এই প্ৰতিবেদন ৰূপায়ণৰ কাম আৰম্ভ হ'ল বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

২০২৫ ৰ এপ্ৰিলৰ পূৰ্বে ইয়াৰে ৫৭ টা পৰামৰ্শ ৰূপায়ণৰ এই সিদ্ধান্তই স্বাভাৱিকতে গুৰুত্বপূৰ্ণ। পিছে এই পৰামৰ্শ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰে হ'বলগীয়া আলোচনা, ষষ্ঠ অনুসূচীৰ অঞ্চলৰ অনুমতি আৰু বৰাক উপত্যকাৰ ৰাইজৰ সহাৰিৰ ওপৰতো এইপৰামৰ্শ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বহু কথাই নিৰ্ভৰ কৰিব। যি ৫৭ টা পৰামৰ্শ কাৰ্যকৰীকৰণৰ কথা কোৱা হৈছে সেয়া মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলেই এই বিষয় সকলো কথা স্পষ্ট হ'ব।