ক্রীড়া-জগত

এচিয়া কাপ ২০২৩ৰ ভাৰতীয় দল গঠন সন্দৰ্ভত প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  সোমবাৰে বি চি চি আয়ে সমাগত এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে। ঘোষিত দলটোত ৩গৰাকীকৈ বাঁওহতীয়া বেটছমেনক অন্তৰ্ভুক্ত কৰাক লৈ অনুৰাগী আৰু বিশেষজ্ঞ উভয়ৰে মাজত নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে প্ৰতিক্ৰিয়াৰ মাজতে প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে এই ধাৰণাক সম্পূৰ্ণৰূপে উলাই কৰি কয় যে, এছিয়া কাপ আৰু আইচিচি বিশ্বকাপ ২০২৩ৰ আগত খেলুৱৈৰ সংখ্য়াৰ ওপৰত নহয় গুণগত মানৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ লগতে কয় যে খেলুৱৈসকলক বাছনি কৰাতে তেওঁলোকৰ গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া উচিত।

তৰুণ খেলুৱৈ তিলক বৰ্মাৰ বাছনি সন্দৰ্ভত গৌতম গম্ভীৰে কয় যে, যদি তেওঁক বাছনি কৰা হৈছে  তেন্তে অৱশ্যেই তেওঁ কেইখনমান মেচ খেলিবলৈ পোৱা উচিত। আনহাতে যদি তেওঁ আন বেটাৰতকৈ ভাল প্ৰদৰ্শন কৰে, তেন্তে নিশ্চিতভাৱে তেওঁক দলত স্থান দিয়া উচিত। কাৰণ খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মানদণ্ড অতি গুৰুত্বপূৰ্ণ।

লগতে গম্ভীৰে কয় যে, বেটাৰজন বাওঁহাতৰ নে সোঁহাতৰ সেইয়া প্ৰয়োজনীয় নহয় আৰু দলটোত ৩জন বাওঁহতীয়া বেটাৰৰ সন্দৰ্ভত কৰা বিতৰ্ক অপ্ৰয়োজনীয় বুলি মন্তব্য কৰে। খেলুৱৈজনে প্ৰতিটো অৱস্থাতে আৰু প্ৰতিজন বলাৰৰ বিৰুদ্ধে কেনেদৰে প্ৰদৰ্শন কৰে সেইটোহে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।

তেওঁ লগতে কয় যে, ভাল ফৰ্মত থকা খেলুৱসকলক দলত লোৱা উচিত। কেৱল তিলক বৰ্মাই নহয়, যদি শ্ৰেয়াছ আয়াৰ বা কে এল ৰাহুলৰ ফৰ্ম ভাল, তেন্তে তেওঁলোককো বাছনি কৰা উচিত। বাওঁহাতৰ খেলুৱৈৰ প্ৰয়োজনীয়তাৰ বিতৰ্ক সন্দৰ্ভত তেওঁ কয় যে, বাওঁহাতৰ খেলুৱৈ এজনক দলত ৰাখিব লাগিব বা লাইন আপত তিনিজন বাওঁহাতৰ খেলুৱৈ থাকিবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই।