৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া টাইকোৱানড'ত অসমৰ ৯ টা পদক... 
ক্রীড়া-জগত

৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া টাইকোৱানড'ত অসমৰ ৯ টা পদক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত অসমৰ টাইকোৱানড' দলটোৰ সফলতা। প্ৰতিযোগিতাত টাইকোৱানড'ৰ কিউৰোগী ইভেণ্টত অসমে মুঠ ৯ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। য'ত আছে দুটাকৈ সোণৰ পদক।

মধ্য প্ৰদেশৰ বেটুলত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসম দলটোৱে লাভ কৰা পদকৰ তালিকাত আছে দুটা সোণ, দুটা ৰূপ আৰু ৫ টা ব্ৰঞ্জ। ইয়াৰে জ্যোতিষ হাজৰিকা আৰু পিহু কুমাৰীয়ে লাভ কৰিছে সোণৰ পদক।

জ্যোতিষে ল'ৰাৰ অনুৰ্ধ্বৰ ১৯ বছৰৰ ৭৮ কেজি উৰ্ধত আৰু পিহুয়ে ছোৱালীৰ ১৭ বছৰৰ অনুৰ্ধ্বৰ ৬৩ কেজিত অৱতীৰ্ণ হৈছিল । ৰূপৰ পদক দুটা আহে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ্বৰ ৪৪ কেজিত অৱতীৰ্ণ বৃষ্টি পৰাশৰ আৰু ১৯ বছৰ অনুৰ্ধ্বৰ ৬৮ কেজিৰ উৰ্ধত খেলা জাষ্টিন কাশ্যপৰ জৰিয়তে ।

আনহাতে ব্রঞ্জ জয়ী কেইগৰাকী হ'ল ল'ৰাৰ অনুৰ্ধ্বৰ ১৭ বছৰৰ ৫৯ কেজিত লিপু সোনোৱাল, ৭৮ কেজিত ইন্দুভূষণ হিলৈদাৰী, ছোৱালীৰ অনুৰ্ধ্বৰ ১৯ বছৰৰ ৪৯ কেজিত এনশিখা সিং, অনুৰ্ধ্বৰ ১৭ বছৰৰ ৫২ কেজিত স্তুতি কিংকিনি মজুমদাৰ আৰু ৫২ কেজিত লাবল্যা লামা টামাং।

দলটোৰ প্ৰশিক্ষকৰূপে গৈছিল নীলমজ্যোতি কলিতা, বলবিন্দ সিং, ৰাজা বাল্মীকি আৰু হৰপ্রিত সিং । মেনেজাৰৰ দায়িত্বত আছিল কাজল কৌৰ ।