অসমৰ প্ৰতি বিশেষ মৰম আছিল ৰতন টাটাৰ... 
বিশেষ প্ৰতিবেদন

অসমৰ প্ৰতি বিশেষ মৰম আছিল ৰতন টাটাৰ...

Asomiya Pratidin
উদ্যোগপতি ৰতন টাটাৰ মৃত্যুৰ পাছতে দেশজুৰি শোকৰ বন্যা বৈছে। অসমতো তেওঁৰ মৃত্যুত সৰ্বস্তৰৰ জনতাই শোক প্ৰকাশ কৰিছে। অসমৰ উন্নয়নৰ বাবে স্থাস্থ্য, শিক্ষা, চাহ, পৰ্যটন, উদ্যোগ আদি সকলো ক্ষেত্ৰত তেওঁ বিনিয়োগ কৰিছিল হাজাৰ হাজাৰ কোটি টকা। অসমক প্ৰাণ ভৰি ভাল পোৱা ৰতন টাটাৰ অৱদানক সোঁৱৰিছে ৰাজ্যবাসীয়ে। অসমৰ প্ৰতি তেওঁৰ অৱদান সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

মৰতৰ ঠিকনা এৰি সৰগৰ ঠিকনা ল'লে ৰতন টাটাই। এই খবৰে দেশবাসীক বিহ্বলিত কৰাৰ লগতে অসমবাসীকো শোকস্তব্ধ কৰি তুলিছে। বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত সশ্ৰদ্ধাৰে সোঁৱৰিছে অসমবাসীয়ে তেখেতৰ অৱদানৰ কথা।

অসমৰ প্ৰতি ৰতন টাটাৰ আছিল বিশেষ টান। সেই সম্পৰ্ক আছিল আত্মিক আৰু দায়িত্ব বোধেৰে ভৰা। ৰতন টাটাৰ উদ্যোগৰ বাবেই অসমৰ গাড়ী, কেঞ্চাৰ কেয়াৰ, পৰ্যটন, চাহ উদ্যোগ, শিক্ষাকে ধৰি ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনলৈকে বহুখিনি কাম সম্ভৱ হৈ উঠিছিল।

বিশিষ্ট উদ্যোগপতিগৰাকীয়ে অসমৰ স্বাস্থ্যখণ্ডলৈ আগবঢ়াই গৈছে বিশেষ অৱদান। উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰ ৰোগীৰ বৰ্ধিত হাৰে তেওঁকো চিন্তিত কৰি তুলিছিল। সেই অনুসৰিয়েই টাটা ন্যাস আৰু অসম চৰকাৰৰ মাজত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে ২০১৮ চনত কেঞ্চাৰ হাস্পতাল স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিল।

তাৰে ৭ খন অত্যাধুনিক কেঞ্চাৰ হাস্পতাল ২০২২ চনৰ ২৮ এপ্ৰিলত ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰতন টাটাৰ উপস্থিতিতে মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সাতখন কেঞ্চাৰ হাস্পতাল আছিল ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰত।

আন সাতখন হাস্পতালৰ আধাৰশিলা স্থাপন হৈছিল ক্ৰমে শিৱসাগৰ, নগাওঁ, গোৱালপাৰা, ধুবুৰী, নলবাৰী, গোলাঘাট আৰু তিনিচুকীয়াত।অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল স্থাপনৰ লক্ষ্য লৈছিল ৰতন টাটাই।

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এয়া আছিল এক উল্লেখোগ্য পদক্ষেপ। জনসেৱাক ব্ৰত হিচাপে লোৱা ৰতন টাটাই অসমত কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাক উদগনি দিয়াৰ বাবে বিশেষ পদক্ষেপো লৈছিল।

সেই অনুসৰি ৰতন টাটাৰ উদ্যোগতে টাটা টেকনলজিছে অসম চৰকাৰৰ সহযোগত ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী উদ্যোগীক প্ৰতিষ্ঠান (আই টি আই)ক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ কৰিছিল। সেই উদ্দেশ্য এই প্ৰতিষ্ঠানসমূহত কাৰিকৰী ব্যৱস্থা উন্নত আৰু দক্ষতাৰ বিকাশৰ বাবে এলানি পৰিকল্পনা তেওঁ যুগুত কৰিছিল। এই প্ৰকল্প ৰূপায়ণৰ বাবে টাটা গ্ৰুপে ২৩৯০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লৈছিল।

ৰতন টাটাই অসমৰ চাহ আৰু পৰ্যটনৰ উদ্যোগ বিকাশৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল। টাটা টি লিমিটেডেৰে অসমৰ চাহক বিশ্বস্তৰত পৰিচিত কৰি দিয়াৰ লগতে এমালগেমেটেড প্লাণ্টেছন প্ৰাইভেট লিমিটেডৰ জৰিয়তে ২১ খন চাহ বাগিচাৰ বিকাশ আৰু উৎপাদনৰ দায়িত্ব লৈছিল। এই কামতো বহু হাজাৰ কোটি টকা বিনিয়োগ কৰিছিল ৰতন টাটাই।

অসমৰ সৈতে সুসম্পৰ্ক অক্ষুন্ন ৰাখিছিল এইগৰাকী উদ্যোগপতিয়ে। অসম চৰকাৰে তেওঁৰ অসম প্ৰীতিৰ বাবেই ২০২১ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ' প্ৰদান কৰিছিল ৰতন টাটাক।

বয়সজনিত সমস্যাৰ বাবে উক্ত বঁটা প্ৰদান অনুষ্ঠানলৈ আহিব নোৱাৰিলেও মুম্বাইৰ বাসভৱনত তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই গৈ এই সন্মান জনাইছিল। শেহতীয়াকৈ ২০২৪ চনত টাটা গ্ৰুপে ৰাজ্যৰ বৃহৎ প্ৰকল্প স্থাপনৰ সিদ্ধান্ত লৈছিল।

টাটা ছনছৰ মালিকাধীন সংস্থা টাটা ইলেক্ট্ৰনিকছে ইয়াৰ বাবে ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ ৰাজি হৈছে। এই প্ৰকল্পবোৰ জাগীৰোডত স্থাপন কৰিবলগীয়া ছেমি কণ্ডাক্টৰ উদ্যোগ। যিটো উদ্যোগত বছৰি ১৫ বিলিয়ন ছিপ উৎপাদনৰ লক্ষ্য লোৱা হৈছে।

২০২৪ ৰ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে এই উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছিল। অসমলৈ ৰতন টাটাৰ এইবোৰ বিনিয়োগৰ এক উদাহৰণ। তেওঁৰ মৃত্যুৰ পাছত সেয়েহে ৰাজ্যবাসীয়ে সোঁৱৰিছে অসমক প্ৰাণভৰি ভালপোৱা এই মানুহজনৰ অৱদানৰ কথা।

তেওঁৰ অনুপস্থিতিত সেই প্ৰকল্পসমূহৰ কাম সঠিকভাৱে ৰূপায়ণ হয়নে নহয় তাক লৈয়ো একাংশই শংকা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে, এইবোৰ কাম ৰতন টাটাই ব্যৱসায়ীক স্বাৰ্থ সিদ্ধিৰ বাবে কৰা নাছিল। ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল।

দেশৰ অন্য প্ৰান্ততো একে দায়বদ্ধতাৰেই তেওঁ সমজাসেৱা কৰি গৈছে। প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ ক্ষেত্ৰত ৰতন টাটাই গ্ৰহণ কৰা সিদ্ধান্ত বোৰে নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল।

গুণগত মান আৰু সেৱা গ্ৰাহকক প্ৰদান কৰা টাটা গ্ৰুপৰ আছিল প্ৰধান উদ্দেশ্য। ইয়াৰ সুনেতৃত্ব দিছিল ৰতন টাটাই। তেওঁৰ বিয়োগত অসমবাসীয়ে সঁচা অৰ্থৎ এজন সুহৃদয় ব্যক্তিক হেৰুৱালে। সেয়েহে ৰাজ্যৰ সৰ্বস্তৰতে ৰতন টাটাৰ বিয়োগৰ এই খবৰে মানুহক শোকাহত কৰি তুলিছে।