ক্রীড়া-জগত

জিম্বাবুৱেৰ প্ৰাক্তন অধিনায়ক হিথ ষ্ট্ৰিকৰ দেহাৱসান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জিম্বাবুৱেৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হিথ ষ্ট্ৰিকৰ দেওবাৰে পুৱা নিজ বাসগৃহত দেহাৱসান হয়।তেওঁৰ পত্নী নাডিনে সামাজিক মাধ্যমৰ যোগেদি ৪৯ বছৰীয়া কিংবদন্তী খেলুৱৈগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে, দুসপ্তাহমানৰ আগতে ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ তেওঁৰ প্ৰাক্তন সতীৰ্থ হেনৰী অলংগাৰ জৰিয়তে সামাজিক মাধ্যমত  প্ৰকাশ পাইছিল। কিন্তু এই খবৰটো মিছা বুলি অলংগাই নিজেই স্পস্তীকৰণ দিয়াৰ পাছত জিম্বাবুৱেৰ প্ৰাক্তন অধিনায়কগৰাকী জীয়াই থকাৰ কথা অনুমান কৰা হৈছিল। অৱশ্যে এইবাৰ কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ খবৰ তেওঁৰ পত্নীয়ে নিশ্চিত কৰিছে।

তেওঁৰ পত্নী নাডিনে দেওবাৰে এক পোষ্টযোগে কয় যে, তেওঁৰ জীৱনৰ প্ৰেম আৰু তেওঁলোকৰ সন্তানৰ পিতৃ নিজ বাসগৃহৰ পৰা দেওবাৰে পুৱা পৰীৰ দেশলৈ গুছি গ’ল।

জিম্বাবুৱেৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জন ৰেনীয়েও সংবাদ মাধ্যমৰ আগত এই খবৰ নিশ্চিত কৰিছে। তেখেতে কয় যে, ৰাতিপুৱা মাটাবেলেলেণ্ডৰ নিজ বাসগৃহত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ পৰিয়াল আৰু আপোনস্বজন তেওঁৰ লগতে আছিল। কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত তেওঁৰ শান্তিপূৰ্ণ মৃত্যু হয়।

দীৰ্ঘদিন ধৰি লিভাৰ কেন্সাৰৰ সৈতে যুঁজি থকা হিথ ষ্ট্ৰিক নিজৰ সময়ৰ এক অন্যতম  ক্ৰিকেটাৰ হিচাপে জিম্বাবুৱেক প্ৰতিনিধিত্ব কৰি ৬৫খন টেষ্ট, ১৮৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ফৰ্মেটসমূহৰ মাজেৰে নিজৰ দেশৰ হৈ ৪৯৩৩ ৰান অৰ্জন কৰাৰ লগতে ৪৫৫টা উইকেট দখল কৰিছিল।

ষ্ট্ৰিক জিম্বাবুৱেৰ একমাত্ৰ খেলুৱৈ যাৰ নামত এতিয়াও টেষ্ট শৃংখলা আৰু এদিনীয়া দুয়োটা ফৰ্মতে ২০০০তকৈ অধিক ৰাণ আৰু ২০০তকৈ অধিক  উইকেট দখলৰ অভিলেস আছে। তেওঁৰ কেইবাটাও অভিলেখে এতিয়াও কেৱল জিম্বাবুৱেতে নহয়, সমগ্ৰ বিশ্বতে ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰে।