BJP ত্যাগ কৰিবলৈ ওলোৱা নেতাৰ দীঘলীয়া তালিকাঃ AGP লৈয়ো আহিব খহনীয়া ! 
বিশেষ প্ৰতিবেদন

BJP ত্যাগ কৰিবলৈ ওলোৱা নেতাৰ দীঘলীয়া তালিকাঃ AGP লৈয়ো আহিব খহনীয়া !

Asomiya Pratidin
সলনি হোৱাৰ দিশে ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ। শাসকীয় বিজেপিৰ ভিতৰচৰাত দলীয় শীৰ্ষ নেতাৰ বিৰুদ্ধে বৰ্ধিত ক্ষোভ আৰু অসন্তুষ্টিৰ ফলতেই একাংশ নেতাই দল এৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে একাংশই আকৌ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে দল ত্যাগ কৰাৰ চিন্তা কৰিছে। বিজেপিৰ দৰেই এজিপিৰো বহু কেইজন নেতাই দল ত্যাগৰ বিষয়ে চিন্তা কৰিছে। ৰাজ্যৰ চৰ্চিত এই ৰাজনৈতিক পট পৰিবৰ্তনৰ বিষয় সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ পাছতেই পুনৰ ৰাজ্যৰ ৰাজনীতিত পট পৰিবৰ্তনৰ ইংগিত পোৱা গৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে একাধিক কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত চামিল হোৱাৰ বিপৰীতে এইবাৰ বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাজনো শীৰ্ষ নেতাই। বিজেপিৰ আভ্যন্তৰত সৃষ্টি হোৱা মনোমালিন্য আৰু অসন্তুষ্টিয়ে শেহতীয়াকৈ চৰম পৰ্যায়ত উপনীত হৈছে।

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, নগাওঁ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহায়ে কিদৰে মুকলিকৈ লোকসভা নিৰ্বাচনৰ সময়ত দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে মন্তব্য কৰিছিল সেয়া সকলোৱে দেখিছিল, শুনিছিল। নিৰ্বাচনৰ পাছত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই মুকলিকৈয়ে বিজেপিৰ একাংশ মন্ত্ৰীৰ বিৰুদ্ধে ৰাজহুৱাকৈ কৰা তীক্ষ্ণ বাক্যবাণে দলটোৰ ভিতৰত চলি থকা শীতল যুদ্ধখন স্পষ্ট কৰি তুলিছিল।

দলটোৰ মাজত চলি থকা ন-পুৰণি সংঘাতক শীৰ্ষ নেতৃত্বই যিমানেই নস্যাৎ কৰিছে সিমানেই এই সংঘাত বাৰে বাৰে পোহৰলৈ আহি বহু কথাই স্পষ্ট কৰিছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ভিতৰত এককভাৱে ১২ খনত প্ৰতিদ্বন্দিতা কৰি বিজপিয়ে ১২ খনতেই বিজয় লাভ কৰিব বুলি দাবী কৰিছিল যদিও ফলাফলত দেখা গ’ল দলটোৱে ৯ খন আসনতহে বিজয় সাব্যস্ত কৰিলে।

যোৰহাট লোকসভা সমষ্টিত সমগ্ৰ অসম চৰকাৰ জপিয়াই পৰাৰ পাছতো গৌৰৱ গগৈয়ে অতি সহজেই সাংসদ তপন গগৈক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈ গ’ল। এই সমষ্টিত বিজেপিয় সৰ্বশক্তি প্ৰয়োগ কৰিছিল। সমষ্টিটোত বাহৰ পাতি লৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰীকা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি একাধিক মন্ত্ৰী, বিধায়কে। তাৰ পাছতো গৌৰৱ গগৈৰ বিজয় হোৱাত বিধায়ক মৃণাল শইকীয়াই স্পষ্টকৈ জয়ন্ত মল্ল বৰুৱাকে ধৰি নামনি অসমৰ একাংশ মন্ত্ৰী, বিধায়কৰ বাবেই তপন গগৈ পৰাস্ত হোৱাৰ অভিযোগ তুলিছিল।

এইগৰাকী মৃণাল শইকীয়াই বিগত বিধানসভাৰ অধিবেশনসমূহতো নিজ দলৰে চৰকাৰৰ একাধিক মন্ত্ৰীক কঠোৰ প্ৰশ্ন কৰি বিপদত পেলাইছিল। বিশেষকৈ কৃষি বিভাগত হোৱা দুৰ্নীতি, বিধায়ক আৱাসত এফালৰ পৰা গছ কাটি তহিলং কৰাকে ধৰি বিভিন্ন বিষয়ত প্ৰশ্ন তুলি চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল।

সেয়ে হয়তো লোকসভা নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিন ধৰি নিষ্ক্ৰীয় হৈ থকা খুমটাইৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ীকা তথ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈক দললৈ আনি মৃণাল শইকীয়াৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কাৰ্যতঃ এই ৰণকৌশলেও বিধায়ক শইকীয়াৰ মুখ বন্ধ কৰিব নোৱাৰিলে। বৰঞ্চ অধিক আক্ৰমণাত্মক আৰু মুকলিকৈহে দলীয় নেতা, মন্ত্ৰীৰ বিৰুদ্ধে মুখ খুলিলে শইকীয়াই।

ইফালে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই পূৰ্বৰে পৰা তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। বাৰে বাৰে শৰ্মাই দলবিৰোধী মন্তব্য কৰিছে। শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে বিজেপি দলটোত এতিয়া পুৰণি কৰ্মীৰ আদৰ নাই। ন-বিজেপিয়ে অসম বিজেপিক গ্ৰাস কৰিলে। দলটোত এতিয়া পুৰণি কংগ্ৰেছীসকলেই সৰ্বেসৰ্বা।

অশোক শৰ্মাৰ বিদ্ৰোহ নতুন কথা নহয়। দলে তেওঁক টিকট বঞ্চিত কৰাৰ পাছৰে পৰা ধাৰাবাহিকভাৱে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। এইগৰাকী নেতাই এতিয়া দল ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা মুকলিকৈ ঘোষণা কৰাই নহয় শীঘ্ৰেই একাংশ সতীৰ্থ তথা জিলা পৰ্যায়ৰ দলীয় নেতৃত্বৰে কেইবা হাজাৰ সমৰ্থকসহ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলিছে।

একেদৰে লোকসভা নিৰ্বাচনৰ সময়তে ৰাজেন গোঁহায়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। নিৰ্বাচনৰ পূৰ্বে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষকো অভিযোগ দিছিল।

গোহাঁয়ে স্পষ্টকৈ কৈছিল পুৰণি বিজেপি কৰ্মীসকল এতিয়া হতাশাত আছে। এই হতাশাৰ পৰিণাম নিৰ্বাচনত দলে ভোগ কৰিব লাগিব। সকলোতে দলীয় কৰ্মীক উপেক্ষা কৰা হৈছে। ইয়াৰ ফলত দলৰ ক্ষতিও হৈছে। এই ক্ষতিৰ বাবে নেতৃত্বত থকা কথা নুশুনা মানুহবোৰেই দায়ী। এইগৰাকী ৰাজনে গোঁহায়ে এতিয়া বিজেপি এৰি আন দললৈ যোৱাৰ মন মলিছে।

এইসকল নেতাই মুকলিকৈ দল বিৰোধী মন্তব্যৰে বিদ্ৰোহ কৰি অহাৰ বিপৰীতে আন একাংশ নেতাই আকৌ মৌন হৈ থাকিয়েই দলৰ পৰা সংগোপনে আঁতৰি যোৱাৰ মন মেলিছে। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা বিজেপিত ন-পুৰণি সংঘাত শক্তিশালীভাবে গা কৰি উঠিছিল। দলটোত তিনিটাকৈ ফৈদৰো সৃষ্টি হৈছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা ফৈদ, সৰ্বানন্দ সোণোৱালৰ এটা ফৈদ আৰু অসন্তুষ্ট পুৰণি কৰ্মীৰ এটা ফৈদ। ইয়াৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফৈদৰ মাজত অঘোষিত সংঘাত ৰাইজে স্পষ্টকৈ বুজি পাইছে।

কিন্তু সৰ্বানন্দ সোণোৱালৰ দুৰ্বল ভূমিকাৰ বাবে তেওঁৰ ফৈদে মূৰ তুলি থিয় হ’ব নোৱাৰাৰ লগতে অতি শক্তিশালী হৈ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ফৈদৰে মুকলি বিদ্ৰোহো কৰিব নোৱাৰে। ইফালে কংগ্ৰেছ এৰি একাংশ নেতাই ক্ষমতাৰ লোভত বিজেপিত যোগদান কৰিছিল যদিও এতিয়া দলটোত তেওঁলোকে উপযুক্ত স্থান নোপোৱাৰ লগতে গুৰুত্বহীন হোৱাত পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ মন মেলিছে।

ফলশ্ৰুতিত এতিয়া বিজেপি ত্যাগ কৰিবলৈ মন মেলা নেতাৰ তালিকাখন যথেষ্ট দীঘল হৈ পৰিছে। অশোক শৰ্মাই আনুষ্ঠানিক ভাৱে বিজেপি ত্যাগ কৰাৰ কথা চৰ্চালৈ অহাৰ সময়তে শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা ধেমাজি জিলা বিজেপিৰ সহঃ প্ৰভাৰী যুধিষ্ঠীৰ গগৈয়ে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিলে। একেদৰে শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভৱেন মহনেও দল ত্যাগ কৰিছে। এই দুই নেতাই অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিয়েই দল ত্যাগ কৰিছে।

দল ত্যাগৰ প্ৰস্তুতি চলোৱা এই নেতাৰ তালিকাত আছে বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামী আৰু ন-বিজেপি মানস বৰাৰো নাম। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ দায়িত্বৰ পৰা অব্যাহতি লৈ ৰাণা গোস্বামীয়ে লোকসভা নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত বিজেপিত যোগদান কৰিছিল।

একেদৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰি বিজেপিত চামিল হৈছিল প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পুত্ৰ মানস বৰাও। এইগৰাকী মানস বৰাই বিজেপিত উপযুক্ত মৰ্যদা আৰু স্থান নোপোৱাত এতিয়া পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ মন মেলিছে।

যোৰহাটত তপন গগৈৰ পৰাজয় আৰু গৌৰৱ গগৈৰ বিজয়ে ৰাণা গোস্বামীক বিজেপিৰ মাজতে গুৰুত্বহীন কৰিলে। সেয়ে উপ-সভাপতি হৈ থাকিলেও এতিয়া বিজেপিত ৰাণা গোস্বামী গুৰুত্বহীন। অৱশ্যে এই দুই নেতাৰ পুনৰ কংগ্ৰেছত যোগদানত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে সাংসদ গৌৰৱ গগৈ।

জানিব পৰা মতে কংগ্ৰেছ নেতৃত্বৰে যোগাযোগত আছে মানসিং ৰংপীও। একেদৰে একালৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত বিনন্দ শইকীয়াও বিজেপি এৰাৰ মন মেলিছে বুলি চৰ্চা চলিছে।

ইফালে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিজেপি ত্যাগ নকৰাৰ কথা ঘোষণা কৰিছে যদিও শেহতীয়াকৈ তেওঁৰ পুত্ৰই আঞ্চলিক ৰাজনৈতিক দলৰ নেতাৰে ঘনিষ্ঠতা বৃদ্ধি কৰি সমষ্টিত ঘূৰিবলৈ আৰম্ভ কৰাৰ খবৰ প্ৰকাশ পাইছে।

কেৱল বিজেপিয়েই নহয়, আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ একাংশ নেতায়ো এতিয়া দল এৰাৰ মন মলিছে। এইসকল নেতাৰ দলত ভৱিষ্যত প্ৰায় অন্ধকাৰ। যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে দল এৰাৰ চিন্তা কৰিছে।

এই তালিকাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপো। শ্যামন্তই কংগ্ৰেছৰ দিশে ধাৱমান হ'ব বুলি চৰ্চা হৈছে। কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ সমষ্টি হেৰুৱাত তেওঁ কংগ্ৰেছত যোগদান কৰি পুনৰ কমলপুৰ দখলৰ চেষ্টা চলোৱাৰ পৰিকল্পনা কৰিছে বুলি খবৰ আহিছে।

এইদৰেই এতিয়া বিজেপিৰ লগতে এজিপিৰ একাংশ নেতাৰ দল ত্যাগৰ খবৰ প্ৰকাশ হোৱাত স্বাভাৱিকতে ৰাজনৈতিক পৰিবেশ কিছু সলনি হোৱাৰ উমান পোৱা গৈছে। চৰ্চাত থকা এইসকল নেতাৰ মাজৰ পৰা কিমানে দল ত্যাগ কৰে সেয়া হ’ব লক্ষ্যণীয়। যদি চৰ্চা হোৱাৰ দৰেই এইসকল নেতাই দল ত্যাগ কৰে তেন্তে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যে আৰু অধিক নেতাৰ পোচাক সলনি হ’ব সেয়াও কিন্তু প্ৰায় নিশ্চিত।