ক্রীড়া-জগত

ঈশান কিষাণৰ শতকেৰে ভাৰত ‘চি’ৰ ৰানৰ পাহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দুলীপ ট্ৰফীৰ এখন মেচত ভাৰত ‘বি’ৰ বিপক্ষে ৰানৰ পাহাৰ গঢ়ি তুলিছে ভাৰত ‘চি’ দলে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা মেচখনৰ প্ৰথম দিনটোৰ অন্তত ভাৰত ‘চি’ দলে ৫টা উইকেটৰ বিনিময়ত ৩৫৭ ৰান সংগ্ৰহ কৰে।

এই ৰানৰ মূলতে নিৰ্ভৰযোগ্য বেটাৰ তথা টীম ইণ্ডিয়াৰ অন্যতম অপেনিং বেটছমেন ঈশান কিষাণৰ দৃঢ়তাপূৰ্ণ বেটিং। ঈশানে দলৰ হৈ ১১১ ৰানৰ শতকীয় ইনিংছ উপহাৰ দিয়ে। অৱশ্যে মুকেশ কুমাৰৰ বলৰ চিকাৰ হয় ঈশান।

ঈশানৰ উপৰি অধিনায়ক ঋতুৰাজ গাইকোড় আৰু ছাই সুদৰ্শনেও উল্লেখযোগ্য বৰঙণি যোগায়। দুয়ো ক্ৰমে ৪৬ আৰু ৪৩ ৰান কৰে। আনহাতে ভাৰত ‘বি’ দলৰ হৈ মুকেশ কুমাৰে ৩টা উইকেট দখল কৰে।

ইফালে আন এখন মেচ অনুষ্ঠিত হয় ভাৰত ‘এ’ আৰু ‘ডি’ দলৰ মাজত। পোনতে বেট ধৰি ভাৰত ‘এ’ দলে প্ৰথম দিনাৰ অন্তত ৮টা উইকেট হৰুৱাই ২৮৮ ৰান সংগ্ৰহ কৰে। অৱশ্যে কাইলৈ পুনৰ ইনিংছ আৰম্ভ কৰিব দলটোৱে। সুযোগৰ সদ্ব্যহাৰত পুনৰ ব্যৰ্থ হয় অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ানে ৩৭ ৰান কৰিয়েই দেৱদত্ত পাডিকলৰ হাতত কেচ দি অৰ্শদীপৰ বলত পেভিলিয়নমুখী হয়।