ক'ত হ'ব ICC মহিলা টি-২০ বিশ্বকাপ? অস্থিৰ বাংলাদেশৰ বিকল্পৰ সন্ধান... 
ক্রীড়া-জগত

ক'ত হ'ব ICC মহিলা টি-২০ বিশ্বকাপ? অস্থিৰ বাংলাদেশৰ বিকল্পৰ সন্ধান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তিত আই চি চি। দেশখনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আই চি চি মহিলা টি-২০ বিশ্বকাপক লৈ সৃষ্টি হৈছে অনিশ্চয়তা।

দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছে যদিও এই পৰ্যন্ত দেশখন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। অহা অক্টোবৰ মাহৰ ৩ তাৰিখৰ পৰা বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল মহিলাৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখন।

২০ অক্টোবৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাখনত ভাগ ল'বলৈ দলসমূহ ছেপ্টেম্বৰৰ অন্তিম সপ্তাহৰ পৰাই দেশখনত উপস্থিত হোৱাৰ কথা। কিন্তু বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিৱেশে এতিয়া এই প্ৰতিযোগিতাখনলৈ অনিশ্চয়তা নমাই আনিছে।

মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ মেচসমূহ ছিলেট আৰু ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সূচী তৈয়াৰ কৰা হৈছিল। বাংলাদেশৰ সাম্প্ৰতীক পৰিস্থিতিত এতিয়া এই প্ৰতিযোগিতা দেশখনত অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় আই চি চি।

সেয়ে আই চি চিয়ে প্ৰতিযোগিতাখনৰ বিকল্প স্থানৰ সন্ধানত নামিছে। বি চি চি আইলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আহিছিল যদিও সচিব জয় শ্বাহে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। কিয়নো আগন্তুক বৰ্ষত ভাৰতে মহিলাৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে।

অতি কম সময়ৰ ভিতৰত দুখনকৈ আই চি চিৰ মেগা টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় বি চি চি আই। ইয়াৰ পাছত বাংলাদেশৰ বিকল্প হিচাপে চৰ্চালৈ আহিছে শ্ৰীলংকা আৰু ইউ এ ই। আই চি চিয়ে মূলতঃ মহিলা ক্ৰিকেটাৰসকলৰ নিৰাপত্তাৰ দিশটোক গুৰুত্ব দি এই চিন্তা চৰ্চা অব্যাহত ৰাখিছে।

অৱশ্যে বাংলাদেশ ক্ৰিকেট ব'ৰ্ড প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পক্ষপাতী। দেশখনৰ ক্ৰিকেট ব'ৰ্ডে এই মেগা টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিৰাপত্তাৰ সকলো দিশ চোৱাচিতা কৰিবলৈ দেশখনৰ সেনা প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে।

দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰেও এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰো কাষ চাপিব বুলি জনাইছে। অৱশ্যে এতিয়ালৈকে আই চি চিয়ে এই সন্দৰ্ভত কোনো সিদ্ধান্তই গ্ৰহণ কৰা নাই।