ফিফাই ধোনিৰ সৈতে তুলনা কৰিলে ৰনাল্ডোক... 
ক্রীড়া-জগত

ফিফাই ধোনিৰ সৈতে তুলনা কৰিলে ৰনাল্ডোক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এবাৰ কোনোৱে গুগলক প্ৰশ্ন কৰিছিল- বিশ্বত ৭ নম্বৰ আচল তাৎপৰ্য কি? গুগলে ক’লে ৰামধেনুৰ সাত ৰং, সপ্তাহৰ সাত দিন, সাত সাগৰ, সাত মহাদেশ আৰু ধোনি, ৰনাল্ডোৰ জাৰ্ছি। ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনি আৰু পৰ্তুগীজ উইংগাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ জনপ্ৰিয়তা অথবা প্ৰভাৱ এয়া।

বিশ্বজুৰি ফুটবলৰ জনপ্ৰিয়তা অপৰিসীম। বিশ্বৰ যিমান দেশে ফুটবল খেলে সিমান দেশে ক্ৰিকেট নেখেলে যদিও বিশ্বজুৰি ফুটবলাৰৰ সমানেই জনপ্ৰিয়তা অৰ্জন কৰিছে একাংশ ক্ৰিকেটাৰে। মহেন্দ্ৰ সিং ধোনি তেনে এজন ক্ৰিকেটাৰ। ভৌগলিক সীমা অতিক্ৰম কৰি ধোনি এতিয়া বিশ্বজুৰি সমাদৃত।

ধোনিৰ এই জনপ্ৰিয়তা কিমান সেয়া পুনৰ এবাৰ প্ৰমাণ হ’ল ফিফা ৱ’ৰ্ল্ড কাপৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজৰ এটা পোষ্টৰ জৰিয়তে। এই পোষ্টত ফিফা ৱ’ৰ্ল্ড কাপে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এখন ফটো আপলোড কৰিছে। ফটোখনৰ কেপচনত লিখিছে- ‘থালা ফৰ এ ৰিচন’।

৭ নম্বৰৰ জাৰ্ছি পৰিধান কৰি ধোনিয়ে বিশ্ব জয় কৰিছে। আই চি চিৰ আটাইকেইটা ট্ৰফী জয় কৰা তেওঁ ভাৰতৰ একমাত্ৰ অধিনায়ক। ৰনাল্ডোৰো জাৰ্ছি নম্বৰ ৭। ৰনাল্ডোৱে যদিও এতিয়ালৈকে দেশৰ বাবে ফিফা বিশ্বকাপ জয় কৰিব পৰা নাই তথাপিও ৰনাল্ডো মানেই যেন অভিলেখ। এটাৰ পিছত এটাকৈ অভিলেখৰগৰাকী হৈছে পৰ্তুগীজ তাৰকাগৰাকী।

আজি ৰনাল্ডোৱে চেক গণৰাজ্যৰ বিৰুদ্ধে খেল পথাৰত নমাৰ লগে লগে ৬ টাকৈ ইউৰো ছিজন খেলা বিশ্বৰ একমাত্ৰ ফুটবলাৰ হৈ পৰিব ৰনাল্ডো। এয়াও এক নতুন অভিলেখ।

ৰনাল্ডো সন্দৰ্ভত পৰ্তুগালৰ প্ৰশিক্ষকগৰাকীয়ে সোমবাৰে সংবাদ মেলত কয়, নিজৰ দক্ষতাৰ বলত জাতীয় দলত নিজৰ স্থান নিশ্চিত কৰিছে ৰনাল্ডোৱে। দেশৰ জাৰ্ছিত তেওঁৰ ধাৰাবাহিকতা অপূৰ্ব। যোগ্যতা অৰ্জনৰ মেচত তেওঁ ৯ টা গ’ল কৰিছে।

সেয়ে ৰনাল্ডোক এতিয়া সৰ্বত্ৰে চৰ্চা। ৰনাল্ডোৰ দুভৰিৰ ছন্দত মতলীয়া হোৱাৰ সময় এয়া। এনে সময়তে ফিফাই ৰনাল্ডোক তুলনা কৰিলে ধোনিৰ সৈতে। ৰনাল্ডোৰ ফটো আপলোড কৰি লিখিছে- থালা ফৰ এ ৰিজন।