ক্রীড়া-জগত

পদক জয়েৰে 'এছিয়ান গেমছ-২০২৩'ৰ আৰম্ভণী ভাৰতৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছ ২০২৩ত প্ৰথম দিনাই পদক জয়েৰে যাত্ৰা আৰম্ভ কৰে ভাৰতে। শতাধিক পদক জয়ৰ লক্ষ্যৰে এছিয়ান গেমছত ভাগ লোৱা দলটোৱে প্ৰথম দিনাই দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ৰমিতা, মেহুলী ঘোষ, আশী চৌকছেই ভাৰতৰ প্ৰথমটো পদক ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙে ৬:২৮.১৮ ছেকেণ্ডৰ সময়েৰে ৰ’ইং লাইটৱেট পুৰুষৰ ডাবল স্কালত ভাৰতৰ বাবে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে।

ইফালে ভাৰতৰ মহিলা ক্ৰিকেট দলৰ দুৰ্দান্ত প্ৰদৰ্শনেও ভাৰতক পদক দখলৰ দিশে আগুৱাই নিছে । আনহাতে পুৰুষৰ চাংকুৱান (উছু)ত ভাৰতৰ সুৰজ সিং মায়াংলম্বম (৯.৭৩০) আৰু অঞ্জুল নামদেও (৯.৭১০)য়ে ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰে।