ক্রীড়া-জগত

প্ৰকাশ পালে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচীঃ স্থান নাপালে গুৱাহাটীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটৰ অভিভাৱক সংস্থা আই চি চিয়ে প্ৰকাশ কৰিলে বিশ্বকাপ-২০২৩ৰ সময়সূচী। মঙলবাৰে সংস্থাটিয়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ খেলৰ সময়,স্থান আদি সামৰি প্ৰকাশ কৰে সময়সূচী।

চলিত বৰ্ষৰ ৫ অক্টোবৰৰ পৰা হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ আয়োজক দেশ ভাৰত। ৫ অক্টোবৰৰ পৰা ১৯ নবেম্বৰলৈকে ৪৬ দিন ধৰি চলিব লগা বিশ্বকাপৰ খেলসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ ১০খন চহৰত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে ২০১৯ বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰানাৰ্ছ-আপ নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব বিশ্বকাপৰ প্ৰথমখন মেচ। এই উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব আহমেদাবাদত ।

ইফালে আয়োজক ভাৰতে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ৫ অক্টোৰত। চেন্নাইত হ'বলগীয়া এই মেচখনত ভাৰত মুখামুখী হ'ব অষ্ট্ৰেলিয়াৰে। আনহাতে ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত মুখামুখী হ'ব চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে। হাইভ'ল্টেজ এই মেচখনৰ বাবে এতিয়াৰে পৰা আৰম্ভ হৈছে চৰ্চা।

উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাই অসমত এইবাৰ অন্তত ২ খন বিশ্বকাপৰ মেচ আয়োজনৰ বিষয়ে বি চি চি আইক আৱেদন কৰিছিল। বিশেষকৈ যোৱা সময়ছোৱাত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় টি-২০, এদিনীায়া আৰু দুখনকৈ আই পি এলৰ মেচ সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত বি চি চি আইয়েও গুৱাহাটীত বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিব বুলি আশা কৰা হৈছিল।

কিন্তু আজি প্ৰকাশ পোৱা সূচীত গুৱাহাটীয়ে স্থান লাভ নকৰিলে। ইয়াৰ বিপৰীতে গুৱাহাটীত কেৱল মাত্ৰ ২ খন ৱাৰ্ম আপ মেচহে অনুষ্ঠিত কৰাৰ সুযোগ দিলে। ঘৰৰ মাটিত বিশ্বকাপৰ মেচ উপভোগ কৰা অসমৰ ক্ৰিকেট অনুৰাগীসকলক যে বি চি চি আইয়ে বিমুখ কৰিলে।

চাওঁক সম্পূৰ্ণ সময়সূচীখন