ডিব্ৰুগড়ত সম্পন্ন অসম অলিম্পিক সন্থাৰ নিৰ্বাচনঃ সোণোৱালক বাদ দি নাই কোনো মন্ত্ৰী, বিধায়ক... 
ক্রীড়া-জগত

ডিব্ৰুগড়ত সম্পন্ন অসম অলিম্পিক সন্থাৰ নিৰ্বাচনঃ সোণোৱালক বাদ দি নাই কোনো মন্ত্ৰী, বিধায়ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰবাৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে লক্ষ্য কোঁৱৰ। মুঠ ৫ জনে প্ৰতিদ্বন্দিতা কৰা এই পদৰ প্ৰতিদ্বন্দিসকল আছিল ক্ৰমে অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ, বিজেপি নেতা তথা ছাত্ৰ যুৱকল্যাণ পৰিষদৰ সচিব গীতাৰ্থ গোস্বামী, বিজেপি নেতা তথা অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, অসম সাঁতোৰ সন্থাৰ ভাস্কৰ ৰঞ্জন দাস আৰু অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং সন্থাৰ সচিব হেমন্ত কলিতা।

সেইদৰে উপসভাপতি পদত নিৰ্বাচিত হৈছে মুৰুলীধৰ চৌধুৰী, কবিৰঞ্জন ব্ৰহ্ম, ৰাজ ককাতী, বাণীব্ৰত দাস, প্ৰশান্ত প্ৰতিম কাঠকটিয়া, সুশান্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱ, ৰাজীৱ শৰ্মা, সুবুধ মল্ল বৰুৱা আৰু মৃগাংক দেও বৰ্মন।

কোষাধ্যক্ষ পদত নিৰ্বাচিত হৈছে অশোক কুমাৰ ভৰালী। যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে ৰাতুল শৰ্মা, নিৰঞ্জন শইকীয়া, হীৰেন গগৈ, উজ্জল বৰুৱা, তপন দাস আৰু শান্তনু কলিতা।

সহকাৰী সম্পাদকৰ পদত নিৰ্বাচিত হৈছে আফতাব হুছেইন, অংশুমান দত্ত, অৰূপ কুমাৰ ঠাকুৰীয়া, বেনাজীৰ ৰছিদ, হিমাংশু শ্বেখৰ বৈশ্য, ৰাজেশ বৰা, ৰবীন শইকীয়া আৰু জাহিৰুল হক।

কাৰ্যকৰী সদস্য পদত বিজয়ী হৈছে ক্ৰমে শান্তনু পূজাৰী, জীতেন বৰঠাকুৰ, জিতু বৰদলৈ, এল হেমন্ত সিং, ৰঞ্জিত বড়ো, হিমাঞ্জন শৰ্মা, তুহিন হাজৰিকা, শৰত হাজৰিকা, প্ৰণিল দৈমাৰী, দুষ্মন্ত বৰা, বিৰ্জু ৰাম, পংকজ ৰাম বড়ো, কৰুণা শইকীয়া, গীতাৰ্থ দাস আৰু আদৰ্শ চৌধুৰী।

মন কৰিবলগীয়া যে, বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ এবাৰ অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পূৰ্বে এই পদত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকেই নিৰ্বাচিত কৰাৰ এক অঘোষিত পৰম্পৰা আছিল যদিও এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম অলিম্পিকৰ সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ নকৰাত পুনৰ এবাৰ সৰ্বানন্দ সোণোৱালকেই সেই দায়িত্ব প্ৰদান কৰা হৈছে।

ইফালে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিৰ কেইবাজনো বিধায়ক, স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ আৰু অন্যান্য বিজেপিৰ দলীয় নেতাই প্ৰতিদ্বন্দিতা কৰিবলৈ ডিব্ৰুগড়ত ভিৰ কৰিছিল যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

ফলত নিৰ্বাচনৰ বাবে সাজু হোৱা বিজেপিৰ ১০ বিধায়ক, দুই প্ৰাক্তন বিধায়ক, স্বায়ত্ব শাসিত পৰিষদৰ এই নেতাসকলে প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকে। উল্লেখ্য যে, ২২ বছৰৰ পাছত ডিব্ৰুগড়ত আজি পুনৰ অনুষ্ঠিত হ'ল অসম অলিম্পিক সন্থাৰ নিৰ্বাচন।

এই নিৰ্বাচনত যিদৰে শাসকীয় ৰাজনৈতিক নেতাৰ সমাগম হৈছে সেই দৃশ্য দেখি বহুতেই দিছপুৰখন ডিব্ৰুগড়লৈ উঠি অহা বুলিও ক'বলৈ আৰম্ভ কৰিছে। অৱশ্যে এই নেতাসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিবলৈ জনোৱা আহ্বানৰ আঁৰৰ ৰাজনীতিহে বহুতেই বুজিব পৰা নাই।