দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ৰাণৰ বৰষুণঃ স্মৃতি, হৰমনপ্ৰীতৰ শতক অৰ্জন... 
ক্রীড়া-জগত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ৰাণৰ বৰষুণঃ স্মৃতি, হৰমনপ্ৰীতৰ শতক অৰ্জন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দ্বিতীয়খন মেচত টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৰ অধিনায়কগৰাকীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সিদ্ধান্তই দলটোৰ বাবে বিপদজনক হৈ পৰিল। প্ৰথমে বেটিং কৰি দুই ভাৰতীয় বেটছমেন স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰে শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে। এই দুই বেটছমেনৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতে আলহী দলটোৰ সন্মুখত থিয় কৰিছে ৩২৬ ৰাণৰ লক্ষ্য।

প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলটোৱে কৰিলে ৩০০ ৰো অধিক ৰাণ

ভাৰতীয় মহিলা দলটোৱে প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত এদিনীয়াত ৩০০ ৰো অধিক ৰাণ কৰিবলৈ সক্ষম হৈছে। আজিৰ মেচখনত ভাৰতীয় দলটোৱে কৰে ৩২৫ ৰাণ। ইয়াৰ পূৰ্বে ২০০৪ চনত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ভাৰতে কৰা ২৯৮ ৰাণৰ ইনিংছটোৱেই আছিল ভাৰতীয় মাটিত খেলা সৰ্বাধিক ৰাণৰ ইনিংছ। আজি স্মৃতি মান্ধানা আৰু কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতীয় দলটোৱে নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

এদিনীয়া ক্ৰিকেটত গঢ়িলে তৃতীয় সৰ্বাধিক ৰাণৰ ৰেকৰ্ড

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই দ্বিতীয়খন এদিনীয়া মেচত ভাৰতীয় মহিলা দলটোৱে কৰা ৩২৫ ৰাণৰ ইনিংছটোৱে আন এক ৰেকৰ্ডো গঢ়িবলৈ সক্ষম হৈছে। ভাৰতীয় মহিলা ক্ৰিকেটৰ ইতিহাসত ৩২৫ ৰাণৰ এই ইনিংছটো তৃতীয় বৃহৎ স্ক’ৰ হিচাপে পৰিগণিত হৈছে।

ভাৰতৰ এতিয়ালৈকে সৰ্বাধিক স্ক’ৰ হৈছে ৩৫৮ ৰাণ। ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে কৰিছিল এই স্ক’ৰ। ইয়াৰ পাছত ২০২২ ত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে কৰে ৩৩৩ ৰাণ। এই ইনিংছটো আছিল দ্বিতীয় সৰ্বাধিক ৰাণৰ ইনিংছ। 

স্মৃতি মান্ধানাই পুনৰ কৰিলে ১৩৬ ৰাণ

এম চিন্নাস্বামী ষ্টেডিয়ামত আজিৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচত ভাৰতৰ হৈ স্মৃতি মান্ধানাই ১৩৬ ৰাণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে শৃংখলাৰ প্ৰথমখন মেচতো স্মৃতিৰ বেটৰ পৰা আহিছিল শতকীয় ইনিংছ।

আজিৰ মেচখনত পুনৰ শতক অৰ্জন কৰাত এয়া হৈ পৰিল স্মৃতিৰ কেৰিয়াৰৰ সপ্তমটো শতক। এদিনীয়া ক্ৰিকেটত ইয়াৰ লগে লগে স্মৃতি মান্ধানা আৰু মিথালী ৰাজৰ শতকৰ সংখ্যাও সমান হৈ পৰিল। আনহাতে হৰমনপ্ৰীত কৌৰৰ বেটৰ পৰা আহে ১০৩ ৰাণ। ইয়াৰোপৰি ৰিছা ঘোষে ১৩ বলত ২৫ ৰাণ কৰে।