বিৰাট কোহলি অতি অহংকাৰী- ক'লে এ বি ডিভিলিয়াৰ্ছে... 
ক্রীড়া-জগত

বিৰাট কোহলি অতি অহংকাৰী- ক'লে এ বি ডিভিলিয়াৰ্ছে...

Asomiya Pratidin

ডিজিটেলে ডেস্কঃ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক কিং কোহলী অহংকাৰী ! এই অভিযোগ নতুন কথা নহয়। খেল পথাৰত আগ্ৰাসী ৰূপত দেখা যায় কোহলিক। আনহে নালাগে কোহলিৰ প্ৰিয় বন্ধু তথা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ এ ডি ডিভিলিয়াৰ্ছেও বিৰাট কোহলিক অহংকাৰী আৰু উৰ্দ্ধত বুলি মন্তব্য কৰিছে।

অৱশ্যে এ বি ডিভিলিয়াৰ্ছে বৰ্তমানৰ বিৰাট কোহলিক অংহকাৰী বুলি অভিহিত কৰা নাই। তেওঁ আজিৰ পৰা ১১ বছৰ পূৰ্বে লগ পোৱা বিৰাট কোহলিৰ কথাহে এইদৰে কৈছে।

মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতে বিশ্বকাপ জয় কৰাৰ সময়ত এ বি ডিভিলিয়াৰ্ছে বিৰাট কোহলিক এজন অতি অহংকাৰী আৰু উৰ্দ্ধত খেলুৱৈ হিচাপে চিনি পাইছিল। সেই সময়ত অৱশ্যে কোহলি বৰ্তমানতকৈ খেলপথাৰত অধিক আগ্ৰাসী আছিল।

যাৰ বাবে তেওঁ অহংকাৰী খেলুৱৈ হিচাপেই পৰিচিত হৈ পৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ড্ৰেছিং ৰুমত এ বি ডিভিলিয়াৰ্ছে অন্য এজন বিৰাট কোহলিক আৱিষ্কাৰ কৰিলে।

যি বিৰাট কোহলি হৈ পৰিলে তেওঁৰ অন্যতম প্ৰিয় বন্ধু। আৰ চি বিৰ হৈ দুয়োৱে একেলগে খেলি, একেলগে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰি নতুন অভিজ্ঞতা আহৰণ কৰিলে। এ বি ডিভিলিয়াৰ্ছে আৰ চি বিত আৱিষ্কাৰ কৰা বিৰাট কোহলি এজন ভদ্ৰ আৰু খোলা মনৰ মানুহ।

প্ৰথম সাক্ষাতৰ সময়ত যিদৰে তেওঁলোক দুয়োৰে মাজত এখন দেৱাল থিয় হৈ আছিল সেই দেৱাল ভঙাৰ পিছতেই বিৰাটৰ এই নতুন ৰূপ আৱিষ্কাৰ কৰিছিল এ বি ডিভিলিয়াৰ্ছে।

উল্লেখ্য যে, আই পি এলৰ ইতিহাসৰ অন্যতম শক্তিশালী যুটী হিচাপে পৰিগণিত হৈ পৰিছে বিৰাট কোহলি আৰু এ বি ডিভিলিয়াৰ্ছ। এ বি ডিভিলিয়াৰ্ছে ইতিমধ্যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে আৰ চি বিৰ অধিনায়ক পদ ত্যাগ কৰিছে যদিও আৰ চি বিৰ হৈ আই পি এল খেলি আছে।