স্বাধীনতা দিৱস কাপ ফুটবলঃ অসম পুলিচৰ হাতত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড এফ চি... 
ক্রীড়া-জগত

স্বাধীনতা দিৱস কাপ ফুটবলঃ অসম পুলিচৰ হাতত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড এফ চি...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টডিয়ামত চলি থকা মহাৰজত জয়ন্তী সৰ্বভাৰতীয় স্বাধীনতা দিৱস কাপ আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত অংশগ্ৰহণ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু অসম পুলিচ একাদশে। আজি অনুষ্ঠিত হোৱা দিবা-নৈশ খেলখনত দুয়োটা দলে তুমুল প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও অসম পুলিচ দলে ২-০ গলৰ ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক পৰাস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

খেলৰ প্ৰথমাৰ্ধ পৰ্যন্ত গ'ল শূণ্যভাৱে পাৰ হয় যদিও খেলৰ দ্বিতীয়াৰ্ধৰ ১০ মিনিট আৰু ১৫ মিনিটত অসম পুলিচ দলৰ ৰাকেশ দাসে একক প্ৰচেষ্টাৰে দুটাকৈ গ'ল দিবলৈ সক্ষম হয়। আনহাতে, স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আজি ধিং ষ্টডিয়ামত অনুষ্ঠিত আন এখন খেলত কেৰালাৰ লুকা চ'কাৰ ক্লাবক গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ স্পৰ্টছ ক্লাবে ৫- ০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ইপিনে,বৃহস্পতিবাৰে বিয়লি নুৰুল আমিন ষ্টডিয়ামতে এই প্ৰতিযোগিতাৰ আন এখন খেলত ইষ্ট বেংগল ফুটবল ক্লাবে কোকৰাঝাৰ গ্ল'বেল এফ চি দলৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হ'ব।