ইগৰ ষ্টিমাকৰ আঙুলিত ধৰি আগবাঢ়িছে ভাৰতীয় ফুটবল... 
বিশেষ প্ৰতিবেদন

ইগৰ ষ্টিমাকৰ আঙুলিত ধৰি আগবাঢ়িছে ভাৰতীয় ফুটবল...

Asomiya Pratidin
ভাৰতীয় ফুটবল দলটোৱে চকুত লগাকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। ইতিহাস সৃষ্টিৰে ইণ্টাৰকণ্টিনেণ্টেল কাপৰ পাছত দখল কৰিলে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ। অসম্ভৱ যেন লগা মেচো জয় কৰিছে। ভাৰতীয় ফুটবলৰ এনে উত্থাপনৰ বাবে বহুতেই মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ কথা কয়। তেওঁৰ বাবেই ভাৰতীয় দলটোলৈ অহা পৰিৱৰ্তনৰ কথা কয়। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সেয়া আছিল ১৯৪৮ চনৰ কথা। ভাৰতে স্বাধীনতা লাভ কৰাৰ এটা বছৰৰ পিছত ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হৈছিল অলিম্পিক প্ৰতিযোগিতা। ভাৰতীয় ফুটবলৰ সোণালী সময়। সেইবাৰ লণ্ডন অলিম্পিকত ভাৰতক নেতৃত্ব দিছিল তেতিয়াৰ অবিভক্ত অসমৰ সুন্তান ডাঃ টালিমেৰন আওৱে।

সেইবাৰ অলিম্পিকত ভাৰতে পদক জয় কৰিব পৰা নাছিল যদিও বিশ্ববাসীৰ হৃদয় জয় কৰিছিল। খেলপথাৰত ভাৰতীয় ফুটবল দলটোৱে খালী ভৰিৰেই নামিছিল। প্ৰথম মেচখনতেই প্ৰতিপক্ষ আছিল মহা শক্তিশালী ফ্ৰান্স।

মেচখনত ২-১ গলত পৰাস্ত হ'ল ভাৰত। ভাৰতে মেচখনত দুটা পেনাল্টি কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাৰ বাবেই হৈছিল এই পৰাজয়। সেয়া আছিল এক ট্ৰেজিক এক্সিডেণ্ট। এই মেচখনত ভাৰত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ'লেও ভাৰতীয় দলটোৰ নেতৃত্বত থকা টালিমেৰন আওৱে প্ৰতিপক্ষৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ ক্ৰীড়া প্ৰতিভা দেখি হতবাক হৈ পৰিছিল বিশ্বফুটবলৰ অন্যতম শক্তিশালী ফৰাচী বাহিনী। মেচখনত খালী ভৰিৰেই খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰিছিল ভাৰতীয় খেলুৱৈয়ে। খেলৰ অন্তত ফৰাচী বাহিনীয়ে পৰম আশ্চৰ্যৰে টালিমেৰন আওৰ ভৰি দুখন চুই চাইছিল। কিজানি ভৰিখনত বন্ধা আছে তীখা!

ভাৰতীয় ফুটবলৰ সেই সোণালী সুদিন পুনৰ কেতিয়া ঘূৰি আহিব সেয়া এতিয়াই কোৱাটো কঠিন। কিন্তু ভাৰতীয় ফুটবলৰো যে এক নিজা বৈশিষ্ট আছে, সৌন্দৰ্য আছে সেয়া বিশ্বই জানে।

বিশ্ব ফুটবলত ভাৰতৰ দপদপনি নাই যদিও সৰ্বাধিক গ'ল কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষ ৩ জন খেলুৱৈৰ ভিতৰত আছে ভাৰতীয় খেলুৱৈ সুনীল চেত্ৰী। ভাৰতীয় ফুটবলৰ স্বপ্নৰ দৌৰ এতিয়া পুনৰ আৰম্ভ হৈছে।

২০১৯ চনত ভাৰতীয় দলটোক এজন ক্ৰোয়েছিয়ানৰ হাতত গতাই দিয়াৰ পাছতে পুনৰ আৰম্ভ হৈছে সেই স্বপ্নৰ দৌৰ। ১৯৯৮ চনৰ ফুটবল বিশ্বকাপত তৃতীয় স্থানত আছিল ক্ৰোয়েছিয়া।

এই দলটোৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল ইগৰ ষ্টিমাক। এইগৰাকী ইগৰ ষ্টিমাককে ২০১২ চনত ক্ৰোয়েছিয়া জাতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ গুৰু দায়িত্ব প্ৰদান কৰিছিল। যিসময়ত তেওঁ ক্ৰোয়েছিয়া দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল সেই সময়ত ৰাকিটিক, মড্ৰিক, মাণ্ডজুকিকৰ দৰে ক্ৰোৱেছিয়ান যুৱ খেলুৱৈসকলে ইউৰোপত ধুমুহাৰ সৃষ্টি কৰিছিল।

অৱশ্যে এনে প্ৰতিভা থকাৰ পাছতো ২০১০ ৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল এই দলটো। ২০১২ ত ইউৰো কাপৰ গ্ৰুপ পৰ্যায়তে নিজৰ অভিযান সামৰিবলৈ বাধ্য হৈছিল ক্ৰোয়েছিয়াই।

তেনে এক সন্ধিক্ষণত ইগৰ ষ্টিমাকলৈ আহিছিল জাতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হোৱাৰ সুযোগ ! তেওঁ দায়িত্ব লোৱাৰ সময়ত ক্ৰোৱেছিয়া যি দুৰৱস্থাৰ মাজেৰে সময় পাৰ কৰিছিল সেই সময়ৰ পৰা উদ্ধাৰ কৰি আনি ২০১৪ ৰ বিশ্বকাপলৈ সাজু কৰি তোলাৰ বিষয়টো আছিল যথেষ্ট প্ৰত্যাহ্বানযুক্ত।

কাৰণ তেওঁ কোনো যাদুকৰ নাছিল। ইগৰ ষ্টিমাকৰ প্ৰশিক্ষণতো ক্ৰোয়েছিয়াই বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী বহু কেইখন মেচত পৰাস্ত হৈছিল। ফলত ক্ৰোয়ছিয়াত তেওঁৰ বিৰুদ্ধে সমালোচনা হৈছিল।

কাকতত তেওঁৰ বিৰুদ্ধে নিবন্ধ প্ৰকাশ হৈছিল। কেৱল সিমানেই নে? এখন বাতৰি কাকতে আকৌ ইগৰ ষ্টিমাক জাতীয় দলটোৰ প্ৰশিক্ষক হৈ থাকিব লাগেনে নালাগে বুলি এক ভোটিঙো আৰম্ভ কৰিলে।

এই ভোটিঙত ৯৮ শতাংশ লোকেই ক'লে ইগৰ ষ্টিমাক এই দায়িত্বৰ পৰা অব্যাহতি দিয়ক। আৰু তাৰ পাছতেই ইগৰ ষ্টিমাক বাহিৰ হৈছিল ক্ৰোয়েছিয়াৰ জাতীয় দলটোৰ পৰা।

কিন্তু সেই কম সময়তে ইগৰ ষ্টিমাকে ফিফাৰ ৰেংকিঙত ক্ৰোয়েছিয়াক চতুৰ্থ স্থানলৈ তুলি আনিবলৈ সক্ষম হৈছিল। সেই সময়লৈকে ক্ৰোয়েছিয়াৰ ফিফাৰ ৰেংকিঙত সেয়াই আছিল সৰ্বোচ্চ স্থান।

২০১৯ ত ভাৰতীয় ফুটবল দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল সেইগৰাকী ইগৰ ষ্টিমাকক। তেওঁৰ প্ৰশিক্ষণত প্ৰথমে বাহ্যিক ভাৱে ভাৰতীয় দলটোৰ কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ'ল।

কেইবাখনো মেচত ধাৰাবাহিক পৰাজয়। তাৰ পাছত ক্ৰমান্বয়ে সলনি হ'বলৈ আৰম্ভ কৰিলে দৃশ্যপট। যিসকলে ভাৰতীয় ফুটবলক বুজি পাই, ভালকৈ পৰ্যবেক্ষণ কৰে তেওঁলোকে আনে মন নকৰা বা দেখিও অনুভৱ নকৰা এক পৰিৱৰ্তন দেখিবলৈ ধৰিলে।

খেলপথৰাত ভাৰতীয় ফুটবলাৰে অপ্ৰয়োজনীয় দীঘলীয়া শ্বট খেলাতকৈ সৰু সৰু পাছ খেলি বিপক্ষৰ ৰক্ষণ বিভাগত সোমাবলৈ আৰম্ভ কৰিলে। অধিক সময় বল নিজৰ দখলত ৰাখিবলৈ ল'লে।

আৰু সেই কৌশলেই যেন ভাৰতীয় ফুটবল দলটোক সফলতাৰ ট্ৰেকলৈ উভতাই আনিলে। যোৱা প্ৰায় ৫ টা বছৰত ভাৰতীয় ফুটবল দলটোক ইগৰ ষ্টিমাকে ফিফাৰ ৰেংকিঙৰ ১০০ নং স্থানলৈ লৈ আহিবলৈ সক্ষম হ'ল।

ক্ৰোয়েছিয়া আৰু ভাৰতীয় ফুটবল আৰু দুয়ো দেশৰ ফুটবলাৰসকলৰ মাজত যথেষ্ট প্ৰাৰ্থক্য আছ। তাৰ পিছতো কিন্তু ইগৰ ষ্টিমাকে এক সুন্দৰ সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

যিদৰে স্বদেশৰ ফুটবল দলটোৰ সৈতে একাত্ম হৈ পৰিছিল ঠিক তেনেকৈয়ে তেওঁ ভাৰতীয় ফুটবল দলটোৰ সৈতে এতিয়া একাত্ম হৈ পৰিছে। এসময়ত ক্ৰোয়েছিয়ান ফুটবাৰৰ সফলতাত তেওঁ যদি আলিংগন কৰি অভিনন্দন জনাইছিল, এতিয়া ভাৰতীয় ফুটবলাৰৰ সফলতাত মূৰত হাত বুলাই মৰমৰ চুমাৰে উপচাই দিছে।

ভাৰতীয় ফুটবলৰ অধিনায়ক সুনীল চেত্ৰীক খেলপথাৰৰ মাজত কপালত দিয়া সেই মৰমৰ চুমটো কোন ভাৰতীয়ই পাহৰিব পাৰিব? খেলপথাৰত বিজয় সাব্যস্ত কৰাৰ পাছতেই ভাৰতীয় ফুটবলাৰসকল এতিয়া মুখ্য প্ৰশিক্ষকজনৰ কাষলৈ দৌৰি আহি তেওঁক সাৱটি ধৰাৰ দৃশ্য তেনেই সুলভ।

পূৰ্বে এই দৃশ্য সুলভ নাছিল। সেয়ে এতিয়া বহুতেই ক'বলৈ বিচাৰে ইগৰ ষ্টিমাকৰ উপস্থিতিত ভাৰতীয় ফুটবলে নতুন প্ৰাণ পাইছে। শক্তিশালী দেশক পৰাভূত কৰি ধাৰাবাহিক ভাৱে এখনৰ পাছত এখন টুৰ্ণামেণ্ট জয় কৰিছে। ইগৰ ষ্টিমাকৰ আঙুলিত ধৰি সফলতাৰ দিশলৈ এখোজ, দুখোজকৈ আগবাঢ়িছে। তেওঁ যেন এতিয়া ভাৰতীয় ফুটবল দলটোৰ পিতৃ হৈ পৰিছে।