ভাৰত-শ্ৰীলংকাৰ আজি প্ৰথমখন টি-২০ঃ স্থান লাভ কৰিবনে ৰিয়ানে?  
ক্রীড়া-জগত

ভাৰত-শ্ৰীলংকাৰ আজি প্ৰথমখন টি-২০ঃ স্থান লাভ কৰিবনে ৰিয়ানে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা শ্ৰীলংকাৰ পাল্লিকেলত ভ্ৰমণকাৰী ভাৰত আৰু ঘৰুৱা দল শ্ৰীলংকাৰ মাজত আৰম্ভ হ'ব প্ৰথমখন টি-২০ মেচ। বহু কেইটা কাৰণত আজিৰ এই মেচখন হৈ পৰিব বিশেষ।

একালৰ বিশ্বকাপ জয়ী ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে এইখনেই হ'ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ। সেইদৰেই সকলো চৰ্চাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া, শুভমণ গীলৰ পৰিৱৰ্তে সূৰ্য কুমাৰ যাদৱক টি-২০ দলটোৰ নেতৃত্ব দিয়া হৈছে।

ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত মূলতঃ যুৱ ক্ৰিকেটাৰক লৈয়ে গঠন কৰা এই দলটোক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল। যিহেতু জিম্বাৱে'ৰ বিৰুদ্ধে খেলা ৫ খন টি-২০ৰ ৪ খনতে বিজয় সাব্যস্ত কৰি যুৱ ক্ৰিকেটাৰসকল আত্মবিশ্বাসী হৈ আছে সেয়ে শ্ৰীলংকাৰ বিৰুদ্ধেও ৩ খন টি-২০ৰ শৃংখলাৰ প্ৰথমখন মেচেই বিজয়েৰে আৰম্ভ কৰিব বিচাৰিব ভাৰতীয় দলটোৱে।

জিম্বাৱেৰ বিৰুদ্ধে খেলা ভাৰতীয় দলটোতকৈ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া দলটো স্বাভাৱিকতে অধিক শক্তিশালী আৰু অনুভৱী। দলটোত আছে কেইবাজনো অভিজ্ঞ খেলুৱৈ। সেয়ে এই দলটোক লৈ সকলো আশাবাদী।

ইফালে অধিনয়াক সূৰ্য কুমাৰ যাদৱ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কিদৰে মূল একাদশ গঠন কৰে সেয়াও হ'ব লক্ষ্যণীয়। মেচখনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে মূল একাদশ গঠন কৰাটোৱেই দুয়োৰে বাবে হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ।

অপেনাৰ হিচাপে যশস্বী জয়ছোৱাল আৰু শুভমণ গীল প্ৰায় নিশ্চিত যদিও বাকী কেইটা স্থানক লৈ যথেষ্ট প্ৰতিদ্বন্দিতা চলিব। বিশেষকৈ উইকেট কীপাৰ হিচাপে কাক প্ৰাধান্য দিয়ে সেয়া হ'ব লক্ষ্যণীয়।

কিয়নো উইকেট কীপাৰ হিচাপে দলটোত আছে বিশ্বকাপ জয়ী ঋষভ পণ্ট আৰু সঞ্জু ছেমছন। বিশ্বকাপত সঞ্জুৱে এখনো মেচ খেলিব নোৱাৰিলে যদিও জিম্বাৱে' ভ্ৰমণৰ সময়ত তেওঁ তিনিখন মেচ খেলিছিল।

সেইদৰেই দলটোত মিডল অৰ্ডাৰত কোনে কোনে স্থান পায় সেয়াও হ'ব লক্ষ্যণীয়। অসমৰ ক্ৰিকেট অনুৰাগীসকলে ৰিয়ানক মূল একাদশত চাবলৈ বিচাৰিছে। যদিহে মূল একাদশত ৰিয়ানে স্থান লাভ কৰে তেন্তে কাৰ স্থানত তেওঁক দলত স্থান দিব সেয়াও হ'ব লক্ষ্যণীয়।

কিয়নো ৩ নম্বৰৰ পৰা যদি ক্ৰম অনুসৰি বেটিং লাইন আপ চোৱা যায় তেন্তে অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ উপৰিও ৰিংকু সিং, ঋষভ নতুবা সঞ্জু, শিৱম ডুবে আদিৰে ভৰি আছে। তাৰোপৰি আছে হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেলো। অৱশ্যে দলত কোনে স্থান লাভ কৰিব সেয়া অধিনায়ক সূৰ্য আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ওপৰতেই নিৰ্ভৰ কৰিব। মেচখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব।