আহি আছে বুমৰাহ, কে এল, আয়াৰ, প্ৰসিদ্ধঃ পণ্টেও নেটত আৰম্ভ কৰিছে অনুশীলন... 
ক্রীড়া-জগত

আহি আছে বুমৰাহ, কে এল, আয়াৰ, প্ৰসিদ্ধঃ পণ্টেও নেটত আৰম্ভ কৰিছে অনুশীলন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। শীঘ্ৰেই খেল পথাৰত দেখা যাব আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা ৫ গৰাকীকৈ তাৰকা খেলুৱৈক। এই ৫ গৰাকী তাৰকা ক্ৰিকেটাৰৰ স্বাস্থ্যৰ শেহতীয়া আপডেট জনাইছে বি চি চি আইয়ে।

প্ৰায় ২ বছৰ ধৰি আঘাতৰ সমস্যাত ভূগি খেল পথাৰৰ পৰা বাহিৰত থকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ, পথ দুৰ্ঘটনাত পতিত হোৱা উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট, কে এল ৰাহুল, শ্ৰেয়াস আয়াৰ আৰু প্ৰসিদ্ধ কৃষ্ণৰ শেহতীয়া স্বাস্থ্যৰ সন্দৰ্ভত বি চি চি আয়ে প্ৰকাশ কৰিছে সবিশেষ তথ্য।

সেই অনুসৰি তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণই নেটত বল কৰিবলৈ আৰম্ভ কৰিছে। দুয়োজন বলাৰে কেইখনমান অনুশীলন মেচ খেলিব। এই অনুশীলন মেচ কেইখন অনুষ্ঠিত কৰিব ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীয়ে।

তাৰ পাছতেই তেওঁলোকৰ ফিটনেছ সন্দৰ্ভত বি চি চি আইৰ মেডিকেল টীমে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে কে এল ৰাহুল আৰু শ্ৰেয়াস আয়াৰেও নেটত বেটিং কৰিবলৈ আৰম্ভ কৰিছে।

দুয়োগৰাকীয়ে যোৱা আই পি এলত আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসকৰ তত্বাৱধানত আছিল। বি চি চি আইৰ মেডিকেল টীম তেওঁলোক দুয়োজনৰে ফিটনেছক লৈ সন্তুষ্ট হৈছে।

ইফালে পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা ঋষভ পণ্টেও দ্ৰুত আৰোগ্য লাভ কৰিছে। তেওঁ নেটত উইকেট কীপিং আৰু বেটিং কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেওঁক আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। বৰ্তমান তেওঁৰ ফিটনেছৰ ওপৰত কাম কৰি থকা হৈছে।