টি-২০ বিশ্বকাপত লোকচানঃ চেম্পিয়নছ ট্ৰফীত ৰিক্স নলয় ICC য়ে, ভাৰতৰ ওপৰতে সকলো নিৰ্ভৰ... 
ক্রীড়া-জগত

টি-২০ বিশ্বকাপত লোকচানঃ চেম্পিয়নছ ট্ৰফীত ৰিক্স নলয় ICC য়ে, ভাৰতৰ ওপৰতে সকলো নিৰ্ভৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত টি-২০ বিশ্বকাপত যথেষ্ট লোকচানৰ সন্মুখীন হ'ল আই চি চি। প্ৰতিযোগিতাখনৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰ পৰ্বত সৰ্বাধিক ধন ব্যয় কৰিবলগীয়া হ'ল ইণ্টাৰনেচল ক্ৰিকেট কাউন্সিলে। সেয়ে আগন্তুক চেম্পিয়নছ ট্ৰফীত যাতে তেনে কোনো লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে আই চি চিয়ে আগতীয়াকৈ নিশ্চিত কৰিব বিচাৰিছে।

২০২৫ ত পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাখনৰ বাজেট সন্দৰ্ভত চলিত মাহৰ শেষৰফালে শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আই চি চিৰ বাৰ্ষিক সাধাৰণ সভাত আলোচনা কৰা হ’ব।

কিয়নো সদ্য সমাপ্ত টি-২০ বিশ্বকাপত বাজেটতকৈ অধিক ধন ব্যয় হৈছে আই চি চিৰ। সেয়ে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ সকলো দিশ পৰ্যালোচনা কৰিহে আই চি চিয়ে এইবাৰ বাজেটন অনুমোদন দিব।

আগন্তুক ২০২৫ ৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা। আই চি চিৰ প্ৰধান অৰ্থনৈতিক অধিকাৰী অংকুৰ খান্নাই এই সন্দৰ্ভত কয়, জুন মাহত আই চি চিৰ তিনিজন বিষয়াই লাহোৰলৈ গৈছিল। এই তিনি বিষয়াই চেম্পিয়নছ ট্ৰফী আয়োজনত কিমান টকা ব্যয় হ’ব সেই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট বৰ্ডৰ মুখ্য অৰ্থনৈতিক অধিকাৰী জাভেদ মুৰ্তাজাৰ সৈতে আলোচনাত বহিছিল। প্ৰতিযোগিতাখনত মুঠ ৮ টা দলে খেলিব। সেই বিষয়টো সন্মুখত লৈ সকলো অংক কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহ আই চি চিৰো অৰ্থনৈতিক সমিতিৰ মুৰব্বী। চেম্পিয়নছ ট্ৰফীৰ বাজেট আই চি চিলৈ প্ৰেৰণ কৰাৰ পূৰ্বে জয় শ্বাহৰ টেবুললৈ আহিব। তেওঁ অনুমোদন দিয়াৰ পাছতহে এই বাজেট আই চি চিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে, পাকিস্তানৰ লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ অনুষ্ঠিত হোৱাৰ কথা। এই তিনিওখন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচসমূহৰ ব্যয় সম্পৰ্কে পিচিবিক অৱগত কৰা হৈছে। পিচিবিয়ে সেই তথ্য প্ৰেৰণ কৰিছে আই চি চিলৈ।

যদিহে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰে তেন্তে মেচসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খৰচ হ্ৰাস পাব। কিন্তু ভাৰতীয় ক্ৰিকেট দল যদি পাকিস্তানলৈ নগৈ আন কোনো দেশত হাইব্ৰীড পদ্ধতিৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে মেচসমূহৰ ব্যয় যথেষ্ট বৃদ্ধি পাব। সেয়ে এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৰ পাকিস্তান ভ্ৰমণ কৰা, নকৰা বিষয়টোৰ ওপৰতো আই চি চিৰ ব্যয়ৰ বহু কথা নিৰ্ভৰ কৰিছে।

ইয়াৰ পূৰ্বে এছিয়া কাপত ভাৰত পাকিস্তান ভ্ৰমণৰ পৰা বিৰত আছিল। পাকিস্তানৰ পৰিবৰ্তে ভাৰতে প্ৰতিযোগিতাৰ মেচসমূহ খেলিছিল শ্ৰীলংকাত। এইবাৰো ভাৰত পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্তত বৰ্তমানলৈকে অটল। সেয়ে এইবাৰো হাইব্ৰীড পদ্ধতিতে মেচসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক।