ক্রীড়া-জগত

খেল বাতিল হ'লেও নাই আক্ষেপ ! প্ৰিয় খেলুৱৈক কাষত পাই উৎফুল্লিত কানাডাৰ ক্ৰিকেটাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : যিমানেই বয়স বাঢ়ি গৈছে সিমানেই জনপ্ৰিয়তা বৃদ্ধি পাইছে প্ৰাক্তন অধিনায়ক তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলিৰ। দেশত তেঁওৰ যি জনপ্ৰিয়তা, বিদেশতো সমানেই জনপ্ৰিয় বিৰাট কোহলি।

তদুপৰি প্ৰতিপক্ষৰ খেলুৱৈসকলেও যথেষ্ট সমীহ কৰে কোহলিক। বিভিন্ন সময়ত চৰ্চাত থকা এইগৰাকী ভাৰতীয় তাৰকা শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে। চলিত টি-২০ বিশ্বকাপত বেটেৰে সফল হ’ব নোৱাৰিলেও জনপ্ৰিয়তা কিন্তু অকণো হ্ৰাস পোৱা নাই।

তাৰে অন্যতম নিদৰ্শন হ’ল এয়া- শনিবাৰে ভাৰত আৰু কানাডাৰ মেচখন প্ৰতিকূল বতৰৰ বাবে বাতিল হয়। গ্ৰুপ লীগৰ অন্তিম মেচখন বাতিল হ’লেও কোনো প্ৰভাৱ নপৰে ভাৰতীয় দলৰ ওপৰত। কিয়নো দলটোৱে ইতিমধ্যে ছুপাৰ-৮ত প্ৰৱেশ কৰিছে।

অৱশ্যে কানাডাৰ খেলুৱৈসকলৰ ভাৰতৰ বিৰুদ্ধে খেলাৰ বৰ হেঁপাহ আছিল। বিশ্বৰ অন্যতম শক্তিশালী দলৰ বিৰুদ্ধে খেলাৰ ইচ্ছা বহুতৰে থাকে। কানাডাৰ আশাত চেঁচাপানী ঢালি খেলখন এটাও বল নপৰাকৈ বাতিল হয়।

কিন্তু ইয়াকলৈ আক্ষেপ নাই কানাডাৰ খেলুৱৈসকলৰ। কিয়নো দলটোৰ অধিকাংশ খেলুৱৈয়ে ভাৰতীয় তাৰকা বিৰাট কোহলিৰ সৈতে উঠিবলৈ আহিল ফটো। সকলোৱে প্ৰিয় খেলুৱৈগৰাকীক ওচৰৰ পৰা চালে। বেটিং টিপছো দিলে কোহলিয়ে। কানাডিয়ান খেলুৱৈসকলে আনন্দ মনে কোহলিৰ সৈতে ফটো উঠি বিশ্বকাপ অভিযান সামৰে।

উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যে টি-২০ বিশ্বকাপৰ পৰা বিদায় লৈছে ক্ৰিকেটৰ শিশু কানাডাই। বিপৰীতে ৩খন মেচত জয়ী হৈ ছুপাৰ-৮ত প্ৰৱেশ কৰিছে ভাৰত।