মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত... 
বিশেষ প্ৰতিবেদন

মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...

উদ্যোগী হৈয়ো ধৰি ৰাখি পাৰিব সংস্কৃতি

Asomiya Pratidin
মুখা শিল্পৰ বাণিজ্যিকৰণ হৈছে। লাভ কৰিছে জি আই টেগো। ভাওনা সংস্কৃতিৰ অভিন্ন অংশ মুখা শিল্পৰ চৰ্চা জীৱিকা হ'ব পাৰেনে? এই শিল্পলৈ কিদৰে আহিছে প্ৰত্যাহ্বান? মুখা শিল্পত থাকিবগৈ নে থলুৱা উপাদান? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

সংস্কৃতি এটা জাতিৰ দাপোন। সংস্কৃতিয়ে এটা জাতিৰ ঐতিহ্যৰ ভঁৰাল চহকী কৰে। নদী দ্বীপ মাজুলী অসমৰ এনে চহকী সংস্কৃতিৰ হৃদপিণ্ড স্বৰূপ। সত্ৰীয়া সংস্কৃতিৰে চহকী মাজুলীৰ মুখা শিল্পও এতিয়া বিশ্ব সমাদৃত।

মাজুলীৰ সত্ৰসমূহৰ ভিতৰত বিশেষকৈ শ্ৰী শ্ৰী চামগুৰি সত্ৰই মুখা শিল্পক প্ৰচাৰ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ অংশ মুখা শিল্পক বিশ্বমুখী কৰাত নিজকে উৎসৰ্গা কৰিছে চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বমীয়ে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মুখা শিল্পত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামীয়ে এই শিল্পৰ বাবে লাভ কৰিছে সংগীত নাটক একাডেমী, পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বমীৰে শিষ্য তথা চামগুৰিৰ বিশিষ্ট মুখা শিল্পী খগেন গোস্বামী আৰু তেওঁৰ কেইবাজনো ছাত্ৰই গুৱাহাটীৰ খানাপাৰাৰ গণেশমন্দিৰস্থিত ইণ্ডৰ ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত হোৱা ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠানত মুখা শিল্পৰ কৰ্মশালা প্ৰদান কৰিছে। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত সঘনে মুখা শিল্পৰ কৰ্মশালা প্ৰদান কৰি অহা খগেন গোস্বামীয়েও মুখা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত নিজকে ব্ৰতী কৰিছে।

ভাওনা সংস্কৃতিৰ অভিন্ন অংগ মুখা শিল্প। এই শিল্প এতিয়া কেৱল সত্ৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা নাই। ই এক ক্ষুদ্ৰ উদ্যোগলৈও পৰিণত হৈছে। সেয়েহে নতুন প্ৰজন্মই এই শিল্পৰ চৰ্চাৰে সংস্কৃতিক ধৰি ৰখাৰ লগতে আৰ্থিক স্বাৱলম্বীৰ দিশতো অগ্ৰসৰ হ’ব পাৰি বুলি আশাবাদী খগেন গোস্বামী।

মখা নিৰ্মাণত ব্যস্ত মুখা শিল্পী খগেন গোস্বামী

সত্ৰৰ এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰাৰ বাবেই শৈশৱৰে পৰা মুখা শিল্পৰ সৈতে জড়িত হৈ থকা খগেন গোস্বামীয়ে জীৱনৰ সুদীৰ্ঘ সময়ৰ অভিজ্ঞতাৰ ভিত্তিত অনুভৱ কৰে, মুখা শিল্প এতিয়া এক ক্ষুদ্ৰ উদ্যোগলৈ পৰিণত হৈ পৰিছে। সেয়ে বহু লোক এই শিল্পৰ প্ৰতি আকৰ্ষিতও হৈছে।

তেওঁ কয়, পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে মুখা শিল্পৰ বাণিজ্যিকৰণৰ কৰাৰ পাছতে মুখা শিল্পই এক নতুন মাত্ৰা লাভ কৰিলে। এই শিল্পৰ সৈতে মানুহ জড়িত হ’বলৈ আগবাঢ়ি আহিছে। আই আই টিৰ দৰে দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে মুখা শিল্পৰ কৰ্মশালা আয়োজন কৰিছে।

কেৱল ভাওনাতে মুখাৰ ব্যৱহাৰেৰে ইয়াক আৱদ্ধ কৰি ৰখাৰ বিপৰীতে বাণিজ্যিকৰণ কৰাত এতিয়া সত্ৰ পৰিদৰ্শন কৰিবলৈ অহা বহু ব্যক্তিয়ে মাজুলীৰ মুখা ঘৰত সজাই থবলৈ ক্ৰয় কৰি নিয়ে। ফলত এই শিল্পই লাহে লাহে এক ক্ষুদ্ৰ উদ্যোগৰ ৰূপ ধাৰণ কৰিছে। মাহেকত এজন মুখা শিল্পীয়ে অতি কমেও ২০ ৰ পৰা ২৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁ নিজৰ উদাহৰণেই দাঙি ধৰিলে।

মহিলা, যুৱকে অংশগ্ৰহণ কৰিছে মুখা শিল্পৰ কৰ্মশালাত

মুখাৰ বিশ্বজনিন এক বজাৰ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত মুখা নিৰ্মাণ হয়। কিন্তু মাজুলীৰ মুখা শিল্পৰ সৈতে বিশ্বৰ আন প্ৰান্তৰ মুখা শিল্পৰ কোনো সাদৃশ্য অথবা সম্পৰ্ক নাই। মাজুলীৰ মুখা শিল্পৰ প্ৰায় ৪০০ বছৰীয়া এক ইতিহাস বা ঐতিহ্য আছে। এই ঐতিহ্যৰ সৈতে জড়িত হৈ আছে মহাপুৰুষীয়া অমিয়া সংস্কৃতি ভাওনা।

মাজুলীৰ মুখা তৈয়াৰ কৰা হয় সম্পূৰ্ণ থলুৱাভাৱে। বাঁহৰ পৰা কাঠি কৰি, পাতল কপাহী কাপোৰ, গোবৰ, কুঁহিলা, মৰাপাট, কুমাৰ মাটি আদিৰে মুখা তৈয়াৰ কৰা হয়। ইয়াত ৰং হিচাপে গছৰ গুটি, বাকলি, পাত, বেলৰ আঠা, গম গছৰ আঠা,খনিজ পদাৰ্থ হেঙুল, হাইতাল, মিঠাতেলৰ চাকিৰ ছাই, নীল গছ আদি ব্যৱহাৰ কৰা হয়। ইয়াত নাথাকে কোনোধৰণৰ কেমিকেল।  

বাঁহ কাটি আনি কাঠি কৰাৰ পৰা মুখা এখন তৈয়াৰ কৰি সম্পূৰ্ণ কৰাৰ লৈকে প্ৰায় ৩ দিনৰ সময়ৰ প্ৰয়োজন। এখন মুখা তৈয়াৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট আৰু ধৈৰ্যৰ প্ৰয়োজন। তাৰোপৰি মুখা শিল্পীজনৰো লাগে কলাত্মক চিন্তা। এজন ভাওনা শিল্পীৰ মুখত যি ৰূপ অংকন কৰিব নোৱাৰি মুখাই সেই ৰূপ প্ৰদান কৰে।

থলুৱাভাৱে প্ৰাকৃতিক উপাদানেৰে এখন মুখা তৈয়াৰ কৰাৰ ক্ষেত্ৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰি অতি কমেও ৩ দিনৰ সময়ৰ প্ৰয়োজন। সেয়ে এই শিল্পই বৰ্তমানৰ আধুনিক প্ৰযুক্তিগত দিশৰ সৈতে কিদৰে ফেৰ মাৰিব পাৰিব সেয়াও এক চিন্তাৰ বিষয়।  

এই সন্দৰ্ভত আমাৰ মনত সৃষ্টি হোৱা আশংকাৰ দিশটোৰ কথা আলোচনা কৰাৰ সময়ত খগেন গোস্বামীয়ে গুৰুজনাই কৈ যোৱা ‘’মিনতি বচন বোলো সৰ্ব্বজনে শুনিয়ো শাস্ত্ৰৰ মৰ্ম/আপুন কুশল চাৱা যেৱে তেৱে নেৰিবাহা যুগ-ধৰ্ম’’ শীৰ্ষক কীৰ্তনৰ ঘোষা ফাকিৰ কথা আওঁৰাই কয়, যুগৰ সৈতে আমি মিলি চলিবই লাগিব। যুগৰ সৈতে আগবাঢ়ি যাব লাগিব। কিন্তু যেতিয়ালৈকে আমি পাৰোঁ এই শিল্পক এইদৰেই থলুৱাভাৱে নিৰ্মাণৰ ৰূপটোক ধৰি ৰাখিম। সময়ৰ সৈতে মিলি আগবাঢ়িও মুখা শিল্পৰ বাবে প্ৰয়োজনীয় থলুৱা উপাদানখিনিক কেতিয়াও অনাদৰ নকৰোঁ।

তিনিখন সম্পূৰ্ণ আৰু দুখন অসম্পূৰ্ণ মুখা

শেহতীয়াকৈ মাজুলীৰ মুখা শিল্পই লাভ কৰিলে জিয়গ্ৰাফিকেল ইণ্ডিকেচন মাৰ্ক বা চমুকৈ জি আই টেগ। এই সন্দৰ্ভত তেওঁ কয়, এই স্বীকৃতিৰ প্ৰয়োজন আছিল। এই স্বীকৃতিয়ে মাজুলীৰ মুখা শিল্পক সুৰক্ষিত কৰিলে।

প্ৰতিদিন ইভেণ্টছ আৰু ষ্টইক ষ্টুডিঅ’ৰ উদ্যোগত টয়তাৰ সহযোগত খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠানত শ্ৰীশ্ৰী চামগুৰিৰ সত্ৰৰ মুখা শিল্প অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। শুকুৰবাৰে দেখা গ’ল এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ৰঙীয়া, টীয়কৰ যুৱকৰ উপৰিও মহানগৰীৰ মহিলা আৰু কিশোৰীও আগবাঢ়ি আহিল।

শনিবাৰেও মুখা শিল্পী খগেন গোস্বামী আৰু তেওঁৰ ছাত্ৰ কেইজনে মুখা শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিব। কিদৰে বাঁহৰ কাঠি তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি এখন মুখা তৈয়াৰ কৰি তাক আকৃতি দিব পাৰি সেই সকলো দিশৰ বিষয়ে হাতে কামে কৰি দেখুৱাব।মুখা শিল্পৰ প্ৰতি আগ্ৰহীসকলে নিশ্চয় ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰিব।  

অসমৰ চহকী সংস্কৃতিৰ অন্যতম অংশ মুখা শিল্পৰ জয়যাত্ৰা অব্যাহত থকাতো জৰুৰী। জাতিৰ জটিল সন্ধিক্ষণত এনেধৰণ সংস্কৃতিৰ চৰ্চাই জাতিটোক সুৰক্ষা প্ৰদান কৰিব। মূৰ থিয় কৰি থাকিব পৰাকৈ এক চিনাকী প্ৰদান কৰিব।