উৰিয়াগাঁও খেলপথাৰত ১৬ দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্রশিক্ষন শিবিৰৰ সামৰণি... 
ক্রীড়া-জগত

উৰিয়াগাঁও খেলপথাৰত ১৬ দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্রশিক্ষন শিবিৰৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ উৰিয়া গাঁওঃ নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত উৰিয়া গাঁও খেলপথাৰত যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা ১৬ দিনীয়া গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠান উদ্বোধন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই।

উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সদস্য প্ৰবোধ কুমাৰ বৰা আৰু জিতুমনি বৰাই আঁতধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ন বনিয়াই সংগ্ৰামৰ জৰিয়তে উৰিয়াগাঁও খেলপথাৰখন কেনেকৈ পুনৰুজীৱিত কৰা হ'ল, সেই সম্পৰ্কে বহলাই কয়।

ভাষণ প্ৰসংগত সমাজকৰ্মী বনিয়াই উক্ত প্ৰশিক্ষন শিবিৰৰ পৰাই ভৱিষ্যতে বহু ভাল খেলুৱৈ ওলাই অহাৰ সম্ভাৱনা আছে বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ শিবিৰত দৌৰ, ৱেইট থ্র',জেভলীন থ্র', লংজাম্প, হাইজাম্প, ডিছকাছ থ্র' প্ৰশিক্ষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত প্রশিক্ষক ৰাজু দৈমাৰী, নয়ন জ্যোতি বৰা আৰু নেহামনি বৰাই।

উক্ত ছয়বিধ খেলত উন্নত প্ৰদৰ্শন দেখুওৱা প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ খেলুৱৈসকলক সোণ, ৰূপ, বঞ্জৰ পদকৰে উৰিয়া গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়।সামৰণি অনুষ্ঠানত উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি ৰূপৰাম হাজৰিকা, সম্পাদক প্ৰভাত বৰা, মলোৰাম শইকীয়া, পদুম বৰুৱা প্ৰমুখ্যে প্ৰশিক্ষাৰ্থী, অভিভাৱকসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, উক্ত শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰায় শতাধিক প্রশিক্ষাৰ্থীক নগাঁও ক্ৰীড়া সন্থাই বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।