বিশেষ প্ৰতিবেদন

আনন্দ হ’ব পাৰে বিষাদৰ বতৰা : ত্ৰিপুৰাৰ পৰা ল’ব নে শিক্ষা ?

Asomiya Pratidin
ত্ৰিপুৰাত কি হ'ল ? ৰথযাত্ৰাৰ সময়ত সংঘটিত হ'ল ভয়াৱহ ঘটনা। অসমতো এদিন অনুৰূপ কাণ্ড সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ! কিন্তু কিয় ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন

ত্ৰিপুৰাত সংঘটিত হ’ল এক ভয়াৱহ ঘটনা। ৰাজ্যখনৰ উনোকটি জিলাৰ কুমাৰঘাটৰ পথেৰে আগবাঢ়ি গৈছিল ৰথযাত্ৰা। এই ৰথযাত্ৰাত অংশ লৈছিল সহস্ৰাধিক লোকে।

জগন্নাথ ৰথযাত্ৰা উপলক্ষে বাহিৰ কৰা এই ৰথযাত্ৰাৰ মূল উদ্যোক্তা আছিল ইস্কন। ৰথৰ উপৰিভাগৰ সজাই তোলা ওখ অংশটোৱে স্পৰ্শ কৰিছিল উচ্চ প্ৰাবল্য বৈদ্যুতিক তাঁৰৰ।

ইয়াৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত মূহুৰ্ততে প্ৰাণ হেৰুৱালে ৭জন লোকে। মৃত লোকসকলৰ ভিতৰত আছে দুজন শিশু।

আবেলি ৪-৩০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা। প্ৰশ্ন হয় পথৰ ওপৰেৰে বিদ্যুৎ পৰিবাহী তাঁৰ থকাৰ পিচতো প্ৰশাসনে কিয় এই বিষয়টো চকু দিয়া নাছিল ? যি পথেৰে ৰথযাত্ৰা আগবাঢ়িছিল,সেই পথৰ নিৰাপত্তা আৰু আন দায়িত্বত থকা লোকসকলে কিয় এই বিষয়টো এৰাই চলিছিল ?

দুৰ্গা পূজাৰ সময়ত অসমতো দেখা পোৱা যায় অনুৰূপ দৃশ্য। প্ৰতিমা উটুৱাব যোৱাৰ সময়ত অতি বিপদজ্জনকভাৱে গাড়ীৰ ওপৰত উলিয়াই অনা হয় প্ৰতিমাবোৰ। এজন-দুজন লোকে বাহলৈ বিদ্যুৎ বা পথত থকা আন তাঁৰবোৰ দাঙি পাৰ কৰে এই বাহনবোৰ।

এখন গাড়ীত উচ্চ প্ৰাবল্য জেনেৰেটৰৰ ছেট বহুৱাই ৫-৬খন গাড়ীলৈকে পাৰ কৰা বিদ্যুৎ যোগান ধৰি ছাউণ্ড বক্স লগাই কৰে ফুৰ্তি। গুৱাহাটী মহানগৰতে অতি সুলভ এই দৃশ্য। এইবোৰ কাণ্ডলৈ কোনো দিনে চকু নিদিয়ে প্ৰশাসনৰ লোকে। ত্ৰিপুৰাৰ দৰে ঘটনা এদিন সংঘটিত হ’ব অসমতো।

শাওন মাহত ব'লবোম যাত্ৰাৰ নামতো একে কাৰ্যৰে পুনৰাবৃত্তি হয়। উচ্চ প্ৰাবল্যৰ গীত-মাত বজোৱাৰ নামত অনিৰাপদভাৱে কৰা হয় এনে বিদ্যুৎ সংযোগৰ ব্যৱস্থা। দুৰ্ঘটনাৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'বলৈ আহ্বান জনোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো গুৰুত্ব দিয়া উচিত।

কিছুদিনৰ পিচতে আৰম্ভ হ'ব ব'লবোম যাত্ৰা। তাৰপাচতে আহিব দূৰ্গোৎসৱ। ত্ৰিপুৰাৰ ৰথযাত্ৰাৰ এই দুখজনক ঘটনাৰ পিচত ল’ব নে অসম চৰকাৰ তথা সচেতন ৰাইজে ইয়াৰ পৰা শিক্ষা ?