আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত কঠিয়াতলীৰ ছাত্ৰৰ সফলতা... 
ক্রীড়া-জগত

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত কঠিয়াতলীৰ ছাত্ৰৰ সফলতা...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ যোৱা কিছুদিন পূৰ্বে নেপালৰ শ্বিটো ৰায়ো কাৰাটে স্কুলৰ উদ্যোগত অনুস্থিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা ময়ূৰ কাপ-২০২৩ ত নগাওঁ জিলাৰ কঠিয়াতলীৰ ছাত্ৰৰ সফলতা। লাভ কৰিলে দুটাকৈ সোণৰ পদক।

কঠিয়াতলীৰ বাবুল বৰা আৰু বিজয় লক্ষ্মী বৰাৰ একমাত্ৰ পুত্ৰ দেৱাংগ ভূষণ বৰাই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ২ টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। দেৱাংগ ভূষণ বৰা ছেইণ্ট থমাছ ইংলিছ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।

যোৱা ২৭ আৰু ২৮ মে'ত নেপালৰ জাফাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ৯ বছৰীয়া দেৱাংগ ভূষণ বৰাই লাভ কৰা এই সফলতাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ বিক্ৰম শৰ্মা ভাণ্ডাৰীৰ তত্বৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য, ইয়াৰ পূৰ্বেও দেৱাংগই বিভিন্ন স্থানত কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল। দেৱাংগৰ এই সফলতাত আনন্দিত পিতৃ-মাতৃয়ে সকলো শুভচিন্তক তথা ৰাইজ আৰু প্ৰশিক্ষক বিক্ৰম শৰ্মা ভাণ্ডাৰীক ধন্যবাদ জ্ঞাপন কৰিছে।