ক্রীড়া-জগত

ক্ৰিকেটৰ নিতীশ কুমাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : একাধিকবাৰ সলাইছিল দেশ। এবাৰ আমেৰিকা, এবাৰ কানাডা তাৰ পাছত পুনৰ উভতি আহিছিল আমেৰিকালৈ। জন্ম তেঁওৰ কানাডাত। সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আছে তেঁওৰ দুৰ্বাৰ হেঁপাহ।

যদিও তেঁও কানাডা নাইবা আমেৰিকাত থাকে, তেঁও আচলতে ভাৰতীয়মূলৰহে লোক। তেঁও এজন আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈ। কানাডাত জন্মলাভ কৰা যুৱকজনে ইংলেণ্ডত স্কুল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাগ্ৰহণ কৰিছিল।

ইংলেণ্ডত লৈছিল ক্ৰিকেটৰ আনুষ্ঠানিক শিক্ষা। তেওঁৰ দেউতাকো এজন ক্ৰিকেটাৰ। দেউতাকে টৰণ্টো, স্কেটিং আৰু কাৰ্লিং ক্লাবত খেলিছিল ক্ৰিকেট। সৰুৰে পৰা ঘৰত ক্ৰিকেটৰ পৰিৱেশতে উমলি-জামলি ডাঙৰ হৈছিল তেঁও। ১৯৯৮ চনত মাত্ৰ চাৰি বছৰ বয়সতে তেওঁক টৰণ্টো ক্ৰিকেট একাডেমীত ৰখা হৈছিল।

মনত এটাই সপোন দেশৰ হৈ খেলিব ক্ৰিকেট। সদায় তেঁও সপোন দেখে ক্ৰিকেটকলৈ। কেতিয়াও অৰ্ধস্বপ্ন নেদেখে। সদায় ১০০শতাংশই সপোনত দেখে কেৱল ক্ৰিকেট আৰু ক্ৰিকেট।– এই হৈছে তেঁওৰ ভাষ্য।

সপোনৰ পিছত দৌৰি দৌৰি এদিন সেই সপোনক বাস্তৱত ৰূপ দিছিল তেঁও। আৰু এনেদৰেই ২০০৯ত প্ৰৱেশ ঘটিছিল প্ৰথম শ্ৰেণীৰ ঘৰুৱা ক্ৰিকেটত। ২০০৯ৰ পৰা ২০১৩ চনলৈ আই চি চি কণ্টিনেণ্টেল কাপত কানাডাৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল তেঁও।

ঘৰুৱা ক্ৰিকেট খেলি থকা সময়তে তেঁওৰ জীৱনলৈ আহে সোণালী সুযোগ। আফগানিস্তানৰ বিৰুদ্ধে তেঁও ২০১০ চনত কানাডাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এগৰাকী বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰে। এনদৰেই তেঁও আন্তৰ্জাতিক ক্ৰিকেটত প্ৰৱেশ কৰে।

অৱশ্যে ইয়াৰ পূৰ্বে একেটা বছৰতে জানুৱাৰীত অনুষ্ঠিত অনুৰ্ধ-১৯ বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছিল। পৰৱৰ্তী সময়ত তথা ২০১০ৰ ফেব্ৰুৱাৰীত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল তেঁও।

ইয়াৰ পাছতে ২০১১ চনত ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশে সমূহীয়াভাৱে আয়োজন কৰা এদিনীয়া বিশ্বকাপত তেঁও দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। ২০১১ৰ বিশ্বকাপত সৰ্বকনিষ্ঠ খেলুৱৈৰূপে তেঁও আত্মপ্ৰকাশ কৰিছিল। সেই সময়ছোৱাত তেঁওৰ বয়স হৈছিল ১৬ বছৰ ২৮৩ দিন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচত কানাডাৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষত আছিল তেঁও। ৯খন মেচত দুটা শতকসহ ৩৭০ ৰান সংগ্ৰহ কৰিছিল।

এনেদৰে ক্ৰিকেট যাত্ৰা আগুৱাই নিছিল তেঁও। তেঁওৰ সাফল্যৰ বাবেই ২০১৬ চনত কানাডা জাতীয় দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল দেশৰ ক্ৰিকেট ব’ৰ্ডে। মাত্ৰ ২২ বছৰ বয়সতে ব’ৰ্ডে দেশৰ জাতীয় দলৰ অধিনায়ক দায়িত্ব তেঁওৰ কান্ধত তুলি দিছিল।

অৱশ্যে ২০১৯ চনত ভাৰতীয় মূলৰ ক্ৰিকেটাৰগৰাকীয়ে কানাডা জাতীয় দলৰ পৰা বিদায় লয়। ২০১০ৰ পৰা ২০১৯ চনলৈ এই সুদীৰ্ঘ সময়ত তেঁও কানাডা জাতীয় দললৈ আগবঢ়াইছিল অনবদ্য বৰঙণি। ২০২০চনত হোৱা লকডাউনৰ বাবে তেঁও কানাডা ক্ৰিকেটক বিদায় জনায়।

ইয়াৰ পাছতে তেঁও ২০২৪ চনত আমেৰিকা জাতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰে। সেই আমন্ত্ৰণ লাভ কৰি সম্প্ৰতি তেঁও আমেৰিকা জাতীয় ক্ৰিকেট দলৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ।

চলিত টি-২০ বিশ্বকাপত তেঁও আমেৰিকাক প্ৰতিনিধিত্ব কৰিছে। ভাৰতীয় মূলৰ এইগৰাকী খেলুৱৈয়ে বিশ্বকাপৰ এখন মেচত ভাৰতৰ বিৰুদ্ধে খেলাৰ সুযোগো লাভ কৰিছে।

১২জুনৰ দিনা অনুষ্ঠিত বিশ্বকাপৰ মেচত ভাৰতৰ বিৰুদ্ধে তেঁও ২৭ ৰান কৰিবলৈ সক্ষম হৈছিল। এতিয়ালৈ তেঁও ১৬খন এদিনীয়া মেচ খেলি ২১৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে তেঁও কানাডাৰ হৈ খেলি থকা সময়ত ২৫ খন টি-২০ মেচত ৫৫৯ ৰান সংগ্ৰহ কৰিছে।

বহু উত্থান-পতনেৰে ভৰা তেঁওৰ ক্ৰিকেট জীৱন। তথাপি হাৰি যোৱা নাই তেঁও তেঁওৰ সপোনৰ ওচৰত। একাধিকবাৰ দেশ সলনি কৰিলেও একে বৃত্তিত অটল এইগৰাকী ভাৰতীয় মূলৰ আমেৰিকান ক্ৰিকেটাৰ। তেঁও হৈছে নিতীশ কুমাৰ। যাৰ নাই সপোনৰ অন্ত...।