ক্রীড়া-জগত

বিৰাট, গীল, পণ্ট-শ্ৰেয়াছ ব্যৰ্থ : শ্ৰীলংকাৰ বিৰুদ্ধে নিৰ্ণায়ক মেচত পৰাস্ত টীম ইণ্ডিয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক : পৰাজয়ৰ পোতক তুলিলে ঘৰুৱা দল শ্ৰীলংকাই। টীম ইণ্ডিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱাৰ পাছত এদিনীয়া শৃংখলাত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দলটোৱে।

উল্লেখ্য যে তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অমিমাংসিতভাৱে সমাপ্ত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত বাকী দুখনত মেচত জয়লাভ কৰি শৃংখলা দখল কৰে ঘৰুৱা দলটোৱে।

বুধবাৰে অনুষ্ঠিত নিৰ্ণায়ক মেচখনত অনাসয়ে জয়ী হয় শ্ৰীলংকা। ১১০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ভাৰতক।

উল্লেখযোগ্য যে পোনতে বেট ধৰি ঘৰুৱা দলটোৱে জয়ৰ বাবে ভাৰতক ২৪৯ ৰান লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ২৬.১ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৮ ৰান কৰি সহজে আত্মসমৰ্পণ কৰে।

আজিৰ মেচখনত চূড়ান্তভাৱে ভাৰতীয় বেটাৰসকল ব্যৰ্থ হয়। বিৰাট কোহলি, শুভমন গীল, ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰৰ দৰে বেটাৰসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। কোনো এজন বেটাৰে ধৈৰ্য্যসহকাৰে দলৰ ইনিংছ আগুৱাই নিবলৈ সক্ষম নহ’ল।

অৱশ্যে ইয়াৰ বিপৰীতে বলাৰসকল উজলি উঠে। আজিৰ মেচৰ জৰিয়তে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা অসম সন্তান ৰিয়ান পৰাগে দলৰ হৈ সৰ্বাধিক ৩টা উইকেট দখল কৰে।

অৱশ্যে বেটিঙত সফল হ’ব নোৱাৰিলে তেঁও। ১৫ ৰান কৰিয়েই পেভিলিয়নমুখী হয় অসম সন্তানগৰাকী।

তাৰোপৰি মহম্মদ ছিৰাজ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱে ১টাকৈ উইকেট দখল কৰে।