'লখিমী'ৰে লুণ্ঠন চলোৱা মামণিৰ কোপদৃষ্টি ইউনিয়ন কো-অপাৰেটিভ বেংকত... 
বিশেষ প্ৰতিবেদন

'লখিমী'ৰে লুণ্ঠন চলোৱা মামণিৰ কোপদৃষ্টি ইউনিয়ন কো-অপাৰেটিভ বেংকত...

Asomiya Pratidin

গুৱাহাটীৰ দীপাংকাৰ বৰ্মনৰ পাছত ডিব্ৰুগড়ৰ ২২ বছৰীয়া যুৱক বিশাল ফুকন আৰু নৃত্য নিৰ্দেশিকা চুমি বৰাই ট্ৰেডিঙৰ নামত উজনি অসমত সংঘটতি কৰা মহা প্ৰৱঞ্চনাৰ জালখনৰ উন্মোচিত হোৱাৰ পিছতে ৰাজ্যত মকৰাজালৰ দৰে গঢ়লৈ উঠা এই ভুৱা ট্ৰেডিঙৰ বিষয়সমূহ পোহৰলৈ আহিছে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কিন্তু তাৰ পাছতো শেষ হোৱা নাই প্ৰৱঞ্চনাৰ এই কাহিনী। নিতৌ এইধৰণৰ কাহিনী পোহৰলৈ আহিয়েই আছে। শেহতীয়াকৈ বিশাল, চুমিৰ দৰেই যোৰহাটত আন এক কাহিনী পোহৰলৈ আহিছে।

এই কাহিনীৰ আঁৰতো আছে এগৰাকী মহিলা। চুমিৰ দৰেই এই মহিলাগৰাকীও সাংস্কৃতিক ক্ষেত্ৰখনৰে আছিল জড়িত। বিশাল, চুমিয়ে ৬০ টা কৰ্ম দিনত ৩০ শতাংশ লাভ দিয়াৰ আশাৰে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল ধন। পিছে যোৰহাটৰ এই মহিলাগৰাকী আৰু এসোপ চৰা।

এইগৰাকী মহিলাই আজিৰ পৰা ১৪ বছৰ পূৰ্বে ২০১০ চনতেই মাহে ৩০ শতাংশ লাভ দিয়াৰ আশাৰে বভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা। এইগৰাকী মহিলাই দেখুওৱা লাভৰ আশাতে তেওঁৰ হাতত ধন তুলি দি সৰ্বস্বান্ত হৈছে বহুজন।

পৰৱৰ্তী সময়ত এই মহিলাগৰাকী নিজৰ কু-কৰ্মৰ ফলত কাৰাগাৰৰ বাসিন্দা হৈছিল যদিও এতিয়া পুনৰ চৰ্চালৈ আহিছে। এসময়ত কোটি কোটি টকা লুণ্ঠন কৰি কাৰাগাৰৰ বাসিন্দা হোৱা এই মহিলাগৰাকী এতিয়া এটা সমবায় বেংকৰ উন্নয়ন বিষয়া। তেওঁ এই বেংকৰ দায়িত্ব লোৱাৰ পিছতে এতিয়া এই বেংকো হ'ল দেউলীয়া।

মামণি দত্ত শইকীয়া, যোৰহাটৰ ইউনিয়ন কো-অপাৰেটিভ বেংকৰ উন্নয়ন বিষয়া। এই মহিলাগৰাকীক লৈ এতিয়া যোৰহাটত সৰৱ চৰ্চা। এসময়ত কোটি কোটি টকা লুণ্ঠন কৰি কাৰাগাৰলৈ যোৱা এই মহিলাগৰাকী কিদৰে ইউনিয়ন কো-অপাৰেটিভ বেংকৰ উন্নয়ন বিষয়া হ'ল সেয়া এতিয়া সকলোৰে বাবে ৰহস্যৰ বিষয়।

তেওঁ দেউলীয়া হৈ পৰা এই কো-অপাৰেটিভ বেংকৰ উন্নয়ন বিষয়া হিচাপে সংবাদ মেল সম্বোধন কৰাৰ পিছতেই এতিয়া যোৰহাটৰ সৰ্বত্ৰে চৰ্চা। এই মহিলাগৰাকীৰ অতীত প্ৰৱঞ্চনাৰে ভৰপূৰ।

বহুৰূপী এই মহিলাগৰাকীৰ মূৰত কাৰ আশীৰ্বাদ আছে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই প্ৰৱঞ্চক মহিলাগৰাকীৰ আগমণৰ পাছতে ইউনিয়ন কো-অপাৰেটিভ বেংক দেউলীয়া হোৱা বিষয়টোৱে এতিয়া তেওঁৰ অতীত ৰোমণ্ঠনৰ কাৰণ হৈ পৰিছে।

২০১০ চনত যোৰহাটৰ তৰাজানৰ অই এছ বি টিৰ কাষত আৰম্ভ হৈছিল এক ভুৱা বিত্তীয় প্ৰতিষ্ঠান। নাম আঠিল লখিমী ফাইনেন্স। এই বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালিকা হিচাপে দায়িত্বত আছিল মামণি দত্ত শইকীয়া ।

সেই সময়ত মামণি দত্ত আছিল সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত। সেই অনুসৰিয়েই তেওঁ বহু লোকৰ ঘনিষ্ঠ হৈ পৰিছিল। সেই সময়ত নতুন ধাৰাৰে সৃষ্টি হোৱা দিহানামৰো তেওঁ প্ৰশিক্ষণ দিছিল।

প্ৰথমে তেওঁ বাজাজ ফাইনেন্সৰ এজেণ্ট হিচাপে কাম কৰিছিল। এই এজেণ্ট হিচাপেই তেওঁ বিভিন্নজনৰ পৰা টকা সংগ্ৰহ কৰিছিল। সেই অভিজ্ঞতাৰেই তেওঁ খুলি লৈছিল লখিমী ফাইনেন্স নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান।

এই প্ৰতিষ্ঠানৰ বাবে এজেণ্ট হিচাপে নিয়োগ কৰিছিল বিভিন্ন লোকক। মামণি দত্ত শইকীয়াৰ এই প্ৰতিষ্ঠানত এজেণ্ট হিচাপে কাম কৰি ধন সংগ্ৰহ কৰাসকলৰ দুজনমানে পৰৱৰ্তী সময়ত গ্ৰাহকৰ পৰা পোৱা মানসিক চাপ সহ্য কৰিব নোৱাৰিয়েই আত্মহত্যাৰ দৰেও পথ বাচি লৈছিল।

মামণি দত্ত শইকীয়াই লখিমী ফাইনেন্সৰ নামৰ এই ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি ১০০ দিনত গ্ৰাহকৰ জমা ধন দুগুণ কৰাৰ লগতে মাহে ৩০ শতাংশ লাভ দিয়াৰ প্ৰলোভন দিছিল। এই প্ৰলোভনতে ভুল গৈ বিভিন্নজনে তেওঁৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰিছিল। যি সমুদায় ধন মামণি দত্ত শইকীয়াই উদৰস্থ কৰিলে।

সেই সময়ত মামণি দত্ত শইকীয়াই ধনৰ বলত সকলোকে মেনেজ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষী, প্ৰশাসন, সাংবাদিক সকলো আছিল তেওঁৰ হাতৰ মুঠিত। অৱশ্যে তাৰ মাজতেই প্ৰৱঞ্চিত একাংশ গ্ৰাকে যোৰহাট সদৰ থানাত ৰুজু কৰাৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ হয় প্ৰৱঞ্চক মহিলাগৰাকী।

ইয়াৰ পূৰ্বেই তেওঁ প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰে যোৰহাটৰ পশ্চিম দিশত বাইপাছৰ কাষৰ ভূমি। এই ভূমিতে নিৰ্মাণ কৰে অট্টালিকা। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ এই ভূমি আৰু অট্টালিকাক থাকিবলৈ নাপালে। কাৰাগাৰৰ আলহী হোৱা এই মহিলাগৰাকীৰ এই সম্পত্তি তেওঁৰে প্ৰৱঞ্চনাৰ বলি হোৱা ছালফা সদস্যই কাঢ়ি লয়।

মামণি দত্ত শইকীয়াৰ দৰেই কু-কৰ্মত পাৰ্গত তেওঁৰ স্বামীও। গড়কাপ্তানি (এতিয়া লোকনিৰ্মাণ) বিভাগত কৰ্মৰত অৱস্থাতে দুৰ্নীতিৰ অভিযোগত নিলম্বিত হ'বলগীয়া হৈছিল। এই দুয়ো স্বামী, স্ত্ৰীয়ে পৰৱৰ্তী সময়ত যোৰহাটৰ জেইল ৰোডৰ এটা ঘৰ ভাড়া ঘৰত থাকিবলৈ লয়।

ঠগ, প্ৰৱঞ্চনাৰ বাহিৰে বেলেগ একো কথাই চিন্তা কৰিব নোৱাৰা এই দম্পত্তিয়ে পৰৱৰ্তী সময়ত ভাড়ালৈ লোৱা এই ঘৰটোকে কাঢ়ি লোৱাৰো চেষ্টা কৰে। অৱশ্যে এই অপচেষ্টাত তেওঁলোক সফল নহ'ল।

মহা প্ৰৱঞ্চক এই মহিলাগৰাকীয়ে ২০১৬ চনত এটা আঞ্চলিক ৰাজনৈতিক দলৰ হৈ মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰো মন মেলিছিল। প্ৰৱঞ্চনাৰ এনে ইতিহাসেৰে সমৃদ্ধ এই মহিলাগৰাকীয়ে ২০২০ ত সন্তৰ্পণে যোগদান কৰে যোৰহাট ইউনিয়ন কো-অপাৰেটিভ বেংকত।

২০২০ ত যোৰহাট ইউনিয়ন কো-অপাৰেটিভ বেংকৰ উন্নয়ন বিষয়াৰ দায়িত্ব লোৱা এই মহিলাগৰাকীয়ে স্বাভাৱিকভাৱেই বিত্তীয় প্ৰতিষ্ঠানৰ উন্নয়ন কৰাৰ বিপৰীতে নিজৰ উন্নয়নতহে গুৰুত্ব দিয়ে। ফলত এই প্ৰতিষ্ঠানটোৰ অধোগতি আৰম্ভ হয়।

মামণি দত্ত শইকীয়াৰ যোগদানৰ পাছতে এই বিত্তীয় প্ৰতিষ্ঠানৰ এনে অৱস্থা হয়গৈ যে, গ্ৰাহকৰ জমা ধনো ঘূৰাই দিব নোৱাৰা হৈ পৰে। ফলত এতিয়া এই বিত্তীয় প্ৰতিষ্ঠানৰ গ্ৰাহকসকলো কাষ চাপে আৰক্ষীৰ।

ইফালে চুমি, বিশাল কাণ্ডৰ পাছতেই জিলাই জিলাই এনে আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰসমূহ মুকলি হোৱাত পুনৰ লখিমী ফাইনেন্সৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থকা গোচৰো পুনৰ খোল খোৱাৰ সম্ভাৱনাই দেখা দিছে।

এনে সময়তে এই বহুৰূপী মহিলাগৰাকীয়ে এতিয়া যোৰহাটৰ ইউনিয়ন কো-অপাৰেটিভ বেংকৰ উন্নয়ন বিষয়া হিচাপে আত্মপ্ৰকাশ কৰি সংবাদ মেল সম্বোধন কৰিছেে। এনে পৰিস্থিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে মহা প্ৰৱঞ্চক এই মহিলাগৰাকী কেনেকৈ এই বিত্তিয় প্ৰতিষ্ঠানটো হৈ আছে এই সমবায় বেংকত? কিদৰে এই প্ৰতিষ্ঠান দেউলীয়া হ'ল? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি? এয়া এতিয়া ডাঙৰ প্ৰশ্ন।