ক্রীড়া-জগত

ৰোহিত-যশস্বী-কোহলিৰ অৰ্ধশতকৰে ভাৰতৰ ২৮৮ ৰান : পুনৰ ব্যৰ্থ শুভমন গীল

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক শৃংখলাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয়খন টেষ্ট মেচ। প্ৰথমখন মেচত দুৰ্দান্ত বিজয় সাৱ্যস্ত কৰি প্ৰবল আত্মবিশ্বাসৰে দ্বিতীয় তথা শৃংখলাৰ অন্তিমখন টেষ্ট মেচত অৱৰ্তীৰ্ণ হৈছে ভাৰতীয় ক্ৰিকেট দল।

এই মেচখনৰ প্ৰথম দিনাই ভাৰতে শক্তিশালী ভেটি গঢ়ি তোলে। প্ৰথম দিনাৰ অন্তত ভাৰতে ৪ উইকেটৰ বিনিময়ত ২৮৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত শৰ্মা ৮০,যশস্বী জয়ছোৱাল ৫৭ ৰানেৰে অৰ্ধশতক অৰ্জন কৰে।

আনহাতে বিৰাট কোহলিয়ে ৮৭ ৰানত বেটিং কৰি আছে। অৱশ্যে পুনৰ ব্যৰ্থ হয় শুভমন গীল। প্ৰথম ইনিংছত তেওঁ ১০ ৰান কৰি বিদায় লয়।

আনহাতে শৃংখলাৰ দ্বিতীয়খন মেচত বিৰাট কোহলি অৱৰ্তীৰ্ণ হোৱাৰ পিচতে ৫০০খন আন্তৰ্জাতিক মেচ খেলাৰ কৃতিত্ব অৰ্জন কৰে। উল্লেখ্য যে পূৰ্ণাংগ শৃংখলা খেলাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ গৈছে ভাৰতীয় ক্ৰিকেট দলটো।