ক্রীড়া-জগত

বৰ্ষাপাৰাত মেচ বাতিলৰ পাছতে সিদ্ধান্ত, দৰ্শকক ঘূৰাই দিব টিকটৰ মূল্য...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত ১৯মে'ত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে সোমবাৰে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে এক নতুন সিদ্ধান্ত। উল্লেখ্য যে বৰষুণে বিধি-পথালি দিয়া বাবে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা নাছিল আই পি এলৰ হাইভ'ল্টেজ মেচখন।

ইয়াৰ পাছতে আম্পায়াৰৰ সিদ্ধান্ত মৰ্মে মেচখন পৰিত্যক্ত ঘোষণা কৰা হৈছিল আৰু দুয়ো দলক ১পইণ্টকৈ ভগাই দিয়া হৈছিল। মেচখন বাতিল হোৱাৰ এদিন পাছতে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে যে মেচ উপভোগ কৰিবলৈ অহা দৰ্শকৰ টিকটৰ মূল্য উভতাই দিয়া হ'ব।

আই পি এল কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি বুধবাৰৰ পৰা দৰ্শকসকলক টিকটৰ সম্পূৰ্ণ মূল্য উভতাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব।

উল্লেখ্য যে যিসকল দৰ্শকে অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰিছিল তেঁওলোকে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব। আনহাতে যিসকলে অনলাইযোগে টিকট সংগ্ৰহ কৰিছিল তেঁওলোকে বুক মাই শ্ব'ৰ এপ অথবা ৱেবচাইটযোগে টিকটৰ মূল্য উভতাই পাব।

তথ্য অনুসৰি উক্ত মেচখন উপভোগ কৰাৰ বাবে অনলাইন আৰু অফলাইনযোগে সৰ্বমুঠ ৩৭,৮০০ টিকট বিক্ৰী হৈছিল। অৰ্থাৎ আই পি এল কৰ্তৃপক্ষই প্ৰায় ১৩০ কোটি টকাৰ ব্যৱসায় কৰিছিল কেৱল টিকটৰ জৰিয়তে।

কিন্তু মেচ বাতিল হোৱাৰ পাছত আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্তই বৰ্ষাপাৰা ষ্টেডিয়াম তথা অসম ক্ৰিকেট সন্থাৰো কিছু পৰিমাণে আৰ্থিক ক্ষতি কৰাৰ সম্ভাৱনা আছে। অৱশ্যে অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়ামৰ ক্ষেত্ৰত প্ৰকৃত ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই।