ক্রীড়া-জগত

মই নিজেই বৰ্তমানলৈ অন্তৰ্ভুক্ত নহয় দলতঃ এচিয়া কাপ সন্দৰ্ভত ৰোহিত শৰ্মা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই চি চি বিশ্বকাপ আৰু এচিয়া কাপৰ দৰে বৃহৎ টুৰ্ণামেন্টসমূহ ওচৰ চপাৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলতো পূৰ্ণগতিত আৰম্ভ হৈছে কুচ-কাৱাজ। অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এচিয়া কাপ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

পাকিস্তান আৰু শ্ৰী লংকাই যুটীয়াভাৱে আয়োজন কৰা  এচিয়া কাপ ২০২৩ত ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈ সকলৰ সন্দৰ্ভত মন্তব্য কৰি অধিনায়ক গৰাকীয়ে কয় যে, এতিয়ালৈকে তেওঁ নিজেও দলটোত অন্তৰ্ভুক্ত হোৱা নাই। কোনো খেলুৱৈয়ে স্বয়ংক্ৰিয়ভাৱে এই দলত নিৰ্বাচিত নহয়। আই চি চি বিশ্বকাপৰ পূৰ্বে  অনুষ্ঠিত হবলগীয়া এচিয়া কাপ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ টুৰ্ণামেন্ট। বিশ্বকাপৰ দলত স্থান পাবৰ বাবে এই টুৰ্ণামেন্টত ভাল প্ৰদৰ্শনী দেখুওৱাৰ বাবে খেলুৱৈসকলৰ ওপৰত যঠেষ্ট চাপ থাকিব বুলিও ইংগিত দিয়ে ৰোহিত শৰ্মাই।

ইয়াৰ লগতে ৰোহিত শৰ্মাই কয় যে, তেওঁ ভাৰতীয় দলটোক সকলো প্ৰকাৰে আত্মনিৰ্ভৰশীল হোৱাটো বিচাৰে। তেওঁ দলটো, বিষেশকৈ বেটিং অৰ্ডাৰটো কোনো ব্যক্তি বিষেশৰ ওপৰত নিৰ্ভৰশীল হোৱাটো নিবিচাৰে। পৰৱৰ্তী এচিয়া কাপৰ সময়ত খেলুৱৈসকলে খেলৰ চাপ কেনেদৰে চম্ভালিৱ পাৰে তাৰ ওপৰত তেওঁৰ নিৰীক্ষণ থাকিব।

ইয়াৰ লগতে তেওঁ কয় যে, ভাৰতীয় দলটো জয়ী কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিব। তাৰবাবে দলটোই কিছু প্ৰশ্নৰ উত্তৰ সন্ধান কৰাটো প্ৰয়োজনীয়। ভাৰতীয় দলত নতুনকৈ প্ৰৱেশ কৰা যুৱ খেলুৱৈসকলে এচিয়া কাপত শক্তিশালী দলসমূহৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰাটো তেওঁ বিচাৰে। কেৱল এজন বা দুজনেই নহয় সকলোৱে পৰাক্ৰমী প্ৰদৰ্শনেৰে ভাৰতীয় দলক আগুৱাই নিব বুলি আই চি চিৰ লা লিগা অনুষ্ঠানত ৰোহিত শৰ্মাই আশা প্ৰকাশ কৰে।

এচিয়া কাপৰ বাছনি বৈঠক কিছুদিন পিছতহে অনুষ্ঠিত হ’ব বুলি জনাই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে। বিশ্বকাপ আৰু এচিয়া কাপত দলটোৰ বাবে উপযুক্ত সংমিশ্ৰণটোহে নিৰ্বাচিত কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

ৰোহিতে শৰ্মাই লগতে কয় যে, পৰৱৰ্তী এছিয়া কাপ ভাৰতীয় দলৰ বাবে আন এক  প্ৰত্যাহ্বান হ’ব, কিয়নো বেটিং লাইনআপ আৰু দলৰ সংমিশ্ৰণৰ ক্ষেত্ৰত দলটোৰ বাবে কি সৰ্বোত্তম হ’ব সেই বিষয়ে তেওঁলোকে এই টুৰ্ণামেন্টৰ দ্বাৰাই জানিব পাৰিব।