ভাৰত-শ্ৰীলংকাৰ আজি প্ৰথমখন এদিনীয়াঃ মূল একাদশ গঠনত প্ৰত্যাহ্বান... 
ক্রীড়া-জগত

ভাৰত-শ্ৰীলংকাৰ আজি প্ৰথমখন এদিনীয়াঃ মূল একাদশ গঠনত প্ৰত্যাহ্বান...

বিৰাট, গম্ভীৰৰ সম্পৰ্কক লৈ সৰ্বত্ৰে আলোচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন এদিনীয়া। টি-২০ শৃংখলাৰ তিনিওখন মেচতে বিজয় সাব্যস্ত কৰাৰ পাছতে ভৰাতে এদিনীয়া শৃংখলাও জয় কৰাৰ লক্ষ্যৰেই খেল পথাৰত নামিব। ইতিমধ্যে এদিনীয়া দলটোৰ জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে ভাৰতীয় দলটোত যোগদান কৰি অনুশীলন অব্যাহত ৰাখিছে।

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এই এদিনীয়া শৃংখলা কেইবাটাও কাৰণত আকৰ্ষণৰ কাৰণ হৈ পৰিছে। কিয়নো গৌতম গম্ভীৰ এই দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমখন এদিনীয়া। এই এদিনীয়া দলটোৰ অন্যতম সদস্য বিৰাট কোহলি।

বিৰাট আৰু গৌতম গম্ভীৰৰ মাজত আই পি এলত সৃষ্টি হোৱা বিবাদৰ পাছতে দুয়োৰে মাজৰ সম্পৰ্কক লৈ নানান সময়ত নানান ধৰণে খবৰ প্ৰকাশ পাই আহিছে। সেয়ে এই দুয়োজনক একেলগে খেল পথাৰত চাবলৈ উৎসুকতা বৃদ্ধি পাইছে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।

ইতিমধ্যে অনুশীলনৰ সময়ত গৌতম গম্ভীৰ আৰু বিৰাট কোহলিক একেলগে প্ৰত্যক্ষ কৰাৰ পাছতেই তেওঁলোকৰ সেই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিশেষকৈ প্ৰায় গহীন হৈ থকা গম্ভীৰক বিৰাটৰ সৈতে প্ৰাণখুলি হাঁহা দেখি তেওঁলোকৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে।

টি-২০ শৃংখলাত গম্ভীৰ আৰু অধিনায়ক সূৰ্য কুমাৰ যাদৱে ভাৰতৰ মূল দল গঠনত আৰু খেল পথাৰত জটিল পৰিস্থিতিৰ মাজতো যথেষ্ট সম্পৰীক্ষা চলোৱা দেখা গৈছিল। এদিনীয়া শৃংখলাতো সেই সম্পৰীক্ষা যে নচলিব তাৰ কোনো নিশ্চয়তা নাই।

ইতিমধ্যে অনুশীলনৰ সময়ত কেইবাজনো বেটছমেনকে বলিং কৰা দেখিবলৈ পোৱা গৈছে। ইফালে টি-২০ শৃংখলাত অলৰাউণ্ডাৰ হিচাপে ৰিয়ানে আগবঢ়োৱা প্ৰদৰ্শনে তেওঁক এদিনীয়া দলটোত স্থান দিব বুলিও চৰ্চা চলি আছে। সকলো ঠিকেই থাকিলে ৰিয়ানে আজিৰ এই মেচখনতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত আত্মপ্ৰকাশ কৰিব।

ইফালে উইকেট কীপৰ হিচাপে আজিৰ মূল একাদশত ঋষভ পণ্ট নে কে এল ৰাহুলক দলত অন্তৰ্ভুক্ত কৰে সেয়াও হ’ব লক্ষ্যণীয়। কিয়নো টি-২০ বিশ্বকাপত ঋষভ পণ্টে উইকেট কীপাৰ বেটছমেন হিচাপে দললৈ আগবঢ়োৱা অৱদান আছিল অতি গুৰুত্বপূৰ্ণ।

সেইদৰেই এদিনীয়া বিশ্বকাপত কে এল ৰাহুল হৈ পৰিছিল অদ্বিতীয়। উইকেটৰ পিছফালে ৰাহুল হৈ পৰিছিল এখন দেৱাল সদৃশ। এটাও বল তেওঁ এৰি দিয়া নাছিল। প্ৰতিটো বল তেওঁৰ হাতত সোমাইছিল।

অধিনায়ক ৰোহিতক ডি আৰ এছৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো কে এল ৰাহুলৰ সহযোগিতা আছিল অতি গুৰুতৰ। ৰাহুলৰ বেটৰ পৰাও আহিছিল যথেষ্ট ৰাণ। সেয়ে আজিৰ এদিনীয়াত এই দুই ক্ৰিকেটাৰৰ কোনে স্থান লাভ কৰে সেয়া হ'ব লক্ষ্যণীয়।

একেদৰে মিডল অৰ্ডাৰত ৰোহিত, গম্ভীৰে কাক ৰাখিব সেয়াও হ’ব লক্ষ্যণীয়। স্পীনাৰ আৰু বেগী বলাৰৰ ক্ষেত্ৰতো কোনে মূল একাদশত স্থান পাই তাৰ প্ৰতিও দৃষ্টি থাকিব ক্ৰিকেট অনুৰাগীৰ।

আজিৰ এই প্ৰথমখন এদিনীয় কলম্বোৰ আৰ প্ৰেমাদাচা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। দিনৰ ২-৩০ বজাৰ পৰা ছনি নেটৱৰ্কত মেচখন উপভোগ কৰিব পাৰিব।