গভীৰ নিশা বাবৰ আজমৰ ডাঙৰ ঘোষণাঃ পাকিস্তানত অস্থিৰতা... 
ক্রীড়া-জগত

গভীৰ নিশা বাবৰ আজমৰ ডাঙৰ ঘোষণাঃ পাকিস্তানত অস্থিৰতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধাৰাবাহিক ব্যৰ্থতাৰ অন্তত পাকিস্তান ক্ৰিকেটৰ অধিনায়ক পদ এৰিলে বাবদ আজমে। ২০২৩ ৰ বিশ্বকাপত দলটো চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ পাছত অধিয়ানক পদ এৰিছিল বাবৰে।

পৰৱৰ্তী সময়ত পুনৰ পাকিস্তান ক্ৰিকেট ব'ৰ্ডে বাবৰক সীমিত অভাৰৰ ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিছিল। মঙ্গলবাৰে নিশা বাবৰে সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ অধিনায়ক পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে।

২০২৩ লৈকে বাবৰ আছিল পাকিস্তান ক্ৰিকেট দলৰ টেষ্ট, এদিনীয়া আৰু টি-২০ ৰ অধিনায়ক। ২০২৩ বিশ্বকাপত দলটো ব্যৰ্থ হোৱাত তেওঁ অধিনায়ক পদ ত্যাগ কৰে। বাবৰে দায়িত্ব এৰাত হোৱাইট বল ক্ৰিকেটত অধিনায়কৰ দায়িত্বল দিয়া হৈছিল শ্বাহীন শ্বাহ আফ্ৰিডীক।

কিন্তু টি-২০ বিশ্বকাপৰ পূৰ্বে বাবৰক পুনৰ অধিনায়কৰ দায়িত্ব দিয়া হয়। যাক লৈ দলৰ মাজতেই অসন্তুষ্টিৰ সৃষ্টি হৈছিল। টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল শ্বান মাছুদক।

কিন্তু তেওঁৰ অধিনায়কত্বত যোৱা ৫ খন টেষ্টৰ ৫ খনতেই পৰাস্ত হৈছে পাকিস্তান। মাছুদৰ অধিনায়কত্বতে পাকিস্তান দলটো ঘৰৰ মাটিতে বাংলাদেশৰ হাতত পৰাস্ত হ'বলগীয়া হৈছে।

মঙ্গলবাৰে সামাজিক মাধ্যমত বাবৰে লিখিছে, মই মোৰ সিদ্ধান্ত পি চি বিক জনাই দিছো। পাক ক্ৰিকেট দলক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰাৰ বাবে মই কৃতজ্ঞ। অধিনায়ত্ব এক ডাঙৰ সন্মান। কিন্তু তাৰ লগতে চাপো বাঢ়ি যায়। মই এতিয়া মোৰ নিজৰ প্ৰদৰ্শনৰ ওপৰত মনযোগ দিব বিচাৰো। নিজৰ বেটিং উপভোগ কৰিব বিচাৰো। পৰিয়ালৰ সৈতে ভালদৰে সময় পাৰ কৰিব বিচাৰো।

দৰাচলতে, এই মুহূৰ্তত পাকিস্তান ক্ৰিকেটত যথেষ্ট অস্থিৰতাই বিৰাজ কৰিছে। বাবৰে নিজকে এই অস্থিৰ পৰিস্থিতিৰ পৰা এক সুৰক্ষিত স্থানলৈ আঁতৰাই নিবলৈ চেষ্টা কৰিছে। খবৰ অনুসৰি হোৱাইট বলত ক্ৰিকেটত পাকিস্তান ক্ৰিকেট ব'ৰ্ডে বাবৰৰ ঘনিষ্ঠ মহম্মদ ৰিজৱানক অধিনায়কত্বৰ দায়িত্ব দিয়াৰে সম্ভাৱনা অধিক।