অসম পর্বতাৰোহণ সন্থাৰ বৰাইল অভয়াৰণ্যত ট্রেকিং অভিযান... 
ক্রীড়া-জগত

অসম পর্বতাৰোহণ সন্থাৰ বৰাইল অভয়াৰণ্যত ট্রেকিং অভিযান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম পর্বতাৰোহণ সন্থাই নৱ প্ৰজন্মক দুঃসাহসিক ক্রীড়াৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ বন বিভাগৰ সহায়ত বৰাক উপত্যকাৰ শিলচৰৰ বৰাইল বন্যপ্রাণী অভয়াৰণ্যলৈ এটা ট্রেকিং অভিযান আৰম্ভ কৰিছে। নৱ প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু প্রাকৃতিক পৰিৱেশৰ সৈতে একাত্ম কৰাৰ লক্ষ্যৰে সন্থাৰ উদ্যোগত এটা ৩৮ জনীয়া ট্রেকিং দল বৃহস্পতিবাৰে নিশা গুৱাহাটীৰপৰা ৰে'ল যোগে শিলচৰ অভিমুখে ৰাওনা হয়।

সন্থাৰ জ্যেষ্ঠ সদস্য ভাস্কৰ বৰুৱা আৰু কৃষাণু বৰাৰ নেতৃত্বত যোৱা দলটো আজি শিলচৰত উপস্থিত হয়। দলটোৱে শিলচৰ-ইন্দ্ৰপুৰ হৈ বৰাইললৈ দুদিনযোৰা ট্রেকিং কৰিব। প্রণিধানযোগ্য যে, অসম চৰকাৰৰ বন বিভাগৰ অনুৰোধত অসম পর্বতাৰোহণ সন্থাই যোৱা বছৰ এই নতুন ট্রেকিং পথটো উদঘাটন কৰিছিল বুলি অসম পৰ্বতাৰোহণ সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই জানিবলৈ দিয়ে।