কোপা আমেৰিকা বিজয়েৰে বিদায় ল'লে ডি মাৰিয়াই... 
ক্রীড়া-জগত

কোপা আমেৰিকা বিজয়েৰে বিদায় ল'লে ডি মাৰিয়াই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যেন এটা যুগৰ অৱসান। ২০২৪ ৰ কোপা আমেৰিকা বিজয়ৰ আনন্দত বিশ্বজুৰি আৰ্জেণ্টিনাৰ অনুৰাগীসকল মতলীয়া হৈ থকাৰ সময়তে দলটোৰ জ্যেষ্ঠ খেলুৱৈ তথা আৰ্জেণ্টিনাৰ জাতীয় দলটোৰ অন্যতম স্তম্ভ স্বৰূপ ডি মাৰিয়াই ঘোষণা কৰিলে অৱসৰ।

এইবাৰ কোপা আমেৰিকা বিজয়ত ডি মাৰিয়াৰ অৱদান কোনোগুণে কম নাছিল। বৰঞ্চ পূৰ্বতকৈ বাঢ়িছিল দায়িত্ব। আনকি যিসময়ত আৰ্জেণ্টিনাই কোপা আমেৰিকা জয় কৰিলে সেই সময়তো অধিনায়কৰ 'আৰ্ম বেণ্ড' আছিল তেওঁৰ হাতত।

এইগৰাকী ফুটবলাৰৰ সুদীৰ্ঘকালৰ যাত্ৰাৰ শেষ লক্ষ্য যেন পূৰ্ব নিৰ্ধাৰিত আছিল। সেয়ে হয়তো তেওঁ প্ৰশিক্ষকৰ অনুৰোধকো প্ৰত্যাখ্যান কৰি কোপা আমেৰিকাৰ ট্ৰফী জয়ী কৰিয়েই ঘোষণা কৰিলে অৱসৰ। অৱসৰৰ সময়ত তেওঁ ক'লে এই বিজয় পূৰ্ব নিৰ্ধাৰিত আছিল।

অৱসৰ ঘোষণা কৰি ডি মাৰিয়াই কৈছে, ''এই বিজয় পূ্ৰ্ব নিৰ্ধাৰিত আছিল। মই সপোন দেখিছিলো এই বিজয়ৰ। দলৰ সকলোকে এই কথা কৈছিলোঁ।এ ই বিজয়ত অতি আনন্দিত হৈছোঁ।''

এইগৰাকী আৰ্জেণ্টাইন খেলুৱৈৰ জাতীয় দলটোৰ প্ৰতি আগবঢ়োৱা অবদান অপৰিসীম। সফলতাৰ বাবে তেওঁ অপেক্ষা কৰিবলগীয়া হ’ল এক বহু দীঘলীয়া সময়। কেৰিয়াৰাৰ আৰম্ভণিৰ সময়ছোৱা ডি মাৰিয়াৰ বাবে বৰ এটা সন্তুোষজনক নাছিল। তেওঁ লাভ কৰা নাছিল বিশেষ সফলতা।

আৰ্জেণ্টিনাৰ জাৰ্ছিত তেওঁ জয় কৰিব পৰা নাছিল কোনো উল্লেখযোগ্য খিতাপ। কিন্তু যোৱা চাৰিটা বছৰত ভাগ্য সুপ্ৰসন্ন হৈছে। ডি মাৰিয়াই জাতীয় দলৰ জাৰ্ছিত যোৱা চাৰিটা বছৰত চাৰিটাকৈ উল্লেখযোগ্য ট্ৰফী জয়ী কৰিবলৈ সক্ষম হৈছে। এই চাৰিটা খিতাপৰ ভিতৰত আছে ফিফা বিশ্বকাপৰ চেম্পিয়নৰো খিতাপ।

ডি মাৰিয়াই দলটোৰ এনে সফলতাৰ আঁৰত থকা প্ৰচুৰ সাধনা, ত্যাগৰ কথাও উল্লেখ কৰিছে। তেওঁ পাহৰা নাই তৰুণ খেলুৱৈক যোগ্য প্ৰশংসা কৰিবলৈ। অৱসৰৰ সময়ত তেওঁ সোঁৱৰিছে পূৰ্বজসকলক।

তেওঁ কয়, ''আমাৰ সফলতা দেখি এইবোৰ অতি সহজ যেনেই লাগে। কিন্তু ইমানবোৰ ট্ৰফী জয়ী কৰা সহজ নহয়। পূৰ্বে আমি সদায় বিপৰীত দিশতেই থাকিছিলোঁ। নতুন প্ৰজন্মলৈ আমাৰ কৃতজ্ঞতা। তেওঁলোকে আমাক আনন্দ কৰাৰ ইমানবোৰ সুযোগ দিছে। আগৰ প্ৰজন্মও ট্ৰফী জয়ৰ যোগ্য আছিল। তেওঁলোকৰ সৈতে কিবা এটা জয় কৰিব পৰা হয় খুব ভাল লাগিল হয়।''

ডি মাৰিয়াক দলত ৰাখিবলৈ প্ৰশিক্ষক স্কালোনিয়ে বহু চেষ্টা কৰিছিল। কিন্তু তেওঁ সফল নহ'ল। ডি মাৰিয়া নিজৰ স্থিতপ্ৰজ্ঞ। স্কালোনিয়ে কয়, ''ডি মাৰিয়াই দলৰ হৈ বহু ভাল মেচ খেলিছে। কিন্তু এইখন মেচ শ্ৰেষ্ঠ আছিল। যেতিয়া দুভৰিৰে ভালকৈ দৌৰিব পৰা নাছিল তেতিয়াও ২৫ বছৰীয়া যুৱকৰ সৈতে খেল পথাৰত সমানে সমানে দৌৰিছিল। তেওঁ এগৰাকী কিংবদন্তি। তেওঁক বহু অনুৰোধ কৰিলোঁ। কিন্তু তেওঁক ঘূৰাই অনাৰ কোনো উপায় নাই। আমি বিচাৰিছিলোঁ আৰু অন্ততঃ এখন মেচ খেলি তেওঁ বিদায় লওঁক। আমি অন্তত তেওঁক সন্মান জনোৱাৰ এক সুযোগ পালোঁ হয়। তেওঁ সেই সন্মানৰ যোগ্য।''

ডি মাৰিয়াই সেই সুযোগ নিদিলে। নিবিচাৰিলে কোনো আনুষ্ঠানিকতা। কোপা আমেৰিকাৰ ট্ৰফী বিজয়েৰে তেওঁ ল'লে ৰাজকীয় বিদায়। তেওঁৰ দৃষ্টিত কোপা আমেৰিকা বিজয়ৰ পাছতেই বিদায় লোৱাটোই আছিল শ্ৰেষ্ঠ।

২০২২ ৰ বিশ্বকাপৰ প্ৰতিখন মেচতেই ডি মাৰিয়াই অন্তত ৬০ মিনিট সময় খেল পথাৰত পাৰ কৰিছিল। ৯০ মিনিট সময় তেওঁ খেল পথাৰত পাৰ কৰাৰ সুযোগ পোৱা নাছিল। কিন্তু কোপা আমেৰিকাৰ ফাইনেলত শেষ পৰ্যন্ত খেলিছিল তেওঁ।

লিঅ’নেল মেছি যিসময়ত আঘাতৰ সন্মুখীন হৈ চকুত চকু পানী লৈ খেল পথাৰ ত্যাগ কৰিছিল সেই সময়ত ডি মাৰিয়াৰ কান্ধতেই আহি পৰিছিল খেল পথাৰৰ মাজৰ সকলো দায়িত্ব। সেই দায়িত্ব লৈয়ে মেচখনৰ শেষ পৰ্যন্ত তৰুণ ফুটবালৰৰ ভিৰৰ মাজতো শেষ মুহূৰ্তলৈকে সমানে সমানে দৌৰি থাকিল ইফালৰ পৰা সিফাললে।

ভাগৰি পৰাৰ বিপৰীতে মেচখনৰ শেষ মুহূৰ্তলৈকে আক্ৰমণাত্মক হৈ থাকিল তেওঁ। এই পৰিশ্ৰম, এই সধানাৰ ফল পালে আৰ্জেণ্টিনাই। কলম্বিয়াক পৰাস্ত কৰি আৰ্জেণ্টিনাই পুনৰ এবাৰ দখল কৰিলে কোপা আমেৰিকাৰ ট্ৰফী।

এই ট্ৰফীয়েই হৈ পৰিল ডি মাৰিয়াৰ কেৰিয়াৰৰ অন্তিম সফলতা। এতিয়া তেওঁ বাট এৰি দিছে তৰুণলৈ। আৰ্জেণ্টিনাৰ তৰুণ খেলুৱৈৰ বাবে ডি মাৰিয়া হৈ ৰ'ব এক কিংবদন্তি। তেওঁ হৈ পৰিব এক আদৰ্শ। ডি মাৰিয়া এই বিদায়ে আৰ্জেণ্টিনাবাসীৰ উপৰিও কন্দুৱাইছে বিশ্বৰ আন বহুতকে। বাদ পৰি ৰোৱা নাই ভাৰতীয় অনুৰাগীও।