দিচৈ ভেলীৰ ইক'ছেনছিটিভ জ'নত চলিব তৈল খনন... 
বিশেষ প্ৰতিবেদন

দিচৈ ভেলীৰ ইক'ছেনছিটিভ জ'নত চলিব তৈল খনন...

Asomiya Pratidin
গিবন অভয়াৰণ্যৰ সৈতে লাগি থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত তৈল খননৰ বাবে প্ৰস্তুতি চলাইছে বেদান্ত গ্ৰুপৰ অধীনৰ ইয়াৰ্ণ ইণ্ডিয়াই। হলৌ বান্দৰ, হাতী, বিলুপ্তপ্ৰায় বন্য প্ৰাণীৰ বাসস্থান গিবনৰ ইক' ছেনছিটিভ জ'নত কেনেকৈ, কোনে আৰু কিয় তৈল খননৰ বাবে দিলে অনুমতি? এই বন ধ্বংসৰ আঁৰত জড়িত আছে নেকি প্ৰকৃতিবিদৰ নামধাৰি কোনোবা বনদস্যু? এইসকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এটাৰ পিছত এটাকৈ স্ব-বিৰোধী স্থিতি উন্মোচিত হৈ আহিছে অসম চৰকাৰৰ। অমৃত বৃক্ষ আন্দোলনেৰ অভিলেখ সৃষ্টি কৰি প্ৰকৃতি ৰক্ষাৰ কথা কোৱা অসম চৰকাৰৰ পৃষ্ঠপোষকতাতে ধ্বংসৰ দিশে আগবাঢ়িছে অসমৰ জৈৱ বৈচিত্ৰৰে ভৰপূৰ এক বৃহৎ অঞ্চল।

চৰকাৰী যন্ত্ৰৰ সু-পৰিকল্পনা অনুসৰিয়েই ধ্বংস হ'বলৈ আগবাঢ়িছে যোৰহাটৰ হোলাঙাপাৰ গিবন অভয়াৰণ্য। চৰকাৰৰ এই বন ধ্বংসৰ ষড়যন্ত্ৰত সাৰ-পানী যোগাইছে একাংশ তথাকথিত পৰিবেশ কৰ্মী, প্ৰকৃতি সুৰক্ষা কৰ্মীৰ নামধাৰিয়ে।

ইতিমধ্যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক ৱাইল্ড লাইফ ব’ৰ্ডৰ অনুমতি সাপেক্ষে কেন্দ্ৰীয় বন, পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ইক' ছেনছিটিভ জ'নৰ ভিতৰত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ অনুমোদন জনাইছে।

ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগমক প্ৰথমে ভাৰত চৰকাৰে এই অনুমতি দিয়াৰ পিছত নিগমে উদ্যোগপতি অনিল আগৰৱালাৰ অতি বিতৰ্কিত বেদান্ত গ্ৰুপৰ অধীনৰ কেয়াৰ্ন ইণ্ডিয়াক বনাঞ্চলখনত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ দায়িত্ব দিছে। ইয়াৰ পিছতে যোৱা কিছুদিন ধৰি ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ পাছত এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে।

কেন্দ্ৰীয় বন, পৰিবেশ আৰু জলবায়ু মন্ত্ৰণালয়ে তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অনুমতি দিয়া দিচৈ সংৰক্ষিত বনাঞ্চল লাগি আছে গিবন অভয়াৰণ্যৰ সৈতে। এই গিবন অভয়াৰণ্য গিবন হোলোক হলৌ বান্দৰৰ একমাত্ৰ বাসস্থান। এই ভয়াৰণ্যখনত আছে সাতটা বিলুপ্তপ্ৰায় বান্দৰৰ প্ৰজাতি। তাৰোপৰি আছে দুষ্প্ৰাপ্য নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ।

২০.৯৮ বৰ্গ কিলোমিটাৰৰ এই অভয়াৰণ্যখন পাটকাইৰ পাদদেশলৈ বিয়পি আছে যদিও ইতিমধ্যে বহু সংকুচিত হৈছে। অভয়াৰণ্যখনত অব্যাহত আছে চুবুৰীয়া নগাৰো আগ্ৰাসন।

নগাৰ আগ্ৰাসন ৰোধ কৰি বনাঞ্চলখন আজিলৈকে সুৰক্ষিত কৰিব নোৱাৰা অসম চৰকাৰে ইয়াত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে সেউজ সংকেট প্ৰদান কৰি সম্পূৰ্ণৰূপে ধ্বংসৰ দিশে লৈ গৈছে। ইতিমধ্যে এই বনাঞ্চলখনৰ ভিতৰত ৰে’ল লাইন নিৰ্মাণ কৰি, অভয়াৰণ্যখনৰ জীৱ, জন্তুৰ বহু ক্ষতি কৰিছে।

ৰে’লৰ খুন্দাত বনাঞ্চলখনৰ হাতীকে ধৰি বিভিন্ন বন্য, প্ৰাণীৰ মৃত্যু হৈছে। তাৰোপৰি বনাঞ্চলখনৰ মাজেৰে ২৫ হাজাৰ ভ'ল্টৰ বৈদ্যুতিকৰণ সংযোগ কৰা হৈছে। এই বৈদ্যুতিকৰণেও গিবনকে ধৰি অন্যান্য বন্যপ্ৰাণীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে।

এই ভাবুকিৰ মাজতে পুনৰ কেন্দ্ৰীয় চৰকাৰে ইয়াত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অনুমতি দিয়া কাৰ্যই প্ৰমাণ কৰিছে চৰকাৰী ভাবেই এই অভয়াৰণ্যখনক পৰিকল্পিতভাৱে ধ্বংসৰ দিশে লৈ গৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাৰ্থত বনাঞ্চলখনৰ ৪.৪ হেক্টৰ এলেকাৰ বন ভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি তৈল খননৰ বাবে অনুমতি দিয়া হৈছে।

কিন্তু প্ৰশ্ন হৈছে গিবন অভয়াৰণ্যৰ ০ ৰ পৰা ২২.৫৪ কিলোমিটাৰ নাগালেণ্ড সীমান্তলৈকে ইক' ছেনছিটিভ জ'নৰ অধীনৰ দিচৈ ভেলীত কেনেদৰে তৈল খননৰ বাবে অনুমতি প্ৰদান কৰিলে চৰকাৰে? যোৰহাটৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াগৰাকীয়ে এক পত্ৰৰ জৰিয়তে জনোৱা মতে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এৰিয়েল দূৰত্ব ১৩ কিলোমিটাৰ।

কিন্তু প্ৰকৃততে ইয়াৰ দূৰত্ব মাত্ৰ ৭ কিলোমিটাৰ। অৰ্থাৎ বন প্ৰাধিকাৰীগৰাকীয়ে এই ক্ষেত্ৰত অসত্যৰ আশ্ৰয় ল'লে। আনহাতে বন্যপ্ৰাণী অভয়াৰণ্যখনত যি ৭ টা স্থানত তৈল খননৰ বাবে অনুমতি প্ৰদান কৰিছে, উল্লেখিত সেই অঞ্চল কেইটা গিবন ব্যপ্ৰাণী অভয়াৰণ্যৰ ইক' ছেনছিটিভ জ'নৰ অন্তৰ্গত বুলি ইতিমধ্যে পত্ৰৰ জৰিয়তে বেদান্ত গ্ৰুপক অৱগত কৰা হৈছে।

তৈল খননৰ বাবে নিৰ্বাচিত এই ৭ টা স্থান হৈছে ক্ৰমে SP-1A, SPN-1-East1, SPN-1-East-2, SPN-1-East-3, SP-1-N-E(SP-IN), NGJN-W আৰু SP-IN-SW। এই পত্ৰত স্পষ্টকৈ প্ৰতিটো স্থানৰ বিপৰীতে সেই স্থান যে, দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ অধীনৰ আৰু হোলাঙপাৰ গিবন অভয়াৰণ্যৰ ইক' ছেনছিটিভ জ'নৰ অধীনৰ সেই কথা উল্লেখ কৰা হৈছে।

এন পৰিপ্ৰেক্ষিতত এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ষ্টেট ৱাইল্ড লাইফ এডভাইজৰি ব'ৰ্ডৰ অধ্যক্ষ হিচাপে থকাৰ পাছত কিদৰে এই অঞ্চলত তৈল খননৰ বাবে অনুমতি দিয়া হ'ল? এই ব'ৰ্ডৰ সদস্য হিচাপে আছে অসমৰ বিখ্যাত প্ৰকৃতিবিদ, প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত ব্যক্তি। এই প্ৰকৃতিবিদসকলে কিদৰে এনে ধ্বংসাত্মক কাৰ্যত সমৰ্থন দিলে সেয়াও ডাঙৰ প্ৰশ্ন।

অভিযোগ অনুসৰি এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে অসমৰ কেইবাজনো প্ৰকৃতিবিদ, সাংবাদিক, ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম দুজনমান জ'নৰ শীৰ্ষ অভিযন্তা। যদিও ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগমে এই অঞ্চলত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ দায়িত্ব বেদান্ত গ্ৰুপৰ ইয়াৰ্ন ইণ্ডিয়াক দিছে দৰাচলতে এই গোটেই কাম-কাজ তদাৰক কৰিব এই প্ৰকৃতিবিদৰ ৰূপ ধাৰণ কৰি থকা বনদস্যু, ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তা কেইজনে।

বনাঞ্চলখনত বেদান্ত গ্ৰুপৰ কেয়াৰ্ন ইণ্ডিয়াৰ নামত এইসকলে তৈল খনৰৰ বাবে ড্ৰিলিং কৰাৰ লগে লগে ইয়াৰ বাসিন্দা গিবন হোলোক হলৌ বান্দৰৰ উপৰিও অন্যান্য বিলুপ্তপ্ৰায় বান্দৰৰ প্ৰজাতীসমূহৰ বিপদ নিশ্চিত। সেইদৰেই ইয়াৰ হাতীৰ জাকসমূহৰ মাজতো আতংকৰ সৃষ্টি হ'ব।

এই হাতীৰ জাক বনাঞ্চলখনৰ আতংকিত হৈ বাহিৰলৈ ওলাই আহি ক'ত আশ্ৰয় গ্ৰহণ কৰিব? এই হাতীৰ জাকসমূহে দাঁতি কাষৰীয়া অঞ্চলসমূহৰ কৃষক, স্থানীয় ৰাইজক ক্ষতি নকৰিবনে? হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰা অসমৰ সেই পৰিস্থিতিৰ বিষয়ে এইসকল প্ৰকৃতিবিদে একো নজনাৰ ভাওঁ ধৰাৰৰ আঁৰৰ কাৰণ কি?

তৈল খনন, প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে ইয়াত যিসমূহ ৰিগ স্থাপন কৰিব সেই ৰিগসমূহো যে আগন্তুক সময়ত বনাঞ্চলখন ধ্বংসৰ আন এক কাৰণ হৈ নপৰিব সেয়া কোনে জানে? বাঘজানৰ সেই ঘটনা কোনে পাহৰিব? বাঘজনৰ বিস্ফোৰণৰ পাছতেই মাগুৰী মতাপুং বিলৰ জৈৱ বৈচিত্ৰ প্ৰায় ধ্বংস হৈ পৰিছে।

তাৰোপৰি বেদান্ত গ্ৰুপৰ ইতিহাসো বৰ এটা সুখকৰ নহয়। তামিলনাডুত বেদান্ত গ্ৰুপৰ বহুকেইটা প্রকল্পই পৰিবেশ ধ্বংস কৰাৰ বাবেই ৰাজ্য চৰকাৰে সেই প্ৰকল্পসমূহ বন্ধ কৰি দিছে। এনে এটা প্ৰতিষ্ঠানকে দিচৈ ভেলীৰ দৰে অত্যন্ত সংবেদনশীল এক জৈৱ বৈচিত্ৰৰে ভৰপূৰ অঞ্চলত তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে আদৰি অনাৰ আঁৰত নিশ্চয় কাৰোবাৰ ডাঙৰ অংক জড়িত হৈ আছে।

সেয়ে যোৰহাটৰ এই জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিচৈ সংৰক্ষিত বনাঞ্চলত বেদান্ত গ্ৰুপক তৈল খনন আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে দিয়া অনুমতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে। কেৱল সেয়াই নহয়, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইয়াৰ মাজেৰে যোৱা ৰে'ল লাইনো শীঘ্ৰেই স্থানান্তৰ কৰিবলৈয়ো দাবী উত্থাপন হৈছে।

যোৰহাটৰ প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে এই অঞ্চলটোৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শনক কৰি বন বিষয়াৰ মিথ্যাচাৰ উন্মোচিত কৰিছে। তেওঁ বেদান্ত গ্ৰুপৰ কলংকিত ইতিহাস সোঁৱৰাই এই প্ৰকল্পৰ অনুমতি বাতি কৰিবলৈ দাবী জনাইছে। তেওঁ ইয়াত তৈল খননৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰো আশংকা কৰিছে।

ইফালে অৰণ্য মানৱ যাদৱ পায়েঙেও এই বনাঞ্চলত তৈল খননৰ বিৰোধিতা কৰিছে। তেওঁ কয়, যোৰহাটৰ মৰিয়নীৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্য বিলুপ্তিপ্ৰায় ৭টা প্ৰজাতি বান্দৰ বিচৰণ আৰু আৱাসস্থল। এই সেউজ ভূমিত তেল খনন কৰিলে সৃষ্টি হোৱা শব্দ প্ৰদূষণৰ ফলত ইয়াৰ ৭টা প্ৰজাতিৰ বান্দৰৰ লগতে অন্যান্য জীৱ-জন্তুসমূহ জনাঞ্চললৈ ওলাই আহিব আৰু মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পাব বুলি আশংকা ব্যক্ত কৰিছে।