ক্রীড়া-জগত

লক্ষ্ণৌ-মুম্বাই ইণ্ডিয়ানছৰ মেচৰ পূৰ্বে ৰাম মন্দিৰত আকাশ আম্বানিৰ প্ৰাৰ্থনা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : চলিত আই পি এলত আধাডজন মেচত পৰাস্ত হৈছে মুম্বাই ইণ্ডিয়ানছ। ৯খন মেচৰ মাত্ৰ ৩খনতহে জয়ৰ মুখ দেখিছে দলটোৱে।

দলৰ এই অৱস্থা সহিব পৰা নাই মুকেশ আম্বানিৰ পুত্ৰ আকাশ আম্বানিয়ে। সেয়ে তেঁও মঙলবাৰে অযোধ্যাৰ ৰাম মন্দিৰত উপস্থিত হৈ দলৰ এই বিপৰ্যয় ৰোধৰ বাবে প্ৰাৰ্থনা জনায়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজি সন্ধিয়া ৭-৩০বজাৰ পৰা অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্মৌ ছুপাৰ জায়েণ্টছৰ মেচ। উক্ত মেচৰ পূৰ্বে অনন্ত আম্বানীয়ে ৰাম মন্দিৰত পূজা-অৰ্চনা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। তেঁও আশা প্ৰকাশ কৰে যে আজিৰ মেচখনৰ পৰাই দলে প্ৰত্যাৱৰ্তন কৰিব।