নিশালৈ ডাৱল ধামাকাঃ EUROত স্পেইন বনাম ক্ৰোৱেছিয়া আৰু ইটালী বনাম আলবেনিয়া 
ক্রীড়া-জগত

নিশালৈ ডাৱল ধামাকাঃ EUROত স্পেইন বনাম ক্ৰোৱেছিয়া আৰু ইটালী বনাম আলবেনিয়া

৬-৩০ বজাৰ পৰা চলি আছে হাংগেৰী আৰু ছুইজাৰলেণ্ডৰ মেচ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ জ্বৰত ক্ৰিকেট বিশ্ব আক্ৰান্ত হৈ থকাৰ সময়তে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ফুটবল মহাৰণ ইউৰো কাপ। আজি ইউৰো কাপৰ দ্বিতীয় দিনা অৰ্থাৎ আজি সন্ধিয়া ৬-৩০ বজাৰ পৰা হাংগেৰী আৰু ছুইজাৰলেণ্ডৰ মাজত ইতিমধ্যে মেচ অনুষ্ঠিত হৈছে। নিশালৈ আছে ডাৱল ধামাকা।

নিশা ৯-৩০ বজাত খেল পথাৰত মুখামুখী হ’ব ক্ৰোৱেছিয়া আৰু স্পেইন। ইয়াৰ পিছতে ১২-৩০ বজাত আছে  ডিফেণ্ডিং চেম্পিয়ন ইটালী আৰু আলেবেনিয়াৰ মেচ।

ক্ৰোৱেছিয়া আৰু স্পেইনৰ মাজৰ মেচখনৰ পূৰ্বে চৰ্চাত আছে স্পেইনৰ ২১ বছৰীয়া পেদ্ৰী। এই তৰুণ ফুটবলাৰগৰাকীয়েই ক্ৰোৱেছিয়াৰ বিৰুদ্ধে দলটোৰ মূল অস্ত্ৰ। দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাৰ বাবে খেল পথাৰৰ পৰা বাহিৰত আছিল যদিও আঘাতৰ পৰা মুক্ত হৈ তেওঁ দুভৰিৰ ছন্দ ঘূৰাই পাইছে পেদ্ৰীয়ে।

এসময়ত স্পেইনৰ মিডফিল্ডৰ দায়িত্ব চম্ভালা আন্দ্ৰেছ ইনিয়েষ্টা, জাভি, চাৰ্জিও বাস্কুৱেটছৰ সেই দায়িত্ব এইবাৰ বাৰ্চিলোনাৰ হৈ খেলা পেদ্ৰীৰ ওপৰতে পৰিছে। যোৱা ছিজনৰ ইউৰো কাপত এইগৰাকী ফুটবলাৰে স্পেইনৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাত্ৰ ১৮ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ফুটবলত নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি উজলি উঠা পেদ্ৰী এতিয়া স্পেইনৰ মূল অস্ত্ৰ।

অৱশ্যে ক্লাব ফুটবলত খেলাৰ দৰেই তেওঁক ৰক্ষণাত্মক মিডফিল্ডত হে খেলাব নে আক্ৰমণাত্মক মিডফিল্ডত খেলাব সেয়া হ’ব লক্ষ্যণীয়। দলীয় সকলো সতীৰ্থৰ মাজতে জনপ্ৰিয় পেদ্ৰীক লৈ সকলো আশাবাদী। আঘাতৰ পৰা মুক্ত হৈ প্ৰায় প্ৰতিদিনেই চমক দিছে তেওঁ।

স্পেইনে পেদ্ৰীক লৈ এইদৰে আশাবাদী হ’লেও পেদ্ৰীৰ বাবে এই মেচ বৰ সহজ নহ’ব। ক্ৰোৱেছিয়া দলটোত লুকা মড্ৰিছৰ উপৰিও আছে কোভাছিচ আৰু মাৰ্চেলো ব্ৰোজোভিচ। এইসকল তাৰকাৰ বিৰুদ্ধে যুঁজিব লাগিব পেদ্ৰীয়ে। ২০১৬ ত ইউৰো কাপত অন্তিম-১৬ ত স্পেইনে অতিৰিক্ত সময়ত বাহিৰ কৰিছিল ক্ৰোৱেছিয়াক। সেই মেচখনত পেদ্ৰীৰ আত্মঘাতী গ’ল বিতৰ্কৰ কাৰণ হৈ পৰিছিল।

ইফালে ডিফেণ্ডিং চেম্পিয়ন ইটালীয়ে এতিয়াও বিশ্বকাপৰ যোগ্যতা অৰ্জন কৰিব পৰা নাই। সেয়ে ইউৰো কাপ ইটালীৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে। ইউৰো কাপক নিজকে প্ৰমাণ কৰাৰ এক সুযোগ হিচাপে লৈছে ইটালীয়ে।

দলটোৰ বিৰুদ্ধে খেলিব আলবেনিয়া। এইবাৰৰ ইউৰো কাপ আলেবেনিয়াৰ দ্বিতীয়খন ইউৰোকাপ। সেয়ে স্বাভাৱিকতে মেচখনত ইটালীয়েই বহুতৰ বাবে ফেভাৰিট।