এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ ৩ খেলুৱৈ....  
ক্রীড়া-জগত

এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ ৩ খেলুৱৈ....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২৮ জুলাইৰ পৰা নয়দাত অনুষ্ঠিত হৈছে এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন চেম্পিয়নস্বিপত। নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অসমৰ ৩ গৰাকীকৈ ভাৰত্তোলকে অংশগ্ৰহণ কৰিছে।

দেশক প্ৰতিনিধিত্ব কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তিনি খেলুৱৈ ক্ৰমে সিদ্ধান্ত গগৈ, বেদব্ৰত ভৰালী আৰু কপিল সোণোৱাল। ইয়াৰে সিদ্ধান্ত গগৈয়ে জুুনিয়ৰ শাখাত, বেদব্ৰত ভৰালী আৰু কপিল সোণোৱালে য়ুথ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব।

উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ১১ জুলাইৰ পৰা ১৬ জুলাইলৈ নয়দাতে অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰত্তোলনত এই তিনিওগৰাকী অসম সন্তানে দেশক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিছিল।

চলিত মাহতে অনুষ্ঠিত হৈ যোৱা সেই প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ ধাৰা আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া এছিয়ান প্ৰতিযোগিতাখনতো অব্যাহত ৰাখিব পাৰিব বলি আশা প্ৰকাশ কৰিছে ক্ৰীড়া অনুৰাগীসকলে। ইফালে এই এছিয়ান ভাৰত্তোলন প্ৰতিযোগিতাখনত ভাৰতীয় ভাৰত্তোলন দলটোৰ প্ৰশিক্ষক হিচাপে আছে অলকেশ বৰুৱাও।