৪০০ উইকেটৰ ক্লাবত বুমৰাহঃ ১৪৯ ৰাণতে ইনিংছ সামৰিলে বাংলাদেশে... 
ক্রীড়া-জগত

৪০০ উইকেটৰ ক্লাবত বুমৰাহঃ ১৪৯ ৰাণতে ইনিংছ সামৰিলে বাংলাদেশে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চেন্নাইত চলি থকা ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত এক বিশেষ মাইলষ্ট'নত উপনীত হৈছে বেগী বলাৰ যশপ্ৰীত বুমৰাহ। প্ৰথম ইনিংছত বুমৰাহে চাৰিটা উইকেট দখল কৰাৰ লগে লগে প্ৰবেশ কৰিলে ৪০০ উইকেটৰ ক্লাবত।

তেওঁ ভাৰতৰ দশমগৰাকী ক্ৰিকেটাৰ হিচাপে এই মাইলষ্ট'নত উপনীত হৈছে। বেগী বলাৰসকলৰ ভিতৰত এই সাফল্য অৰ্জন কৰা ষষ্ঠগৰাকী বলাৰ। ইয়াৰ পূৰ্বে আন্তৰ্জাতিক ক্ৰিকেটত ৪০০ বা তাতোধিক উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰসকল ক্ৰমে অনিল কুম্বলে (৯৫৩), ৰবিচন্দ্ৰন অশ্বিন (৭৪৪), হৰভজন সিং (৭০৭), কপিল দেৱ (৬৭৮), জাহিৰ খান (৫৯৭), ৰবীন্দ্ৰ জাডেজা (৫৭০), জাভাগল শ্ৰীনাথ (৫৫১), মহম্মদ ছামি (৪৪৮), ইশান্ত শৰ্মা (৪৩৪)।

বুমৰাহে এই পৰ্যন্ত ৭০ টা টেষ্ট ইনিংছত ১৬৩ টা, ১৪৯ খন এদিনীয়াত ১৪৯ টা আৰু ৬৯ খন টি-২০ ত ৮৯ টা উইকেট অৰ্জন কৰিছে। উল্লেখ্য যে, চেন্নাইৰ এম এ চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা টেষ্টখনত ভাৰতে প্ৰথমে ৩৭৬ ৰাণ কৰে।

ইয়াৰ পিছত বেটিং কৰিবলৈ আহি বাংলাদেশী দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৪৯ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই। বুমৰাহে ১১ অভাৰ বল কৰি এটা মেইডেনসহ ৫০ ৰাণত ৪ টা উইকেট লাভ কৰে।

আকাশদ্বীপ ৫ অভাৰ বল কৰি মাত্ৰ ১৯ ৰাণ ব্যয় কৰি লাভ কৰিছে ২ টা উইকেট। ৰবীন্দ্ৰ জাডেজাই ৮ অভাৰ বল কৰি ২ অভাৰ মেইডেনসহ ১৯ ৰাণ ব্যয় কৰি ২ টা উইকেট দখল কৰিছে। মহম্মদ ছিৰাজে ১০.১ অভাৰ বল কৰি এটা মেইডেনসহ ৩০ ৰাণ ব্যয় কৰি লাভ কৰিছে ২ টা উইকেট।

বাাংলাদেশৰ হৈ নাজমুল হুছেইনে ২০, ছাকিব অল হাছানে ৩২, লিটন দাসে ২২ আৰু মেহদি হাছান মিৰাজে ২৭ ৰাণ কৰে। টেষ্টখনত ফ'ল'অনৰ সুযোগ আছিল যদিও ভাৰতে দ্বিতীয় ইনিংছৰ বাবে বেটিং কৰিবলৈ ক্ৰিজত নামিছে। অৱশ্যে দ্বিতীয় ইনিংছৰ আৰম্ভণিতে পুনৰ ভাৰতৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে। দুই অপেনাৰ ক্ৰমে যশস্বী জয়ছোৱালে ১০ ৰাণ আৰু ৰোহিত শৰ্মাই ৫ ৰাণতে উইকেট হেৰুৱাইছে।