বিশেষ প্ৰতিবেদন

অভিলেখৰ শীৰ্ষত শ্ৰী ৰঘুপতি

Asomiya Pratidin
সম্প্ৰতি ছবিগৃহত দৰ্শক-ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘুপতিয়ে। বলিউড অথবা দাক্ষিণাত্যৰ ছবিকো প্ৰত্য়াহ্বান জনাই সগৌৰৱে ছবিগৃত চলি আছে শ্ৰী ৰঘুপতি। এই ছবিখনে মুক্তিৰ ২১ দিনতে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰি শীৰ্ষস্থানত উপনীত হৈছে। তাৰেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এই প্ৰতিবেদন...

পুনৰ ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন। ৮০ বছৰৰ ঊৰ্ধৰ অসমীয়া ছবি উদ্যোগটিলৈ ঘূৰি আহিছে সোণালী দিন। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী ছবিৰ জৰিয়তে বাট কাটি থৈ গৈছিল অসমীয়া চিনেমাৰ।

১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰৌনাক ছবিগৃহত মুক্তিলাভ কৰিছিল প্ৰথমখন অসমীয়া ছবিয়ে। তাৰ ১০ দিন পিচত অৰ্থাৎ ২০ মাৰ্চত উজান বজাৰৰ নাট্য় মন্দিৰত জয়মতীৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। য'ত উপস্থিত আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি অসমৰ স্তম্ভ সদৃশ বহু প্ৰাতঃস্মৰণীয় ব্যক্তি।

১৯৩৫ চনৰ পৰা ২০২৩ৰ এই লেখা লিখি থকা পৰ্যন্তৰ সুদীৰ্ঘ পৰিক্ৰমাত প্ৰায় ৫ শতাধিক ছবিয়ে মুক্তি লাভ কৰিলে। ৮০ৰ দশকৰ পৰা প্ৰায় ২০০৫ চনলৈ অসমীয়া ছবিৰ অৱস্থা জয়-জয়-ময়-ময়। সাধাৰণতে অসমৰ পটভূমিত সৃষ্টি কৰা কাহিনীৰে নিৰ্মিত বহু চিনেমাই দৰ্শক-ৰাইজক বেচ আমোদ দিয়াৰ লগতে চিন্তাৰ খোৰাক জগাবলৈ সক্ষম হৈছিল।

এই সোণোৱালী সময়ছোৱাত শিবপ্ৰসাদ ঠাকুৰ,ব্ৰজেন বৰুৱা,নিপ বৰুৱা,তপোব্ৰত বৰুৱা,জাহ্ণু বৰুৱা,ৰাজা বিষয়া আদি পৰিচালকৰ লগতে মুনিন বৰুৱাৰ চিনেমাই অপাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰায় ২০০৫চনৰ পৰা যেন অসমীয়া চিনেমাৰ সফলতাৰ ছন্দৰ পতন ঘটিবলৈ ধৰে।

দৰ্শকৰো যেন অসমীয়া ছবিৰ প্ৰতি অনিহা অহা হ'ল। যাৰ বাবে এটা পাকচক্ৰত সোমাই পৰিল ঐতিহ্যমণ্ডিত ছবি উদ্যোগটো। ছবিগৃহলৈ দৰ্শক নাহে বাবে হলত ছবি নচলে,হলত ছবি নচলিলে হলৰ মালিকে ছবিখন আঁতৰাই দিয়ে,আতৰাই দিয়াৰ ফলত প্ৰযোজকে ছবিত ব্যয় কৰা ধন ঘূৰি নাহে আৰু ধন ঘূৰি নহাৰ বাবে ছবি নিৰ্মাণ নকৰে।

তাৰোপৰি অধিক ধন ব্যয় কৰি উন্নতমানৰ ছবি নিৰ্মাণ কৰিবলৈ ভয় কৰে। যদিহে ব্যয় কৰা ধন প্ৰযোজকৰ হাতলৈ ঘূৰি নাহে। এনে এশ এবুৰি সমস্যাৰ বাবে অসমীয়া ছবি উদ্যোগটোৱে সমস্য়াৰ পৰা সমস্যালৈ গতি কৰিলে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি বিভিন্ন শিল্পী,কলা-কুশলী,পৰিচালক আদিয়ে সংবাদ মাধ্যমৰ টক শ্ব',কাকত,সামাজিক মাধ্যম আদিত বিভিন্ন মতামত প্ৰদান কৰিছিল যদিও সমাধানৰ পথ প্ৰশস্ত হোৱা নাছিল।

২০১৭ চনত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মৰসাহ গোটাই প্ৰায় কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিলে মিছন চাইনা নামৰ এখন ছবি। কাৰিকৰী দিশ,তথা প্ৰযুক্তিৰ দিশৰ পৰা বাহিৰৰ চিনেমাৰ লগত ফেৰ মাৰিব পৰা ধৰণৰ। শিল্পীগৰাকীয়ে প্ৰচাৰৰ ক্ষেত্ৰতো ল'লে অভিনৱ কৌশল। বিভিন্ন অনুষ্ঠা-প্ৰতিষ্ঠান,স্কুল-কলেজ আদিলৈ গৈ চলালে মিছন চাইনাৰ প্ৰচাৰ অভিযান। অৱশ্যে চিনেমাৰ ব্যাকৰণত এনেধৰণৰ প্ৰচাৰৰ কোনো উল্লেখ নাই। তথাপিও স্বভাৱসুলভ তথা খেয়ালী মনৰ শিল্পীগৰাকীৰক এনে প্ৰচাৰ কাৰ্য কাৰ্যতঃ সফলৰূপে প্ৰতিষ্ঠা হ'ল।

ছবিগৃহলৈ দৰ্শকৰ সোঁত ব'ব ধৰিলে। খোল খালে বিভিন্ন বন্ধ হৈ থকা ছবিগৃহ। ব্যৱসায়িক দিশত সাংঘাটিকভাৱে সফল হ'ল জুবিন গাৰ্গৰ মিছন চাইনা। আৰম্ভ হ'ল অসমীয়া চিনেমাৰ নতুন যাত্ৰা। পৰিচালকৰ মনত উদয় হ'ল বাণিজ্যিকভাৱে ছবি সফল কৰিবলৈ হ'লে ধন ব্যয় কৰিবই লাগিব।

তাৰোপৰি ভাল ছবি হ'লে অসমীয়া ছবিৰ দৰ্শক আছে। পইচা ঘূৰি অহা এটা পৰিবেশ সৃষ্টি হ'ল আৰু তাৰেই সুবাদতে পুনৰ জুবিন গাৰ্গে নিৰ্মাণ কৰিলে কাঞ্চনজংঘা,যতীন বৰাৰ ৰত্নাকৰ,সদ্যপ্ৰয়াত নিপন গোস্বামীৰ পৰিচালনাত ডা০ বেজবৰুৱা-২ আদি ছবিয়ে প্ৰায় ৬-৭কোটি টকাৰ ঘৰত ব্যৱসায় কৰিলে। ছবি উদ্যোগটিত সূচনা হ'ল সুদিনৰ। অৱশ্যে কোভিডৰ বাবে প্ৰায় দুবছৰ আনবোৰ ক্ষেত্ৰৰ দৰে বিশ্বৰ ছবি উদ্যোগতো মহামাৰীৰ প্ৰভাৱ পৰিল।

ফলত উঠি অহা অসমীয়া ছবি উদ্যোগটো পুনৰ তলৰফালে গতি কৰাৰ ফালে ঢাল খাবলৈ ধৰিলে। এনেবোৰৰ সমস্যাৰ মাজতে কোভিডে শাম কটাৰ পিচত শেহতীয়াকৈ সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মাণ হ'ল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘুপতি। অবিশ্বাস্য,অভিলেখ সৃষ্টি কৰি শ্ৰী ৰঘুপতিয়ে সূচনা কৰিলে নতুন দিগন্তৰ।

পূৰ্ব সকলো অভিলেখ ভাঙি দোপে-দোপে উত্তৰণৰ দিশে গতি কৰিলে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে। উল্লেখ্য যে, ২০১১ চনত মুনিন বৰুৱাই নিৰ্মাণ কৰিছিল ৰামধেনু। জানিব পৰা মতে এইখনেই আছিল কোটিৰ ঘৰত ব্যৱসায় কৰা প্ৰথমখন অসমীয়া ছবি। তাৰপাচত ২০১৭ চনলৈ এটা দীঘলীয়া সময়ৰ পিচত হে পুনৰ কোটি টকাৰ ঘৰত কেইখনমান অসমীয়া ছবিয়ে ব্যৱসায় কৰিবলৈ সক্ষম হয়। এইসমূহৰ ভিতৰত অনন্য ৰবি শৰ্মা অভিনীত শ্ৰীৰঘুপতি।

জানিব পৰা মতে কোটিৰ ঘৰত ব্যৱসায় কৰা অসমীয়া ছবিসমূহ হৈছে - শ্ৰী ৰঘুপতি ১০ কোটি (২১ দিনৰ আয়, বৰ্তমানেও ছবিগৃহত চলি আছে),ৰত্নাকৰ ৯.২৩ কোটি,মিচন চাইনা ৬.০৭, ডা০ বেজবৰুৱা-২ ৫.৫ কোটি,কাঞ্চনজংঘা ৫.১২ কোটি আৰু ৰামধেনু ২.০৪ কোটি টকা ব্যৱসায় কৰি অসমীয়া ছবিজগতত এক স্থান উপনীত কৰায়। ইয়াৰোপৰি শ্ৰীৰঘুপতিৰ কাহিনী-চিত্ৰনাট্য-সংগীত,অভিনয় আৰু আনুসংগিক দিশসমূহৰ মানদণ্ডই এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।

যাৰ বাবে শ্ৰী ৰঘুপতিৰ সমান্তৰালকৈ মুক্তি পোৱা দাক্ষিণাত্য তথা বলিউডৰ ব্যয়বহুল ছবি 'আদিপুৰুষ'ৰ লগত সমানে ফেৰ মাৰি দৰ্শকৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীৰঘুপতিৰ সফলতাৰ মাপকাঠীডালৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ছবিৰ দৰ্শক আজিও আছে।

এই কথা শ্ৰীৰঘুপতিয়ে প্ৰমাণ কৰি দেখুৱালে। কাহিনীৰ বিষয়বস্তু,উপস্থাপন,অভিনয় শৈলী,চৰিত্ৰ নিৰ্বাচন,আৱাহ সংগীত ইত্যাদি বিভিন্ন উপাদানৰ সঠিক ব্যৱহাৰে ছবিখনক শীখৰলৈ লৈ যাব পাৰি।

অনাগত অসমীয়া ছবিৰ বাবে শ্ৰী ৰঘুপতি উদাহৰণ। ভাল ছবি হ'লে দৰ্শক আহিবই। বলিউড কিম্বা দাক্ষিণাত্যৰ ছবিৰ লগত সমানে সমানে ফেৰ মাৰিব পাৰিব।

অসমীয়া ছবিৰ এই দীঘলীয়া পৰিক্ৰমাত সৰ্বকালৰ অভিলেখ সৃষ্টি কৰি শীৰ্ষত উপনীত হ'ল শ্ৰী ৰঘুপতি,ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি নজিৰ অসমে কৰি দেখুৱালে। উল্লেখযোগ্য যে, অসমৰ উপৰিও ভাৰতৰ বিভিন্ন মহানগৰত শ্ৰী ৰঘুপতিৰ প্ৰদৰ্শিত হৈ আছে। ইয়াৰে হায়দৰাবাদ,নৱী মুম্বাই,বাংগালুৰুৰ প্ৰায় সংখ্যক দৰ্শনীয়ে হাউচ ফুল বুলি জানিব পৰা গৈছে। এক কথাত ক'ব গ'লে অসমীয়াই কৰি দেখুৱালে কেনেকৈ গঢ়িব পাৰি অসমীয়া ছবিৰ জয়জয়কাৰ।