ক্রীড়া-জগত

অল ইণ্ডিয়া পুলিচ মীটত অসম আৰক্ষীৰ বাৰ্ডী বড়োৰ ৪ টা পদক, ছেপাক টাক্ৰ দলৰ ৩ টা পদক লাভ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া পুলিচ মীটত অসম আৰক্ষীৰ ডি এছ পি বাৰ্ডী বড়োৰ সফলতা। প্ৰতিযোগিতাখনত তেওঁ লাভ কৰিলে ৪ টাকৈ পদক। ইয়াৰ ভিতৰত আছে ২ টা স্বৰ্ণ আৰু ২ টা ব্ৰঞ্জৰ পদক।

টেবুল টেনিছৰ ব্যক্তিগত শাখাত গেজেটেড পোষ্ট আৰু অপেন কেডাৰত প্ৰতিদ্বন্দিতা কৰি তেওঁ লাভ কৰিছে ২ টাকৈ সোণৰ পদক। আনহাতে দলীয় শাখাত আৰু ডাবলছ শাখাত তেওঁ দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

আনহাতে ছেপাক টাক্ৰত অসম আৰক্ষীৰ দলটোৱে ৩ টাকৈ পদক লাভ কৰিছে। দলটোৱে টীম ইভেণ্ট, ৰেগু ইভেণ্ট আৰু ডাৱল ইভেণ্টত লাভ কৰিছে ৩ টা ব্ৰঞ্জৰ পদক।

উল্লেখ্য যে, টেবুল টেনিছ খেলুৱৈ বাৰ্ডী বড়োৱে অসম আৰক্ষীত যোগদান কৰাৰ পূৰ্বে ভাৰতক প্ৰতিনিধিত্ব কৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছে।২০১০ চনৰ পৰা ২০১৮ চনলৈ তেওঁ ভাৰতীয় টেবুল টেনিছ দলৰ অংশ আছিল।

ৰাজ্যৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৬ সংখ্যক স্থান লাভেৰে ২০২২ চনত ডি এছ পি পদ লাভ কৰিছিল।