ক্রীড়া-জগত

ICC বিশ্বকাপ ২০২৩ঃ নিউজিলেণ্ডৰ হাতত পৰাস্ত নেডাৰলেণ্ড বাহিনী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ষষ্ঠখন মেচত সোমবাৰে সমুখ-সমৰত নামিছিল নেডাৰলেণ্ড আৰু নিউজিলেণ্ড দল। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ এই মেচত ৯৯ ৰাণৰ ব্যৱধানত পৰাস্ত হয় নেডাৰলেণ্ড বাহিনী।

উল্লেখ্য যে, প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ৭ উইকেট হেৰুৱাই ৩২২ ৰাণ সংগ্ৰহ কৰি নেডাৰলেণ্ডৰ সন্মুখত ৩২৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। আনহাতে নেডাৰলেণ্ডৰ খেলুৱৈসকলে ২২৩ ৰাণ সংগ্ৰহ কৰি ৪৬.৩ অভাৰতে খেল সামৰিব লগীয়া হয়।