মাইম বিস্ফোৰণত হেৰুৱাইছিল ভৰিঃ পেৰা অলিম্পিকত জয় কৰিলে ব্ৰঞ্জৰ পদক... 
ক্রীড়া-জগত

মাইম বিস্ফোৰণত হেৰুৱাইছিল ভৰিঃ পেৰা অলিম্পিকত জয় কৰিলে ব্ৰঞ্জৰ পদক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ বাবে কিবা এটা কৰাৰ যিসকল লোকলৰ অদম্য হেঁপাহ থাকে সেইসকল লোকক কোনেও বাধা দিব নোৱাৰে। তেওঁলোকৰ সন্মুখত গুলী, বাৰুদেও হাৰ মানিবলৈ বাধ্য হয়।

হোকাটো হোটোঝেৰ কাহিনীয়ে এতিয়া এই কথাকেই প্ৰমাণ কৰিছে। ১৯৮৩ চনৰ ২৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা নাগালেণ্ডৰ এইগৰাকী ব্যক্তিক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে।

হোকাটোৱে পেৰিছত চলি থকা পেৰা অলিম্পিকত ইতিমধ্যে জয় কৰিছে ব্ৰঞ্জৰ পদক। এইগৰাকী হোকাটো এসময়ত ভাৰতীয় সেনাত কৰ্মৰত আছিল। কিন্তু ২০০২ চনত সংঘটিত হোৱা এক দুৰ্ঘটনাই তেওঁৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে।

এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা হোকাটোৱে ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত ২০০২ ত এল অ’ চিত কৰ্তব্যৰত অৱস্থাতে হোৱা মাইম বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল। তেওঁ হেৰুৱাইছিল বাওঁ ভৰিখন।

দেশ সেৱা কৰিবলৈ গৈ পংগুত্বক আকোৱালি ল’বলগীয়া হোৱা হোকাটোৱে হাৰ নামানিলে। জীৱনটোক এটা নতুন গতি দিবলৈ, অন্যধৰণে দেশক সেৱা কৰিবলৈ বাচি ল’লে এইবাৰ খেল।

সেই সিদ্ধান্তই আজি তেওঁক এগৰাকী সফল পেৰা অলিম্পিয়ান হিচাপে স্বীকৃতি দিয়াই নহয়, দেশকো গৌৰৱান্বিত কৰোৱালে। চলিত পেৰা অলিম্পিকত হোকাটোৱে শ্বট পুতত ব্ৰঞ্জৰ পদক জয় কৰিছে।

পুৰুষৰ এফ ৫৭ কেটেগৰীত ১৪.৬৫ মিটাৰ থ্ৰ’ কৰি তেওঁ এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেচখনত সোণৰ পদক অৰ্জন কৰে ইৰাণৰ ইয়াছিন খোস্ৰাভিয়ে। ৰূপৰ পদক জয় কৰিছে ব্ৰাজিলৰ থিয়াগো ডছ চেণ্টুছে।

ইয়াৰ পূৰ্বে ২০২২ ত এছিয়ান পেৰা অলিম্পিক গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল হোকাটোৱে। মৰক্কো গ্ৰাপিত লাভ কৰিছিল ৰূপৰ পদক। ২০২৪ চনৰ বিশ্ব পেৰা চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থস্থান লাভ কৰিছিল।

চুবুৰীয়া নাগালেণ্ডৰ এই পেৰা খেলুৱৈগৰাকীৰ এই খবৰে এতিয়া দেশবাসীক গৌৰৱান্বিত কৰিছে। সমান্তৰালকৈ চৰ্চালৈ আহিছে তেওঁৰ সৈতে হোৱা ২০০২ ৰ মাইম বিস্ফোৰণৰ সেই কাহিনী।