Inter IIT Aquatics Meet ত ভাৰ্গৱ ফুকনৰ স্বৰ্ণসহ তিনিটা পদক অৰ্জন... 
ক্রীড়া-জগত

Inter IIT Aquatics Meet ত ভাৰ্গৱ ফুকনৰ স্বৰ্ণসহ তিনিটা পদক অৰ্জন...

গুৱাহাটী আই আই টিৰ গৱেষক ছাত্ৰ ভাৰ্গৱ ফুকন

Asomiya Pratidin

ডিজিটেল সংবাদ যোৰহাটঃ মধ্যপ্ৰদেশৰ ইন্দোৰত চলি থকা ৩৮ সংখ্যক আন্তঃ আই আই টি একুৱেটিক মিট প্ৰতিযোগিতাত যোৰহাটৰ ভাৰ্গৱ ফুকনে সাঁতোৰত তিনিটাকৈ পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত গুৱাহাটী আই আই টি দলৰ হৈ ভাৰ্গৱ ফুকনে ১০০ মিটাৰ মিডলিত সোণৰ পদক অৰ্জন কৰাৰ লগতে ব্যক্তিগত ভাৱে ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ আৰু ৫০ মিটাৰ ব্ৰেষ্ট ষ্টোকত ব্ৰঞ্জৰ পদক মুঠ তিনিটা পদক লাভ কৰিছে।

উল্লেখ্য যে, ভাৰ্গৱ ফুকন যোৰহাটৰ কমাৰবন্ধা পথৰ নিবাসী সমাজকৰ্মী পুলিন ফুকন আৰু জোনালী ফুকনৰ পুত্ৰ। তেওঁ যোৰহাট ছুইমিং ছ’চাইটিৰ এজন প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা বৰ্তমান গুৱাহাটী আই আই টিৰ এজন গৱেষক ছাত্ৰ।

ভাৰ্গৱ ফুকনৰ এই সফলতাত যোৰহাটৰ লগতে গুৱাহাটী আই আই টি উপৰিও ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য এই প্ৰতিযোগিতা যোৱা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে আৰু ৫ অক্টোবৰত সমাপ্তি ঘটিব।