ক্রীড়া-জগত

শীৰ্ষস্থান অক্ষুন্ন সূৰ্যকুমাৰ যাদৱৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আই চি চি টি-২০ বেটিং তালিকাত শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱে। শেহতীয়াকৈ আই চি চিয়ে প্ৰকাশ কৰা বেটিং ৰেংকিঙৰ তালিকাত সূৰ্যকুমাৰৰ লগতে যশস্বী জয়ছোৱালেও স্থান লাভ কৰিছে।

প্ৰথম দহগৰাকী বেটাৰৰ ভিতৰত জয়ছোৱালে ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে অলৰাউণ্ডাৰৰ তালিকাৰ অষ্টম স্থানত আছে হাৰ্ডিক পাণ্ডিয়া।

ইফালে বলাৰৰ তালিকাত উন্নীত হৈছে অক্ষৰ পেটেল, অৰ্শদীপ সিং আৰু ৰবি বিষ্ণই। পূৰ্বৰ চতুৰ্থ স্থানৰ পৰা এধাপ আগুৱাই তৃতীয় স্থান অধিকাৰ কৰিছে অক্ষৰ পেটেলে। আগেয়ে ষষ্ঠ স্থানত থকা ৰবি বিষ্ণই পঞ্চম স্থানলৈ উন্নীত হৈছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে আসন্ন টি-২০ বিশ্বকাপত শীৰ্ষস্থানৰেই খেলিব সূৰ্যকুমাৰ যাদৱে। শেহতীয়া প্ৰদৰ্শনৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে বিশ্বকাপত উজলি উঠাৰ সম্ভাৱনা আছে সূৰ্যৰ।